ETV Bharat / bharat

Cricketer Rishabh Pant : বেদখল বিৰোধী অভিযানত ক্ষতিগ্ৰস্ত ঋষভ পণ্টৰ ঘৰ

author img

By

Published : Dec 15, 2022, 3:36 PM IST

Risabh Pant
Risabh Pant

ৰে'লৱে সুৰক্ষা বাহিনী (আৰপিএফ) আৰু স্থানীয় আৰক্ষীৰ সহায়ত ৰে'লৱেই বুধবাৰে উত্তৰাখণ্ডৰ ৰুঢ়কীৰ অশোক নগৰ অঞ্চলত থকা ভূমিৰ পৰা বেদখল উচ্ছেদ কৰে । ক্ৰিকেটাৰ ঋষভ পণ্টৰ ঘৰৰ সন্মুখতো ৰে'ল বিভাগে খুঁটি স্থাপন কৰে (Rishabh Pants house affected for anti encroachment) ।

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : ৰে'লৱেই বুধবাৰে উত্তৰাখণ্ডৰ ৰুঢ়কীৰ অশোক নগৰ অঞ্চলত ৰে'ল বিভাগৰ ভূমি পুনৰুদ্ধাৰ কৰিবলৈ বেদখলবিৰোধী অভিযান চলায় (Railway Protection Force, RPF) । উক্ত ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰাৰ পিছত ৰে'লৱেই তাত খুঁটি পোতে (anti encroachment drive by railways) । লগতে তাৰ স্থানীয় লোকসকলক উক্ত সীমানিৰ্ধাৰণত কোনো খেলিমেলি নকৰিবলৈ সতৰ্ক কৰি দিয়ে ।

অন্যথা দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জনায় । আনহাতে, ভাৰতীয় দলৰ ক্ৰিকেট অন্যতম সদস্য ঋষভ পণ্টৰ ঘৰৰ সন্মুখতো কেইটামান খুঁটা স্থাপন কৰা হয় (pillars erected in front of Rishabh Pants house) ।

ৰুঢ়কীৰ ধন্দৰা ৰে'ল ষ্টেচনৰ দক্ষিণ ফালে, ৰে'লৱেৰ গুৰুত্বপূৰ্ণ ভূমি আছে (Dhandera railway station in Roorkee) । শেহতীয়াভাৱে উক্ত ভূমি বেদখলকাৰীৰ কবলত পৰে (Rishabh Pants house affected for anti encroachment) । মানুহৰ বাসস্থান বৃদ্ধি হোৱাৰ লগে লগে বেদখলকাৰীসকলে ৰে'লৱেৰ ভূমিত পাৰ্কিং লট নিৰ্মাণ কৰে (constructed parking lots on railway land) ।

লগতে অঞ্চলটো ডাম্পিং গ্ৰাউণ্ড হিচাপেও ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ উপৰি মানুহে তেওঁলোকৰ ঘৰৰ কিছু অংশও উক্ত ভূমি বেদখল কৰি নিৰ্মাণ কৰে । উক্ত বেদখলীকৃত ৰে'লৱে ভূমিতেই উচ্ছেদ চলাই মুকলি কৰা বুলি সূত্ৰত প্ৰকাশ ।

উল্লেখ্য, ইয়াৰ পূৰ্বেও ৰে'লৱেই ইয়াৰ ভূমি বেদখলমুক্ত কৰিবলৈ চেষ্টা কৰিছিল (railways removed encroachments) । কিন্তু পৰ্যাপ্ত জনশক্তিৰ অভাৱত উক্ত পৰিকল্পনা স্থগিত ৰাখিছিল । বুধবাৰে অৱশ্যে কিছু লোকৰ বিৰোধিতা সত্ত্বেও ৰে'লৱেই ইয়াৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ পিছত তাত সীমাৰ খুঁটা স্থাপন কৰা হয় । ইয়াৰ উপৰি ক্ৰিকেটাৰ ঋষভ পণ্টৰ ঘৰৰ সন্মুখতো তেনে সীমাৰ খুঁটা স্থাপন কৰা বুলি সূত্ৰত প্ৰকাশ ।

উল্লেখ্য, জ্যেষ্ঠ শাখা অভিযন্তা ব্ৰজমোহন সিঙৰ নেতৃত্বত বেদখলবিৰোধী দলে এই অভিযান চলাইছিল । "ৰে'লৱেৰ ভূমি পুনৰুদ্ধাৰ কৰাৰ পিছত তাত সীমাৰ খুঁটা স্থাপন কৰা হৈছে । পূৰ্বতে ৰে'লৱেৰ ভূমি খালী কৰিবলৈ বেদখলকাৰীসকললৈ কেইবাখনো জাননী প্ৰেৰণ কৰা হৈছিল । কিন্তু তেওঁলোকে জাননীবোৰৰ প্ৰতি মনোযোগ দিয়া নাছিল । সেয়ে আজি আমি কোনো বিৰোধিতা অবিহনে অভিযান চলাইছোঁ ।" উচ্ছেদ অভিযান সন্দৰ্ভত সিঙে এনেদৰে কয় ।

লগতে পঢ়ক :International sex racket: আন্তঃৰাষ্ট্ৰীয় নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.