Atul Bora replied: কৃষিত দুৰ্নীতি চলিয়েই আছে বুলি মনে নধৰে অতুল বৰাৰ

By

Published : Dec 15, 2022, 5:18 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

গোলাঘাট কৃষি বিষয়াৰ কাৰ্যালয়ত ব্যাপক অনিয়ম (scam in agriculture department) হোৱা বুলি কৃষকৰ পৰা অভিযোগ পাই কাৰ্যালয়টোত চাডেন ভিজিট কৰিছিল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ধন বিচৰাৰ অভিযোগ উত্থাপন হোৱাত জেপত পাঁচশ টকা গুজি দি কেমেৰাৰ সমুখতে কৃষকৰ কাগজত চহী কৰি দিবলৈ কৈছিল বিধায়কজনে (Mrinal Saikia suddent visit)৷ লগতে এনে ধৰণৰ অনিয়ম হোৱাতকৈ দুবছৰমানৰ বাবে কৃষি বিভাগ বন্ধ কৰি দিবলৈও তেওঁ আহ্বান জনায় ৷ কোনো বিভাগত দুৰ্নীতি আদি পোহৰলৈ আনিলে বিভাগৰ মন্ত্ৰীয়ে ইতিকিংহে কৰে বুলি কৃষিমন্ত্ৰীক কটাক্ষ কৰে মৃণাল শইকীয়াই (Mrinal Saikia on agriculture scam)। বিধায়ক থকাৰ কোনো অৰ্থ নাই বুলিও তেওঁ উল্লেখ কৰে । বিধায়কগৰাকীৰ এই বিষোদগাৰৰ প্ৰত্যুত্তৰ দিছে কৃষিমন্ত্ৰী অতুল বৰাই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, পি এম কিষাণ আঁচনি প্ৰৱৰ্তনৰ সময়ত যি দুৰ্নীতিৰ অভিযোগ উঠিছিল তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ গতিকে বৰ্তমান বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি কৰিবলৈ ইমান সাহস নকৰে ৷ তথাপিও যদি তেনে ঘটনা ঘটিছে, তাৰ তদন্ত কৰা হ’ব বুলি তেওঁ কয় ৷ সাধাৰণ লোকেই হওক বা এগৰাকী বিধায়কেই হওক, এনে অভিযোগ উত্থাপন কৰিছে যেতিয়া বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ’ব বুলি মন্ত্ৰীয়ে আশ্বাস দিয়ে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.