ETV Bharat / state

Massive Fire at Kalgachia : অগ্নিকাণ্ডত জাহ গ’ল 20 খনকৈ বিপণী

author img

By

Published : Dec 5, 2021, 8:05 AM IST

বৰপেটা জিলাৰ কলগাছিয়াত শনিবাৰে নিশা প্ৰায় 2 বজাত সংঘটিত অগ্নিকাণ্ড(Massive Fire at Kalgachia) ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় অগ্নিকাণ্ড ৷

Massive Fire at Kalgachia
কলগাছিয়াত অগ্নিকাণ্ড

জনিয়া, 5 ডিচেম্বৰ : অইন দিনাৰ দৰে শনিবাৰেও নিশা কলগাছিয়াত নিহপালি দি শুইছিল সকলো ৷ তেনেতেই ঘটিছিল অঘটনটো ৷ কলগাছিয়া বজাৰত লাগিছিল জুই(Massive Fire at Kalgachia) ৷ জুই মানে ঘটনা ডাঙৰেই ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিট হৈ বজাৰখনৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সূত্ৰপাত ঘটিছিল জুইৰ ৷ ক্ৰমাৎ জুইৰ লেলিহান শিখাই ছানি ধৰিছিল অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো ৷

মূহুৰ্ততে প্ৰায় এনেধৰণৰ 20 খন বিপণীলৈ সম্প্ৰসাৰিত হৈছিল জুইৰ শিখা ৷ কলগাছিয়া থানাৰ অন্তৰ্গত কলগাছিয়া সাপ্তাহিক বজাৰত শনিবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ডৰ ফলত প্ৰায় এক কোটি টকাৰ সামগ্ৰীৰ বিনষ্ট সাধন হয় ৷

কলগাছিয়াত অগ্নিকাণ্ড

উল্লেখ্য যে, অঞ্চলটোৰ ব্যৱসায়ীসকলে নিশা বিপণীসমূহ বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ নিশা প্ৰায় 2 বজাত সংঘটিত এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় কলগাছিয়া অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷

পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় ৷ ফলত জুইৰ কবলৰ পৰা ৰক্ষা পৰে বজাৰ এলেকাটোৰ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷

লগতে চাওক: কলগাছিয়াত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ষ্টাম্প পেপাৰৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.