ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 17, 2022, 7:15 PM IST

top-10-at-7-pm
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

২৬ হাজাৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্রত কঠোৰ ৰাজ্য চৰকাৰ

জনতা ভৱনত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীৰ কেইবাটাও বিশেষ ঘোষণা । ১৪ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'বলগীয়া নিযুক্তি পৰীক্ষা প্ৰসংগত সকলো জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়ববীয়াৰ সৈতে ভিডিঅ' কনফাৰেঞ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM review meeting on upcoming written test)। ২১ আৰু ২৮ আগষ্টত পৰীক্ষা হোৱা সকলো জিলাত কৰ্তন কৰা হ'ব ইন্টাৰনেট সেৱা । পৰীক্ষাৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব ইণ্টাৰনেট সেৱা । কোনো পৰীক্ষাৰ্থীয়ে নিব নোৱাৰিব ম'বাইল ফোন ।

বিজেপিৰ কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম (Sarbananda Sonowal included central election committee of BJP) ।

বিবাহ বিচ্ছেদৰ পত্ৰত স্বাক্ষৰ নকৰাৰ বাবেই অধিবক্তাই প্ৰহাৰ কৰিলে মহিলাক

ন্যায় বিচাৰি গৈ বৰপেটাত অধিবক্তাৰ হাতত প্ৰহৃত হ'ল গোচৰীয়া মহিলা (Divorce victim beaten up by advocate) ৷ বিবাহ বিচ্ছেদৰ পত্ৰত স্বাক্ষৰ নকৰাৰ বাবেই অধিবক্তাৰ প্ৰহাৰত মূৰ ফাটি তেজৰে ৰাঙলী হ’ল মহিলা ৷

লখিমপুৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

উত্তৰ লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত পূব চানমাৰিৰ বসতিপূৰ্ণ এলেকাত আছে পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড (Lakhimpur municipality Dumping ground at inhabited area) । পৌৰসভাই জধেমধে জাবৰ-জোঁথৰ পেলোৱাক কেন্দ্ৰ কৰি এলেকাটোৰ কেইবা শতাধিক লোকে এনে কাৰ্যৰ প্ৰতিবাদ জনাই বুধবাৰে ৰাজপথলৈ ওলাই আহে ।

আদালতৰ ৰায়দান অনুসৰি উত্তেজক পোছাক পিন্ধি থাকিলে যৌন নিৰ্যাতনৰ ঘটনা বিবেচনা নহয়

বিতৰ্কিত সিদ্ধান্তটো কোজিকোড় জিলা সত্ৰ আদালতৰ ন্যায়াধীশ এছ কৃষ্ণকুমাৰে গ্ৰহণ কৰে (contentious decision by Kozhikode District Sessions Court) । ন্যায়াধীশজনে কয় যে অভিযোগ দাখিল কৰিবলৈ এগৰাকী মহিলাৰ হাতত সন্মান আৰু মৰ্যাদা ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিপন্ন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ থকাটো প্ৰয়োজন ।

তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰিব বিচৰা ৰাজ্য় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(AJYCP strike against new education system of Assam)ৰাজ্যজুৰি প্ৰতিবাদ সাব্য়স্ত কৰে । ইয়াৰেই অংশৰূপে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্য়মত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰা, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অসমৰ শিক্ষানুষ্ঠান সমূহত বিশেষ ভাৱে প্ৰাথমিক বিদ্যালয়সমূহত অসমীয়া মাধ্যমত শিক্ষাদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, প্ৰাথমিক বিদ্যালয়সমূহত শ্ৰেণীৰ প্ৰতি শিক্ষকৰ নিযুক্তি প্ৰদান, ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰ দূৰত্বত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা আদি কেতবোৰ দাবীৰে পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে ৩ ঘন্টীয়া গণ অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্য ১৫৮ শতাংশ বৃদ্ধি

ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী হৈছে (Trade relations between Tripura and Bangladesh)। যোৱা ৪ বছৰত বাণিত্য ১৫৮ শতাংশ বৃদ্ধি । পূৰ্বৰ চিপিআই(এম)ৰ চৰকাৰৰ দিনত এই পৰিমাণ আছিল ৩৯০.৬৮ কোটি টকা ।

পত্নীক আন মহিলাৰে তুলনা কৰাৰ আগত এশবাৰ ভাবক এতিয়াৰে পৰা

এতিয়াৰে পৰা পত্নীক আন মহিলাৰ সৈতে তুলনা কৰিব নোৱাৰিব ৷ মনে বিচৰা পত্নী লাভ নকৰা বুলিও ক’ব নোৱাৰিব ৷ কিয়নো এই কাৰ্য অপৰাধ হিচাবে গণ্য কৰা হৈছে ৷

গণশিল্পী খগেন মহন্তৰ আজি 80 সংখ্যক জন্মজয়ন্তী

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক বহু চিৰসেউজ গীতেৰে সজীৱ কৰি থৈ যোৱা বিহুৰ সম্ৰাট প্ৰয়াত খগেন মহন্তৰ আজি 80 সংখ্যক জন্মজয়ন্তী ৷ তেওঁৰ অনুপস্থিতি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেওঁৰেই সু-পুত্ৰ অসম গৌৰৱ অংগৰাগ মহন্তই পিতৃক স্মৰণ কৰি তেওঁৰ এখন সুন্দৰ ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ৷ আগলৈ পঢ়ক-

চাপৰমুখত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান । ফলস্বৰূপে প্ৰায় প্ৰতিদিনে ঠায়ে ঠায়ে জব্দ হৈছে গাঞ্জা, ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য। ইয়াৰ মাজতে চাপৰমুখত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ(Smuggler arrested with Ganja)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.