ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 15, 2022, 6:56 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Shivanath barman is no more : সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ শিৱনাথ বৰ্মন

শিৱনাথ বৰ্মন আৰু নাই (Shivanath barman is no more) ৷ বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্মনে ৷ মৃত্যুৰ সময়ত বৰ্মনৰ বসয় আছিল 80 বছৰ ৷

Dipanka Nath marriage : বিবাহপাশত আবদ্ধ দীপাংক কুমাৰ নাথ

গুৱাহাটীৰ বৰাগাঁওস্থিত সোমনাথ মন্দিৰত অনুষ্ঠিত হ'ল বহু চৰ্চিত বিয়াখন । গোৱালপাৰাৰ পৰা দৰা সাজত ওলাই আহিল দীপাংক কুমাৰ নাথ (Dipanka Nath wedding at Guwahati)। বৰযাত্ৰী হৈ দীপাংক কুমাৰ নাথৰ সৈতে আহিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সম্পাদক শংকৰজ্যোতি বৰুৱা, নৱ নিযুক্ত সভাপতি উৎপল শৰ্মাকে ধৰি বহু আছু নেতা ।

Assam Book Fair 2022: গ্ৰন্থমেলা মানে মহৎ অনুষ্ঠান, উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকা

গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন । ধেমাজি, নলবাৰী আৰু যোৰহাটৰ পাছত এইবাৰ ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা (Assam Book Fair Guwahati 2022) । অসম গ্ৰন্থমেলাত থাকিব ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ কেইবাটাও খ্যাতনামা প্ৰকাশন গোষ্ঠীৰ বিপণী ।

Attempted to Rape : চলন্ত অটোত ধৰ্ষণৰ অপচেষ্টা, পঞ্জাবত গ্ৰেপ্তাৰ ২

অ'টোখনত ইতিমধ্যে চালকৰ উপৰি আন এজন পুৰুষ যাত্ৰী আছিল । তেওঁলোকে যাত্ৰা কৰাৰ অলপ সময়ৰ পিছতে মানুহজনে মহিলাগৰাকীক যৌন উৎপীড়ন কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত ধৰ্ষণৰো চেষ্টা কৰে । অৱশ্যে মহিলাগৰাকীয়ে সাহসেৰে যুঁজ দি নিজকে বচাবলৈ চেষ্টা কৰে (Two arrested for attempted rape in moving auto) ।

Congress hath se hath Jodo yatra : এইবাৰ কংগ্ৰেছৰ হাথ চে হাথ জোড়ো যাত্ৰা

ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিৰ পাছত কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিব 'হাথ চে হাথ জোড়ো' অভিযান (Congress to start hath se hath Jodo yatra)। ২৬ জানুৱাৰীৰ পৰা এই অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এই অভিযানৰ উদ্দেশ্য হ'ব ব্লক পৰ্যায়লৈ সামাজিক দায়বদ্ধতাৰ বাতৰি লৈ যোৱা, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা, যুৱসমাজক একত্ৰিত কৰাৰ বাবে বাইক ৰেলী অনুষ্ঠিত কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰা ।

Atul Bora replied: কৃষিত দুৰ্নীতি চলিয়েই আছে বুলি মনে নধৰে অতুল বৰাৰ

গোলাঘাট কৃষি বিষয়াৰ কাৰ্যালয়ত ব্যাপক অনিয়ম (scam in agriculture department) হোৱা বুলি কৃষকৰ পৰা অভিযোগ পাই কাৰ্যালয়টোত চাডেন ভিজিট কৰিছিল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ধন বিচৰাৰ অভিযোগ উত্থাপন হোৱাত জেপত পাঁচশ টকা গুজি দি কেমেৰাৰ সমুখতে কৃষকৰ কাগজত চহী কৰি দিবলৈ কৈছিল বিধায়কজনে (Mrinal Saikia suddent visit)৷

CM in Jorhat: যোৰহাটত মুখ্যমন্ত্ৰী, সহায় বিচাৰি ৰাইজৰ হেতা-ওপৰা

বৃহস্পতিবাৰ অৰ্থাৎ আজি যোৰহাটত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক(Jorhat cabinet meeting) ৷ বৈঠকৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ গ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ(CM at Jorhat) ৷ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীক লগ পাবলৈ হেতা-ওপৰা একাংশ ৰাইজৰ ৷ নিজ-নিজ সমস্যা সমূহ লৈ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ ৰাইজৰ ৷

Rajya Sabha Session: প্ৰথম ঘন্টাত তিনিবাৰকৈ স্থগিত হ’ল ৰাজ্যসভাৰ অধিৱেশন

বৃহস্পতিবাৰে প্ৰথম ঘণ্টাত ১৫ মিনিটকৈ তিনিবাৰ সদন স্থগিত ৰাখিবলগীয়া হয় ৰাজ্যসভাত (winter session 2022) । চৰকাৰে তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগকে ধৰি কেইবাটাও বিষয়ত অধ্যক্ষই স্থগিত ৰখাৰ জাননী অস্বীকাৰ কৰাৰ পিছত বিৰোধী সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰাত তিনিবাৰকৈ ৰাজ্যসভাৰ কাৰ্যবিধি ব্যাহত হৈ পৰে (parliament winter session 2022)।

Do you know why we use wood with every film industry:বলীউড,হলীউড,টলীউড সকলোতে কিয় ব্যৱহাৰ হয় উড?

বিশ্বৰ বহু চলচ্চিত্ৰ উদ্যোগে হলীউডৰ পৰা অনুপ্ৰাণিত হৈ নাম গ্ৰহণ কৰিছে । এই লেখাটোৰ জৰিয়তে প্ৰতিটো চলচ্চিত্ৰ জগতৰ নামৰ পিছতে ব্যৱহাৰ কৰা Wood ৰ হলীউডৰ সৈতে থকা প্ৰত্যক্ষ সম্পৰ্কৰ কথা আপোনালোকলৈ আগবঢ়াইছো(Do you know why we use wood with every film industry) ৷

Cricketer Rishabh Pant : বেদখল বিৰোধী অভিযানত ক্ষতিগ্ৰস্ত ঋষভ পণ্টৰ ঘৰ

ৰে'লৱে সুৰক্ষা বাহিনী (আৰপিএফ) আৰু স্থানীয় আৰক্ষীৰ সহায়ত ৰে'লৱেই বুধবাৰে উত্তৰাখণ্ডৰ ৰুঢ়কীৰ অশোক নগৰ অঞ্চলত থকা ভূমিৰ পৰা বেদখল উচ্ছেদ কৰে । ক্ৰিকেটাৰ ঋষভ পণ্টৰ ঘৰৰ সন্মুখতো ৰে'ল বিভাগে খুঁটি স্থাপন কৰে (Rishabh Pants house affected for anti encroachment) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.