ETV Bharat / crime

Serial killing at Tripura : দুই নাবালিকা কন্যা সহ 5 জনক হত্যা কৰিলে প্ৰদীপে

author img

By

Published : Nov 28, 2021, 9:11 PM IST

Updated : Nov 28, 2021, 10:08 PM IST

দুই নাবালিক কন্যা, জ্যেষ্ঠ ভাতৃ, আৰক্ষী, সাধাৰণ লোককে ধৰি মুঠ 5 জনক হত্যা কৰিলে প্ৰদীপ দেবৰয় নামৰ 40 বছৰীয়া লোক জনে(Man killed five inclduing his two daughters ) ৷ জানো আহক ক’ত কেনেকৈ সংঘটিত হৈছে এই ঘটনা ৷

man-killed-five-inclduing-his-two-daughters-in-tripura
দুই নাবালিকা কন্যা সহ 5 জনক হত্যা কৰিলে প্ৰদীপে

আগৰতলা, 28 নৱেম্বৰ : ত্ৰিপুৰাৰ খোৱাই জিলাৰ অন্তৰ্গত শ্বেৰাটালীত শুকুৰবাৰে নিশা এজন ৪০ বছৰীয়া ব্যক্তিয়ে তেওঁৰ দুগৰাকী নাবালিকা কন্যাসহ পাঁচজন লোকক হত্যা কৰে(man killed five persons including his two minore daughters) । আৰক্ষীয়ে জনোৱা অনুসৰি, নিশা প্ৰায় ১১.০০ বজাত খোৱাই আৰক্ষী থানাৰ অন্তৰ্গত শ্বেৰাটালীত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাত উত্তৰ ৰামচন্দ্ৰঘাটৰ প্ৰদীপ দেবৰয়ে(৪০) তেওঁৰ দুই নাবালিক কন্যা তেওঁৰ পত্নী মিনা দেবৰয়ক এখন বেলচাৰে আক্ৰমণ কৰে ।

এই আক্ৰমণত, দুয়োগৰাকী নাবালিকা তথা কন্যাৰ ঘটনাস্থলীতে মৃত্যু হয়(minor daughters died in an attack by father) আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ এতিয়া আগৰতলাৰ এজিএমচি আৰু জিবিপি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আৰক্ষীয়ে লগতে কয় যে ইয়াৰ পিছত, প্ৰদীপ দেবৰয়ে তেওঁৰ জ্যেষ্ঠ ভাতৃ আমালেশ দেবৰয়কো (৪৫) বেলচাৰে আক্ৰমণ কৰি হত্যা কৰে ।

এই তথ্য লাভ কৰি খোৱাই আৰক্ষী থানাৰ পৰিদৰ্শক সত্যজিৎ মল্লিক কৰ্মচাৰীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁলোককো প্ৰদীপ দেবৰয়ে আক্ৰমণ কৰে ।

এই আক্ৰমণত পৰিদৰ্শক সত্যজিৎ মল্লিকৰ মূৰত গুৰুতৰ আঘাত লাগিছিল আৰু তেওঁকো লগে লগে খোৱাই চিকিৎসালয়লৈ লৈ যোৱা হয় । পৰৱৰ্তী সময়ত, তেওঁক এজিএমচি আৰু জিবিপি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । পিছলৈ চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুবৰণ কৰে(Police inspector died in an attack by a man) ।

ইয়াৰ পিছত প্ৰদীপ দেবৰয়ে নবোদয় অঞ্চলৰ কৃষ্ণ দাস (৪৫) আৰু তেওঁৰ পুত্ৰ কৰ্ণধীৰ দাস (২২)ক আক্ৰমণ কৰে ৷ আৰক্ষীয়ে জনাইছে যে এই আক্ৰমণত তেওঁলোক দুয়োজন গুৰুতৰ আঘাতপ্ৰাপ্ত হৈছিল বাবে তেওঁলোকক খোৱাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷

ইয়াৰে কৃষ্ণ দাসে এই আঘাতত মৃত্যুবৰণ কৰে আৰু তেওঁৰ পুত্ৰ কৰ্ণধীৰ দাস এতিয়া এজিএমচি আৰু জিবিপি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । পিছত, ঘটনাস্থলীলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হয় আৰু তেওঁলোকে আক্ৰমণকাৰী প্ৰদীপ দেবৰয়ক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি তেওঁক আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷

লগতে পঢ়ক : গীতানগৰত দিন দুপৰতে কিশোৰীক অপহৰণৰ চেষ্টা

Last Updated :Nov 28, 2021, 10:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.