ETV Bharat / bharat

Congress hath se hath Jodo yatra : এইবাৰ কংগ্ৰেছৰ হাথ চে হাথ জোড়ো যাত্ৰা

author img

By

Published : Dec 15, 2022, 4:52 PM IST

ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিৰ পাছত কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিব 'হাথ চে হাথ জোড়ো' অভিযান (Congress to start hath se hath Jodo yatra)। ২৬ জানুৱাৰীৰ পৰা এই অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এই অভিযানৰ উদ্দেশ্য হ'ব ব্লক পৰ্যায়লৈ সামাজিক দায়বদ্ধতাৰ বাতৰি লৈ যোৱা, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা, যুৱসমাজক একত্ৰিত কৰাৰ বাবে বাইক ৰেলী অনুষ্ঠিত কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰা ।

Congress hath se hath Jodo yatra
এইবাৰ কংগ্ৰেছৰ হাথ চে হাথ জোড়ো যাত্ৰা

নেশ্যনেল ডেস্ক,১৫ ডিচেম্বৰ : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে (Congress Bharat Jodo Yatra)। ২০২৩ চনৰ জানুৱাৰীত সমাপ্ত হ'ব কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা । এই কাৰ্যসূচীত জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাছতে কংগ্ৰেছে আন এক গণ সম্পৰ্ক কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে । দেশজুৰি এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিব 'হাথ চে হাথ জোড়ো' কাৰ্যসূচী (Congress to start hath se hath Jodo yatra)।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ২৬ জানুৱাৰীত আৰম্ভ হ'বলগীয়া আৰু মাৰ্চত সমাপ্ত হ'বলগীয়া এই নতুন কাৰ্যসূচীৰ বিৱৰণ নিৰ্ধাৰণ কৰিবলৈ বিধানসভাৰ সকলো সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিধানসভা সদস্যসকলক ২৩ ডিচেম্বৰত এখন বৈঠকত উপস্থিত থাকিবলৈ আহ্বান জনাইছে (Congress meeting about hath se hath Jodo yatra)। ভিতৰুৱা খবৰ অনুসৰি, ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পূৰ্ণাংগ অধিৱেশন আৰু সমিতিৰ পুনঃগঠন সম্পৰ্কেও বৈঠকত আলোচনা কৰা হ'ব ।

মধ্য প্ৰদেশৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক জে পি আগৰৱালে ইটিভি ভাৰতক জনোৱা মতে ভাৰত জোড়ো যাত্ৰাই সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰাত আৰু কেন্দ্ৰীয় চৰকাৰৰ বিফলতাৰ ওপৰত আলোকপাত কৰাত সফল হৈছে । হাথ চে হাথ জোড়ো কাৰ্যসূচীয়ে সেই বাৰ্তা আৰু অধিক প্ৰচাৰ কৰিব বুলি আশাবাদী নেতাগৰাকী (JP Agarwala on Hath Se Hath Jodo Yatra)।

তেওঁ উল্লেখ কৰা মতে ২০২৩ চনত কংগ্ৰেছে দেশজুৰি পশ্চিমৰ পৰা পূবলৈ যাত্ৰা কৰিব । এই সকলো কাৰ্যসূচীৰ ফলত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক এক সবল স্থিতিত থকাৰ বাবে সক্ষম হ'ব । তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছ সদায় নিৰ্বাচনমুখী হৈ থাকে । সেয়ে তেওঁ নিশ্চিত যে কংগ্ৰেছে পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব ।

ইফালে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দলটো সম্প্ৰতি ৰাজস্থানত আছে (Bharat Jodo Yatra at Rajasthan)। ১৬ ডিচেম্বৰত এই যাত্ৰাই ১০০ দিন সম্পূৰ্ণ কৰিব । ২৪ ডিচেম্বৰত দলটো দিল্লীত প্ৰৱেশ কৰিব । আগৰৱালে উল্লেখ কৰা মতে দিল্লীত এই যাত্ৰাৰ দলটোক ব্যাপক আদৰণি জনোৱা হ'ব ।

আনহাতে কংগ্ৰেছৰ হাথ চে হাথ জোড়ো যাত্ৰাৰ উদ্দেশ্য হ'ব ব্লক পৰ্যায়লৈ সামাজিক দায়বদ্ধতাৰ বাতৰি লৈ যোৱা, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা, যুৱসমাজক একত্ৰিত কৰাৰ বাবে বাইক ৰেলী অনুষ্ঠিত কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰা । 'হাথ চে হাথ জোড়ো' অভিযানৰ সমাপ্তিত, প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নেতৃত্বত সকলো ৰাজ্যতে মহিলা সমদল উলিওৱা হ'ব ।

লগতে পঢ়ক :A lesson of experience : সন্তানৰ ভৱিষ্যতৰ বাবে সাহসী যোগিতাৰ ট্ৰাক চালক হোৱাৰ সিদ্ধান্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.