ETV Bharat / bharat

International sex racket: আন্তঃৰাষ্ট্ৰীয় নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত

author img

By

Published : Dec 15, 2022, 2:28 PM IST

উত্তৰ-পূব দিল্লীত স্পাৰ নামত চলি থকা এটা আন্তঃৰাষ্ট্ৰীয় নাৰী দেহ ব্যৱসায়ী চক্ৰক উৎখাত কৰে আৰক্ষীয়ে (International sex racket) ৷ আৰক্ষীয়ে ৭ গৰাকী বিদেশী যুৱতীসহ মুঠ ১২ গৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছে। সকলো বিদেশী যুৱতী থাইলেণ্ডৰ বুলি কোৱা হৈছে যদিও বৰ্তমানলৈকে স্পষ্ট হোৱা নাই এই তথ্য । আনহাতে স্পা চেন্টাৰটোৰ মালিক আশীষ চোপ্ৰাক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

International sex racket running under the guise of spa in Delhi 12 girls including 7 foreigners arrested
আন্তঃৰাষ্ট্ৰীয় নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত

নেশ্যেনেল ডেস্ক, 15 ডিচেম্বৰ: দিল্লীৰ শ্বাহদৰা জিলাৰ এখন স্পা চেন্টাৰত স্পাৰ নামত চলি আছিল নাৰী দেহ ব্যৱসায়ীৰ এটা বৃহৎ চক্ৰ (Sex racket under guise of Spa) ৷ এই খবৰ গোপন সূত্ৰৰ তথ্য যোগে লাভ কৰিছিল আৰক্ষীয়ে ৷ তাৰ পিছতেই আৰক্ষীয়ে স্পা চেন্টাৰটোত চলাই অভিযান । অভিযানকালত ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে ৭ গৰাকী বিদেশী যুৱতীসহ মুঠ ১২ গৰাকী যুৱতীক আটক কৰিছে (International sex racket) । স্পাৰ ৰিচেপচনত বহি থকা ৰাজকুমাৰ নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

উপ আৰক্ষী আয়ুক্ত আৰ সথিয়া সুন্দৰমে কয় যে স্মাইল এন স্পা মালিচ চেণ্টাৰত চলি থকা নাৰী দেহ ব্যৱসায়ী চক্ৰ সন্দৰ্ভত এক গোপন তথ্য যোগে লাভ কৰিছিল খবৰ। এই তথ্য পোৱাৰ লগে লগে স্মাইল এন স্পা মালিচ চেণ্টাৰত অভিযান চলাবলৈ আৰক্ষীয়ে গঠন কৰিছিল এটা অভিযানকাৰী দল ৷ এছ পি হৰকেশ গাবা, এছ আই প্ৰমোদ, এছ আই ৰাহুল, এ এছ আই কৰমবীৰ, এ এছ আই ৰাজীৱ ৰাণা, এইচ চি চোটিল, এইচ চি ৰোহন, মহিলা হেড কনিষ্টবল দীপিকা, কনিষ্টবল পাৰুল আৰু কনিষ্টবল সোণমৰে গঠন কৰিছিল দলটো ৷

নাৰী দেহ ব্যৱসায়ী চক্ৰটোক জালত পেলাবলৈ অভিযানৰ পূৰ্বে আৰক্ষীয়ে স্পা চেণ্টাৰলৈ প্ৰেৰণ কৰিছিল এজন ভুৱা গ্ৰাহক । য’ত ভুৱা গ্ৰাহকজনে ৰিচেপচনত ৰাজকুমাৰ নামৰ এজন ব্যক্তিক লগ পাইছিল । এগৰাকী যুৱতীৰে মালিচৰ কৰাবলৈ ২০০০ টকা বিচাৰিছিল ভুৱা গ্ৰাহকজনৰ পৰা । সেই অনুযায়ী ভুৱা গ্ৰাহকজনে টকাও দিলে ৰাজকুমাৰক ৷ টকাখিনি লৈ ৰাজকুমাৰে ভুৱা গ্ৰাহকজনক থাইলেণ্ডৰ এগৰাকী যুৱতীৰ সৈতে এটা কোঠাৰ ভিতৰলৈ যাবলৈ কৈছিল ।

ইয়াৰ পিছত থাইলেণ্ডৰ যুৱতীগৰাকীয়ে অতিৰিক্ত সেৱাৰ বাবে ভুৱা গ্ৰাহকজনৰ পৰা বিচাৰিলে আৰু ৩০০০ টকা । ভুৱা গ্ৰাহকজনে থাইলেণ্ডৰ যুৱতীগৰাকীক দিলে আৰু ৩০০০ টকা ৷ ইয়াৰ পিছত অতি চতুৰালিৰে সেই ভুৱা গ্ৰাহকজনে মিছড কলযোগে বাহিৰত ৰৈ থকা আৰক্ষীৰ দলটোক খবৰ দিয়ে । তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দলটোৱে স্পা মালিচ চেণ্টাৰটোত চলাই অভিযান । অভিযানকালত ৭ গৰাকী বিদেশী যুৱতী আৰু ৫ গৰাকী অন্য স্থানৰ যুৱতীক গ্ৰেপ্তাৰ কৰে (12 girls including 7 foreigners arrested)।

উল্লেখ্য যে এই বিষয়ে ইতিমধ্যেই থাইলেণ্ডৰ দূতাবাসক দিয়া হৈছে তথ্য ৷ গ্ৰেপ্তাৰ হোৱা সকলো বিদেশী যুৱতী থাইলেণ্ডৰ বুলি কোৱা হৈছে যদিও বৰ্তমানলৈকে এই কথা স্পষ্ট হোৱা নাই । লক্ষণীয় বিষয় যে ভাৰতত থাকিবলৈ এইসকল যুৱতীৰ হাতত নাই কোনো প্ৰয়োজনীয় নথি-পত্ৰ । এই সন্দৰ্ভত অনৈতিক বাণিজ্য প্ৰতিৰোধ আইন আৰু বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । বৰ্তমান ৭ গৰাকী বিদেশী যুৱতীক আশ্ৰমলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ বিষয়ে তথ্য থাইলেণ্ডৰ দূতাবাসক দিয়া হৈছে । স্পাৰ মালিক আশীষ চোপ্ৰাক বিচাৰি অভিযান অব্যাহত আছে আৰক্ষীৰ ।

লগতে পঢ়ক: Child sex abuse: নুনমাটিত শিশুক যৌন নিৰ্যাতন, আৰক্ষীৰ জালত লম্পট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.