ETV Bharat / bharat

বিজেপিৰ কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি

author img

By

Published : Aug 17, 2022, 4:17 PM IST

Sarbananda Sonowal
Sarbananda Sonowal

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম (Sarbananda Sonowal included central election committee of BJP) ।

নিউজ ডেস্ক, ১৭ আগষ্ট : ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সংসদীয় পৰিষদত নতুন সদস্য হিচাপে স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপিৰ জ্যেষ্ঠ নেতা, কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ সাংসদ সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal included Central Parliamentary Board of BJP) । বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত এই ব'ৰ্ডত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম (Sarbananda Sonowal included central election committee of BJP) ।

উল্লেখ্য, বিজেপিয়ে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক ইয়াৰ সংসদীয় পৰিষদৰ পৰা বাদ দিয়ে (Nitin Gadkari and Shivraj Singh Chouhan dropped from parliamentary board) । ইয়াৰ বিপৰীতে বি এছ য়েডিয়ুৰাপ্পা আৰু ইকবাল সিং লালপুৰাকে ধৰি ছয় নতুন মুখক স্থান দিয়ে ।

বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতি
বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতি

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, সুধা সাদৱ আৰু সত্যনাৰায়ণ জাতিয়া হৈছে বিজেপিৰ শীৰ্ষ সাংগঠনিক সংস্থাৰ (apex organisational body of BJP) আনকেইগৰাকী নতুন সদস্য । সংসদীয় পৰিষদক অধিক সামাজিক আৰু আঞ্চলিকভাৱে প্ৰতিনিধিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবেই দলটোৰ এয়া এক প্ৰয়াস বুলি জনোৱা হৈছে ।

জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদ
জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদ

আনহাতে, সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তি হিচাপে বিজেপি সংসদীয় পৰিষদত আসন লাভ কৰা লালপুৰা হ'ব প্ৰথমগৰাকী শিখ সম্প্ৰদায়ৰ প্ৰতিনিধি (Iqbal Singh Lalpura first sikh in BJP parliamentary board) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi), কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Union ministers Amit Shah and Rajnath Singh) আৰু বিজেপি সভাপতি জে পি নাড্ডাও (BJP president J P Nadda) এই সদস্যসকলৰ ভিতৰত আছে । লগতে দলটোৱে ইয়াৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিখনো পুনৰ গঠন কৰে আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিশ, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, ওম মাথুৰ আৰু ইয়াৰ মহিলা শাখাৰ মুৰব্বী ভানাথি শ্ৰীনিবাসনক তাত অন্তৰ্ভুক্ত কৰে ।

উল্লেখ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাহনৱাজ হুছেইন আৰু জুৱেল ওৰামক চিইচিৰ পৰা বাদ দিয়া হৈছে । ইয়াৰে সদস্যসকল সকলো সংসদীয় পৰিষদৰ সদস্য হিচাবেও অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক :পেহেলগামত নিহত আইটিবিপিৰ জোৱানক পুষ্পমাল্যৰে বিদায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.