ETV Bharat / bharat

দিনত 6 বাৰকৈ গো-ধোৱে পত্নীয়ে : বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ, তৰিলে গোচৰ

author img

By

Published : Dec 4, 2021, 3:06 PM IST

Wife takes bath six times in a day: Husband wants to divorce, files case in Bangaluru
দিনত 6 বাৰকৈ গো-ধোৱে পত্নীয়ে : বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ, তৰিলে গোচৰ

পত্নীৰ চাফ-চিকুন স্বভাৱৰ বাবেই বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ ৷ পত্নীয়ে দিনটোত 6 বাৰকৈ গা-ধোৱাৰ লগতে ঘৰৰ সকলো সামগ্ৰী যেনে লেপটপ, মোবাইল আদি ডিটাৰজেন্টেৰে পৰিস্কাৰ কৰা স্বভাৱত অতিষ্ঠ হৈ স্বামীয় থানাত তৰিলে গোচৰ ৷

নিউজ ডেস্ক, 4 ডিচেম্বৰ : গৃহ কন্দল অথবা গাৰ্হস্থ্য হিংসাৰ ফলত বিবাহ বিচ্ছেদৰ ঘটনা প্ৰায়ে আমাৰ দৃষ্টি গোচৰ হয় বা আমি সেই বিষয়ে পঢ়িবলৈ পাও ৷ কিন্তু পত্নীৰ চাফ-চিকুন স্বভাৱৰ বাবেই বিবাহ বিচ্ছেদৰ ঘটনা হয়তো এয়াই প্ৰথম ৷ হয় এই নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে বাংগালুৰুত ৷

এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীয়ে দিনটোত 6 বাৰকৈ গা-ধোৱাৰ লগতে ঘৰৰ সকলো সামগ্ৰী যেনে লেপটপ, মোবাইল আদি ডিটাৰজেন্টেৰে পৰিস্কাৰ কৰা স্বভাৱত অতিষ্ঠ হৈ এই সন্দৰ্ভত আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ উপৰিও বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে ৷ স্বামীৰ অভিযোগ তেওঁৰ পত্নী Obsessive-Compulsive Disorder (OCD)ত আক্ৰান্ত ৷

বাংগালুৰুৰ আৰ টি নগৰৰ বাসিন্দা ৰোহিত আৰু সুমতি (নাম সলনি কৰা হৈছে) 2009 চনত বিবাহপাশত আৱদ্ধ হৈছিল ৷ বিবাহৰ পিছতে ৰোহিতে পত্নীৰ সৈতে লণ্ডনলৈ উৰা মাৰে ৷ 35 বছৰীয়া সুমতি এগৰাকী MBA গ্ৰেজুৱেট আৰু তেওঁ লণ্ডনৰ ঘৰতো পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাত অধিক গুৰুত্ব দিয়ে ৷

সুমতিৰ এই পৰিস্কাৰ-পৰিচ্ছন্ন স্বভাৱটো প্ৰথম সন্তাৰ জন্মৰ পিছত আৰু বাঢ়িবলৈ ধৰে ৷ যেতিয়া তেওঁৰ স্বামী অফিচৰ পৰা ঘৰলৈ আহে সদায় সুমতিয়ে তেওঁক জোতা, কাপোৰৰ পৰা আৰম্ভ কৰি মোবাইল ফোনটোলৈকে পৰিস্কাৰ কৰিবলৈ জোৰ দিয়ে ৷

সুমতিৰ এই স্বভাৱত স্বামী ৰোহিত লাহে লাহে অতিষ্ঠ হ’বলৈ ধৰে আৰু কিছু বছৰ পূৰ্বে যেতিয়া তেওঁলোক ভাৰতলৈ উভতি আহে সুমতিয়ে এই সন্দৰ্ভত Counseling ও গ্ৰহণ কৰে ৷ Counselingৰ পিছত সুমতিৰ এই পৰিস্কাৰ-পৰিচ্ছন্নতা স্বাভাৱ কিছু হ্ৰাস পায় যদিও দ্বিতীয় সন্তানৰ জন্মৰ পিছত পুনৰ আৰম্ভ হয় ৷

কিন্তু ক’ভিডৰ লকডাউন আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি আৰু অধিক গুৰুতৰ হ’বলৈ ধৰে ৷ ৰোহিতে লকডাউনৰ সময়ত Work From Home কৰি থকা স্বত্বেও সুমতিয়ে তেওঁৰ লেপটপ, ফোন আদি ডিটাৰজেন্টেৰে চাফ কৰিবলৈ ধৰে ৷ আনকি সুমতিয়ে চেনিটাইজাৰেৰে চামুচ, ফ্লোৰ মেট, ঘৰৰ সকলো আচবাবৰ লগতে গাধোৱা চাবোনটোও পৰিস্কাৰ কৰিবলৈ আৰম্ভ কৰে ৷

সুমতিয়ে দিনটোত 6 বাৰকৈ গা ধোৱে, নিজৰ সন্তানৰ স্কুল বেগ আৰু জোতা প্ৰতিদিনে ধুই পৰিস্কাৰ কৰে ৷ এই সকলো দেখি অৱশেষত ৰোহিতে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ বাংগালুৰুৰ আৰ টি নগৰ আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে গোচৰ ৰেজিষ্টাৰ কৰি এই বিষটো 'Vanitha Sahaya Vani' নামৰ মহিলাৰ বাবে থকা এটা হেল্পলাইন কেন্দ্ৰলৈ হস্তান্তৰ কৰিছে ৷

লগতে পঢ়ক : Serial killing at Tripura : দুই নাবালিকা কন্যা সহ 5 জনক হত্যা কৰিলে প্ৰদীপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.