ETV Bharat / bharat

Attempted to Rape : চলন্ত অটোত ধৰ্ষণৰ অপচেষ্টা, পঞ্জাবত গ্ৰেপ্তাৰ ২

author img

By

Published : Dec 15, 2022, 5:36 PM IST

rape
rape

অ'টোখনত ইতিমধ্যে চালকৰ উপৰি আন এজন পুৰুষ যাত্ৰী আছিল । তেওঁলোকে যাত্ৰা কৰাৰ অলপ সময়ৰ পিছতে মানুহজনে মহিলাগৰাকীক যৌন উৎপীড়ন কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত ধৰ্ষণৰো চেষ্টা কৰে । অৱশ্যে মহিলাগৰাকীয়ে সাহসেৰে যুঁজ দি নিজকে বচাবলৈ চেষ্টা কৰে (Two arrested for attempted rape in moving auto) ।

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : ১৩ ডিচেম্বৰৰ মাজনিশা এখন অটোত যাত্ৰা কৰি থকা অৱস্থাত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে মোহালি আৰক্ষীয়ে (Mohali Police arrested two rape accused) । ঘটনাটো সংঘটিত হৈছিল পঞ্জাবৰ মোহালিৰ খাৰাৰ আৰক্ষী থানাৰ সীমাত । এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাপে কাম কৰা ভুক্তভোগী মহিলাগৰাকী চান্দিঘৰৰ পৰা কুৰালী অভিমুখে গৈ আছিল (attempted rape in moving auto) ।

ঘটনা সন্দৰ্ভত খাৰাৰৰ ডিএছপি ৰূপিন্দৰ কৌৰ ছোহীয়ে কয়, "১৩ ডিচেম্বৰৰ মাজনিশা এগৰাকী ২৬ বছৰীয়া মহিলাই মোহালি পৰ্যায়-৬ৰ পৰা এখন অ'টো ভাড়াত লৈছিল । উক্ত অ'টোখনত ইতিমধ্যে চালকৰ উপৰি আন এজন পুৰুষ যাত্ৰী আছিল । তেওঁলোকে যাত্ৰা কৰাৰ অলপ সময়ৰ পিছতে মানুহজনে মহিলাগৰাকীক যৌন উৎপীড়ন কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত ধৰ্ষণৰো চেষ্টা কৰে (Two arrested for attempted rape in moving auto)। অৱশ্যে মহিলাগৰাকীয়ে সাহসেৰে যুঁজ দি নিজকে বচাবলৈ চেষ্টা কৰে । তেওঁ ৰায়ত-বাহৰা বিশ্ববিদ্যালয়ৰ ওচৰত অ'টোৰ পৰা বাহিৰলৈ জঁপিয়াই নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় ।"

"ঘটনাটো আমাক জনোৱাৰ লগে লগে পৰৱৰ্তী সময়ত খাৰাৰ সদৰ আৰক্ষী থানাৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ (rape case registered under IPC sections) ৩৭৬, ৩৫৪-এ, ৩৫৪-বি, ৩৪২, ৩২৩, ৫১১, ৫০৬ আৰু ৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হয় । এছএছপিৰ নিৰ্দেশনাত বিভিন্ন দল গঠন কৰা হয় আৰু ঘটনাটোৰ ১২ ঘণ্টাৰ ভিতৰতে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হয় ।" উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এনেদৰে কয় (rape accused arrested in Mohali Punjab) ।

অভিযুক্ত দুজনক ৰাদিয়ালা গাঁও জিলাৰ বাসিন্দা মালকিত সিং বাণ্টি (২৪) আৰু সিংপুৰা গাঁৱৰ বাসিন্দা তেওঁৰ সহযোগী মনমোহন সিং মণি (২৯) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে অপৰাধটোত ব্যৱহৃত অ'টোখনো জব্দ কৰিছে (Police seized auto used in crime) ।

লগতে পঢ়ক :International sex racket: আন্তঃৰাষ্ট্ৰীয় নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.