ETV Bharat / bharat

Rajya Sabha Session: প্ৰথম ঘন্টাত তিনিবাৰকৈ স্থগিত হ’ল ৰাজ্যসভাৰ অধিৱেশন

author img

By

Published : Dec 15, 2022, 4:54 PM IST

বৃহস্পতিবাৰে প্ৰথম ঘণ্টাত ১৫ মিনিটকৈ তিনিবাৰ সদন স্থগিত ৰাখিবলগীয়া হয় ৰাজ্যসভাত (winter session 2022) । চৰকাৰে তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগকে ধৰি কেইবাটাও বিষয়ত অধ্যক্ষই স্থগিত ৰখাৰ জাননী অস্বীকাৰ কৰাৰ পিছত বিৰোধী সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰাত তিনিবাৰকৈ ৰাজ্যসভাৰ কাৰ্যবিধি ব্যাহত হৈ পৰে (parliament winter session 2022)।

Rajya Sabha Session
Rajya Sabha Session

নিউজ ডেস্ক, 15 ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা উপাধ্যক্ষ হৰিবংশৰ অধ্যক্ষতাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হয় (Parliament winter session)। চৰকাৰে তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগকে ধৰি কেইবাটাও বিষয়ত অধ্যক্ষই স্থগিত ৰখাৰ জাননী অস্বীকাৰ কৰাৰ পিছত বিৰোধী সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰাত তিনিবাৰকৈ ৰাজ্যসভাৰ কাৰ্যবিধি ব্যাহত হৈ পৰে ।

প্ৰথম ঘণ্টাত ১৫ মিনিটকৈ তিনিবাৰ সদন স্থগিত ৰাখিবলগীয়া হয় । কাগজ-পত্ৰ বিতৰণৰ কিছু সময়ৰ পাছতে বিৰোধী দলৰ সদস্যসকলে তেওঁলোকৰ স্থগিতাদেশৰ জাননী কিয় লোৱা নহ’ল সেই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি বিভিন্ন বিষয়ত আলোচনাৰ দাবী জনায় । ইয়াৰ ফলত হুলস্থুলৰ সৃষ্টি হয় আৰু তাৰ পিছত উপাধ্যক্ষ হৰিবংশে সদন স্থগিত ৰাখে (Rajya Sabha Session)।

তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ, উচ্চ ন্যায়পালিকাৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ, কৃষকৰ উদ্বেগ আৰু অন্যান্য বিষয়ৰ উপৰিও ভাৰত-চীনৰ সংঘাতৰ ওপৰত অধিবেশনত আলোচনাৰ দাবী জনাই আহিছে বিৰোধীয়ে (Rajya Sabha Session 2022) ৷

তিনিবাৰকৈ সদন স্থগিত ৰখাৰ পিছত অধিবেশন পুনৰ আৰম্ভ হয় দিনৰ 12 বজাত ৷ কংগ্ৰেছ সাংসদ ৰাজীৱ শুক্লাই কেইবাটাও বিষয়ক লৈ প্ৰশ্ন তোলে ৷

ৰাজীৱ শুক্লাৰ প্ৰশ্ন-

নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা বৃদ্ধিৰ বাবে কোন দায়ী ? গোচৰৰ পেণ্ডেন্সিৰ সংকট সমাধানৰ বাবে মন্ত্ৰালয়ৰ হাতত কি ৰোডমেপ আছে ? NJAC বিল পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনা কৰিছে নেকি চৰকাৰে ?

কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৰ উত্তৰ-

বিচাৰধীন গোচৰসমূহ ৫ কোটিৰ সীমাৰ ওচৰ চাপিছে, যিটো সঁচাকৈয়ে শংকাজনক । ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে ন্যায়াধীশ নিযুক্তি । ২০১৫ চনত সংসদে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ (এনজেএচি) সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিছিল যদিও অতি সোনকালে ইয়াক বাতিল কৰিছিল । সংবিধান অনুসৰি ন্যায়াধীশ নিযুক্তি বহুলাংশে চৰকাৰৰ দায়িত্ব, যিটো এতিয়ালৈকে মানি চলা হোৱা নাই । তাত আমাৰ ভূমিকা সীমিত । আমি পেণ্ডেন্সি হ্ৰাস কৰাৰ চেষ্টা কৰিছো । কিন্তু কলেজিয়াম নিযুক্তিৰ সমস্যাটো সমাধান কৰিবলৈ আদালতৰ সৈতে পৰামৰ্শ ল’ব লাগিব । এনজেএচি বিল পুনৰুজ্জীৱিত কৰিব পৰা যাব নে নাই ক’ব নোৱাৰো, এই বিষয়ে আলোচনা কৰি সিদ্ধান্ত ল’ব লাগিব ৷

তিৰুচি শিৱ, ডি এম কে সাংসদ, তামিলনাডু

প্ৰশ্ন : ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কোনো সংৰক্ষণ নাই, আৰু ন্যায়পালিকাত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ প্ৰতিনিধিত্ব নাই । ইয়াৰ বাবে কেন্দ্ৰই কি কৰিছে আৰু ন্যায়পালিকাৰ অনুসূচিত জাতি-জনজাতি আৰু অ’বিচিৰ ন্যায়াধীশৰ ব্ৰেক-আপৰ সবিশেষ মন্ত্ৰীয়ে দাখিল কৰিব পাৰিবনে ?

