ETV Bharat / sports

Happy Birthday Shikhar Dhawan : শীৰ্ষ ভাৰতীয় অপেনাৰগৰাকীৰ শ্ৰেষ্ঠ 5টা ইনিংছ

author img

By

Published : Dec 5, 2021, 9:15 AM IST

Updated : Dec 5, 2021, 11:30 AM IST

Happy Birthday Shikhar Dhawan
শিখৰ ধৱনৰ 36 বছৰীয়া জন্মদিন

আজি শিখৰ ধৱনৰ 36 বছৰীয়া জন্মদিন ৷ জন্মদিনৰ প্ৰাকমূহুৰ্তত খেলুৱৈগৰাকী "শীৰ্ষ পাঁচটা ইনিংছ" এবাৰ জুকিয়াই চাও আহক-

স্প’ৰ্টছ ডেস্ক, 5 ডিচেম্বৰ : ভাৰতৰ আটাইতকৈ আক্ৰমণাত্মক অপেনাৰসকলৰ ভিতৰত অন্যতম হৈছে শিখৰ ধৱন ৷ ২০০৪ চনত বাংলাদেশত অনুৰ্ধ-১৯ বিশ্বকাপৰ সময়ত ধৱনৰ বিস্ফোৰক ৫০৫ ৰাণৰ বাবে শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী লাভ কৰে ৷ তাৰপিছতে ধৱনে বিশাল ক্ৰিকেট সাম্ৰাজ্যৰ লগত জড়িত প্ৰতিগৰাকীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

Happy Birthday Shikhar Dhawan
শুভ জন্মদিন শিখৰ ধৱন

আজি শিখৰ ধৱনৰ 36 বছৰীয়া জন্মদিন ৷ জন্মদিনৰ প্ৰাকমূহুৰ্তত খেলুৱৈগৰাকী "শীৰ্ষ পাঁচটা ইনিংছ" এবাৰ জুকিয়াই চাও আহক-

  • ম’হালিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৭৪ টা বলত ১৮৭ ৰাণ (২০১৩)

ধৱনে ২০১৩ চনত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণৰ সময়ত দ্ৰুততম শতক সংগ্ৰহ কৰি টেষ্ট কেৰিয়াৰত অভিষেক ঘটাইছিল ৷ ঘৰুৱা দলটোৰ মুৰলী বিজয়ৰ সৈতে ভাৰতৰ হৈ বেটিং আৰম্ভ কৰি ধৱনে ৮৫ টা বলত প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে ৷ তেওঁ ৩৩ টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১৭৪ টা বলত ১৮৭ ৰাণ সংগ্ৰহ কৰিছিল ৷ যদিও ধৱনে দ্বিতীয় ইনিংছৰ সময়ত বেটিং কৰা নাছিল, তথাপিও অভিষেক মেচতে কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে "প্লেয়াৰ অৱ দ্য মেচ" বঁটা লাভ কৰে ৷ ভাৰতে ম’হালি টেষ্টত ছয় উইকেটত জয় লাভ কৰিছিল ৷

Happy Birthday Shikhar Dhawan
শুভ জন্মদিন শিখৰ ধৱন
  • কাৰ্ডিফত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৯৪ টা বলত ১১৪ ৰাণ (২০১৩)

ধৱনে কাৰ্ডিফত অনুষ্ঠিত ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১১৪ ৰাণ সংগ্ৰহ কৰিছিল ৷ উক্ত মেচত দক্ষিণ আফ্ৰিকাই টছত জয়ী হোৱাৰ পিছত ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল ৷ মেচখনত ভাৰতীয় অপেনাৰ যুটি শিখৰ ধৱন আৰু ৰোহিত শৰ্মাই ১২৭ ৰাণ সংগ্ৰহ কৰে ৷ অৱশ্যে 22 অভাৰত ৰোহিত শৰ্মাৰ উইকেটৰ পতন ঘটে ৷ মেচখনত ভাৰতে ৫০ অভাৰত ৩৩১/৭ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা ৩০৫ ৰাণত অল আউট হৈছিল ৷ যাৰ বাবে 26 ৰাণত দলটোক হৰুৱাইছিল ভাৰতে ৷

  • গালেত শ্ৰীলংকাৰ বিৰুদ্ধে ১৬৮ টা বলত ১৯০ ৰাণ (২০১৭)
    Happy Birthday Shikhar Dhawan
    শুভ জন্মদিন শিখৰ ধৱন

যিকোনো দীঘলীয়া ফৰ্মেটত শিখৰ ধৱনৰ সৰ্বোচ্চ স্ক'ৰ আছিল ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে গালেত অনুষ্ঠিত এখন মেচত ৷ ধৱনে ১৬৮ টা বলত ১৯০ ৰাণ সংগ্ৰহ কৰিছিল ৷ উক্ত মেচত ভাৰতে শ্ৰীলংকাক ৩০৪ ৰাণত পৰাস্ত কৰিছিল ৷ বাওঁহতীয়া বেটছমেনগৰাকীয়ে ১৯০ ৰাণ সংগ্ৰহ কৰা ইনিংছটোত আছিল ৩১ টা বাউণ্ডেৰী ৷ মেচখনত ক্ৰিকেটাৰগৰাকীয়ে প্ৰায় চাৰি ঘণ্টা ক্ৰীজত অতিবাহিত কৰিছিল (২৩৫ মিনিট) ৷

Happy Birthday Shikhar Dhawan
শুভ জন্মদিন শিখৰ ধৱন
  • মেলবৰ্ণত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৪৬ টা বলত ১৩৭ ৰাণ (২০১৫)

বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ সিমান সুখদায়ক নাছিল ৷ অৱশ্যে ২০১৫ চনৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ খেলত, ভাৰতে দলটোক ১৩০ ৰাণত পৰাস্ত কৰি পূৰ্বৰ অভিলেখ ভংগ কৰে ৷ এই মেচখনত ভাৰতৰ বেটিং বিপৰ্যয় ৰক্ষা কৰিছিল শেখৰ ধৱনে ৷ ক্ৰিকেটাৰগৰাকীয়ে দুৰ্দান্ত ফৰ্মত থাকি ১৪৬ টা বলত ১৩৭ ৰাণ সংগ্ৰহ কৰিছিল ৷ যাৰ বাবে লাভ কৰে মেন অৱ দ্য মেচৰ বঁটা ৷

  • ডাম্বুলাত শ্ৰীলংকাৰ বিৰুদ্ধে ৯০ টা বলত ১৩২* ৰাণ (২০১৭)
    Happy Birthday Shikhar Dhawan
    শুভ জন্মদিন শিখৰ ধৱন

টেষ্ট শৃংখলাত শ্ৰীলংকাক ৩-০ গলত পৰাস্ত কৰাৰ পিছত টীম ইণ্ডিয়াই দ্বীপৰাষ্ট্ৰ খনত এদিনীয়া খেলৰ ছিৰিজতো আধিপত্য দখল কৰে ৷ ভাৰতে প্ৰথমখন এদিনীয়াত আয়োজক দলটোক ন উইকেটত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ২১৬ ৰাণত অল আউট হয় ৷ প্ৰত্যুত্তৰত ভাৰতে ১২৭ টা বল বাকী থকা অৱস্থাত ৯ উইকেটত জয় লাভ কৰে ৷ এইখন মেচত ধৱনে ৯০ টা বলত অপৰাজিত ১৩২ ৰাণ সংগ্ৰহ কৰিছিল ৷

লগতে চাওক: Ind vs NZ Test : দললৈ প্ৰত্যাৱৰ্তন কিং কোহলীৰ

Last Updated :Dec 5, 2021, 11:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.