ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Dec 5, 2021, 11:13 AM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ...

11 বজাৰ দহটা শীৰ্ষ সংবাদ-

Drugs Seized at Geetanagar : গীতানগৰত ড্ৰাগছসহ যুৱক কৰায়ত্ত

গীতানগৰ আৰক্ষীয়ে জু-ৰোড পথৰ পৰা ড্ৰাগছসহ এজন যুৱকক কৰায়ত্ত(Drugs Seized at Geetanagar) কৰে ৷ শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

Massive Fire at Kalgachia : অগ্নিকাণ্ডত জাহ গ’ল 20 খনকৈ বিপণী

বৰপেটা জিলাৰ কলগাছিয়াত শনিবাৰে নিশা প্ৰায় 2 বজাত সংঘটিত অগ্নিকাণ্ড(Massive Fire at Kalgachia) ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় অগ্নিকাণ্ড ৷

Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

নাগালেণ্ডত শনিবাৰে মাজনিশা উত্তপ্ত পৰিস্থিতি(Tension grips Nagaland) । নিৰাপত্তাৰক্ষীৰ গুলীচালনা(Security forces firing in Nagalnad) ত নিহত হয় 13 জনকৈ নগা যুৱক(13 civilians dead in firing incident in Nagaland) ৷ ঘটনাৰ প্ৰতিবাদস্বৰূপে গাঁওবাসীয়ে জ্বলাই দিয়ে নিৰাপত্তাৰক্ষীৰ বাহন ৷ অগ্নি সংযোগৰ ফলত এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ সন্দেহ ৷

CM on Review Meeting : অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগমক পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ

শনিবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি(CM on Review meeting on Loka Nirman Development at Janata_Bhawan) অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (Assam State Infrastructure Development Corporation Limited)ৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে ৷

75 Years of Independence: ভগত সিং, ন্যায়ৰ বাবে মাত্ৰ এটা গুলী মৰা বিপ্লৱীগৰাকী

ভগত সিং এগৰাকী স্বাধীনতা সংগ্ৰামী যিয়ে উঠি অহা প্ৰজন্মক অনুপ্ৰেৰণা যোগাই আহিছে । তেওঁৰ ত্যাগে সকলোকে অনুপ্ৰাণিত কৰি আহিছে (Bhagat Singh's sacrifice inspires every Indian)। তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মতে তেওঁ এজন যুৱক আছিল যিয়ে এখন সুন্দৰ পৃথিৱী চাব বিচাৰিছিল আৰু হিংসাৰ বাবে অনুশোচনা কৰিছিল ।

IAF Air Show : শ্বিলঙৰ উৰিয়াম হ্ৰদত সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত প্ৰদৰ্শন কৰে বিখ্যাত এয়াৰ শ্ব’ ৷ স্বৰ্নিম বিজয় বৰ্ষ( Swarnim Vijay Varsh) উদযাপন উপলক্ষে শনিবাৰে অনুষ্ঠিত হয় এই বিশেষ শ্ব’ ৷

দিনত 6 বাৰকৈ গো-ধোৱে পত্নীয়ে : বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ, তৰিলে গোচৰ

পত্নীৰ চাফ-চিকুন স্বভাৱৰ বাবেই বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ ৷ পত্নীয়ে দিনটোত 6 বাৰকৈ গা-ধোৱাৰ লগতে ঘৰৰ সকলো সামগ্ৰী যেনে লেপটপ, মোবাইল আদি ডিটাৰজেন্টেৰে পৰিস্কাৰ কৰা স্বভাৱত অতিষ্ঠ হৈ স্বামীয় থানাত তৰিলে গোচৰ ৷

Cyclone Jawad : অন্ধ্ৰ-ওড়িশাৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি

'জাৱাদ' ঘূৰ্ণীবতাহক লৈ আতংক অন্ধ্ৰ-ওড়িশাত (Cyclone Jawad hit Odisha and Andhra Pradesh)। দুয়োখন ৰাজ্যতে অধিক সষ্টম হৈছে প্ৰশাসন । কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি । প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ৷

TSR Jawan kills: সহকৰ্মীৰ গুলীত নিহত ত্ৰিপুৰা ৰাইফলছৰ দুজনকৈ জোৱান

ত্ৰিপুৰাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । সহকৰ্মীয়ে গুলীয়াই হত্যা কৰিলে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ দুগৰাকীকৈ শীৰ্ষ বিষয়াক (TSR jawan kills senior officials in Tripura)। মৃত জোৱানৰ পৰিয়াললৈ চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা ।

Happy Birthday Shikhar Dhawan : শীৰ্ষ ভাৰতীয় অপেনাৰগৰাকীৰ শ্ৰেষ্ঠ 5টা ইনিংছ

আজি শিখৰ ধাৱানৰ 36 বছৰীয়া জন্মদিন ৷ জন্মদিনৰ প্ৰাকমূহুৰ্তত খেলুৱৈগৰাকী "শীৰ্ষ পাঁচটা ইনিংছ" এবাৰ জুকিয়াই চাও আহক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.