কিৰেণ ৰিজিজুৰ উত্তৰ-

ন্যায়পালিকাৰ কোনো সংৰক্ষণ নাই । কিন্তু এনেকুৱা ব্যৱস্থা আছে যিবোৰত চৰকাৰী সংৰক্ষণৰ প্ৰয়োজন নাই । যেনেকৈ প্ৰধানমন্ত্ৰীৰ মন্ত্ৰীসভাৰ কোনো সংৰক্ষণ নাই ৷ তথাপিও সকলো জাতি, শ্ৰেণী, ধৰ্মৰ লোকক অন্তৰ্ভুক্ত কৰা হৈছে । আমি বিশেষভাৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক অনুৰোধ জনাইছো যে ন্যায়াধীশৰ খালী পদ পূৰণৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ নাম পৰামৰ্শ দিয়ক ।

এতিয়ালৈকে আমাৰ অনুসূচিত জনজাতিৰ পৰা মাত্ৰ এজন ন্যায়াধীশ আছে, বিচাৰপতি এইচ কে চেমা । তাৰোপৰি আমাৰ চাৰিজনৰ ওচৰত অনুসূচিত জাতিৰ বিচাৰপতি আছে ।

ৰাঘৱ চদ্ধা, আপ, পঞ্জাৱ

প্ৰশ্ন : আজিকালি বাতৰিবোৰ হুলস্থুল হৈ পৰিছে । কেইবাটাও নিউজ চেনেলত আগ্ৰাসী অধিবেশন আৰু বিতৰ্কৰ সৈতে অতি উত্তেজক অনুষ্ঠান পৰিচালনা কৰি দৰ্শকৰ বাবে মানসিক অশান্তিৰ সৃষ্টি কৰে । এই চেনেল আৰু টিভি এংকৰৰ বিৰুদ্ধে এই ধৰণৰ পৰিবেশন বন্ধ কৰাৰ কোনো ব্যৱস্থা আছেনে বা কোনো ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি ?

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ উত্তৰ-

ইয়াৰ বাবে ৩টা পদক্ষেপৰ প্ৰক্ৰিয়া আছে । তেওঁলোকৰ সম্প্ৰচাৰৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে প্ৰথমে চেনেলটোৰ কাষ চাপিব লাগিব । ইয়াৰ পিছত বিষয়টো আন্তঃবিভাগীয় সমিতিলৈ আগবঢ়োৱা হয় । আপুনি বা কোনোৱে এনে কোনো অভিযোগ লৈ আমাৰ ওচৰলৈ যোৱা নাই । তৃতীয় পদক্ষেপটোত আৰু অধিক কঠোৰ ব্যৱস্থা আছে ৷ এনে যিকোনো বিষয় বা অভিযোগ যদি লাভ কৰা হয়, তেন্তে নিশ্চিতভাৱে সমাধান হ’ব ।

এন আৰ এলাংগো, ডি এম কে, তামিলনাডু

প্ৰশ্ন : ৪০০০ বছৰীয়া ইতিহাস থকা আৰু তামিলনাডুৰ জনসাধাৰণৰ ধৰ্মীয় আৱেগৰ সৈতেও জড়িত জল্লিকাট্টু উৎসৱক ৰাষ্ট্ৰীয় ঐতিহ্য উৎসৱ হিচাপে ঘোষণা কৰাৰ কথা মন্ত্ৰালয়ে বিবেচনা কৰিছেনে ? বা বিকল্পভাৱে জৈৱ বৈচিত্ৰ্য আইনৰ অধীনত ইয়াক সংৰক্ষিত পৰম্পৰা হিচাপে ঘোষণা কৰা হ’ব নেকি ?

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীৰ উত্তৰ-

এতিয়াৰ হিচাপত নহয় । যদি এনেকুৱা কিবা এটা প্ৰস্তাৱ আহে, তেন্তে সেয়া বিষয়টোৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত লোৱা হ’ব । আমি বৈচিত্ৰ্যৰ দেশ । প্ৰতিখন ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ প্ৰতিখন গাঁৱৰ এক নিৰ্দিষ্ট পৰম্পৰা আছে । ৰাষ্ট্ৰীয় ঐতিহ্য মহোৎসৱৰ ক্ষেত্ৰত আমি এটাক আনটোৰ ওপৰত বাছি ল’ব নোৱাৰো ।

লগতে পঢ়ক: Kidnapped in Prayagraj : প্ৰয়াগৰাজত ২০ লাখ মুক্তিপণ দাবীৰে বন্ধুক অপহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.