ETV Bharat / bharat

Cyclone Jawad : অন্ধ্ৰ-ওড়িশাৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি

author img

By

Published : Dec 4, 2021, 1:23 PM IST

'জাৱাদ' ঘূৰ্ণীবতাহক লৈ আতংক অন্ধ্ৰ-ওড়িশাত (Cyclone Jawad hit Odisha and Andhra Pradesh)। দুয়োখন ৰাজ্যতে অধিক সষ্টম হৈছে প্ৰশাসন । কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি । প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ৷

Cyclone
ওড়িশাৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি

নেশ্যনেল ডেস্ক, ৪ ডিচেম্বৰ : দক্ষিণ ভাৰতৰ অন্ধ্ৰ প্ৰদেশকে ধৰি আন কেইবাখনো ৰাজ্যত ঘূৰ্ণীবতাহ 'জাৱাদ'ক লৈ আতংক (Panic over Cyclone Jawad) । অন্ধ্ৰ প্ৰদেশৰ লগতে ওড়িশাত জাৱাদক লৈ শংকিত হৈ পৰিছে ৰাইজ (Cyclone Jawad hit Odisha)। ওড়িশা চৰকাৰে শুকুৰবাৰে ঘূৰ্ণীবতাহ জাৱাদৰ সাম্ভাব্য তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ১৯ খন জিলাৰ বিদ্যালয় বন্ধ ঘোষণা কৰিছে । ওড়িশা উপকূলৰ লগতে পশ্চিমবংগৰ একাংশ উপকূলৰ দিশে আগবাঢ়িছে 'জাৱাদ' ৷

পৰৱৰ্তী ১২ ঘণ্টাত ওড়িশা উপকূলৰ উত্তৰ-পূৱ দিশত এই ঘূৰ্ণীবতাহে প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে ৷ শনিবাৰে বিয়লি ভাগলৈ এই 'জাৱাদ' পুৰী অভিমুখে আগবঢ়াৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । বিভাগৰ মতে, পুৰীৰ পৰা প্ৰায় ৪৩০ কিল’মিটাৰ দক্ষিণ-পশ্চিমত আৰু ভূমিস্খলন এলেকাৰ সমীপত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ৭৫-৮৫ কিল’মিটাৰ হোৱাৰ সম্ভাৱনা আছে ৷ কোনো কোনো এলেকাত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৯৫ কিল’মিটাৰ পৰ্যন্ত হোৱাৰ আশংকা কৰা হৈছে ।

অৱশ্যে ধাৰণা কৰাতকৈ 'জাৱাদ'ৰ প্ৰভাৱ কিছু কম হোৱাৰো সম্ভাৱনা আছে । তথাপিও এইক্ষেত্ৰত তৎপৰ হৈছে প্ৰশাসন । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গঞ্জাম, গজপতি, পুৰী আৰু জগতসিংপুৰ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট ।

তথ্য অনুসৰি, যোৱা ১২ ঘণ্টাত পাৰাদীপত সৰ্বাধিক ৬২ মিলিমিটাৰ বৰষুণ হৈছে ৷ আনহাতে, পুৰী আৰু ভূৱনেশ্বৰত ক্ৰমে ৪০ মিলিমিটাৰ আৰু ১০ মিলিমিটাৰ বৰষুণ হৈছে (Heavy rainfall in Odisha due to Jawad) । সন্ধিয়ালৈ পুৰী, জগতসিংপুৰ, গঞ্জাম আৰু গজপতি জিলাত বতাহৰ গতি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এই অঞ্চলবোৰত বতাহৰ গতি বৰ্তমান প্ৰতি ঘণ্টাত ৮০ ৰ পৰা ৯৫ ৰ ভিতৰত বুলি জানিব পৰা গৈছে ।

আনহাতে, অন্ধ্ৰপ্ৰদেশ চৰকাৰে ইতিমধ্যে তিনিখন জিলাৰ পৰা ৫৪,০০৮ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে ৷ উদ্ধাৰকাৰী দলে শ্ৰীকাকুলাম জিলাৰ পৰা ১৫,৭৫৫ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে ৷ বিদ্যালয় আৰু সামূহিক হলত ১৯৭ টা অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰা হৈছে ৷ বিভিন্ন জিলাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১১ টা দল মোতায়েন কৰা হৈছে ৷

লগতে পঢ়ক : Cyclone Jawad in Odisha: ২৬৬টা উদ্ধাৰকাৰী দল নিয়োজিত কৰিব ওড়িশা চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.