ETV Bharat / bharat

ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্য ১৫৮ শতাংশ বৃদ্ধি

author img

By

Published : Aug 17, 2022, 4:08 PM IST

ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী হৈছে (Trade relations between Tripura and Bangladesh)। যোৱা ৪ বছৰত বাণিত্য ১৫৮ শতাংশ বৃদ্ধি । পূৰ্বৰ চিপিআই(এম)ৰ চৰকাৰৰ দিনত এই পৰিমাণ আছিল ৩৯০.৬৮ কোটি টকা ।

Trade
ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্য ১৫৮ শতাংশ বৃদ্ধি

আগৰতলা,১৭ আগষ্ট : ভাৰত চৰকাৰে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিভিন্ন আঁচনিৰ লগতে চুবুৰীয়া দেশৰ সৈতে এই ক্ষেত্ৰত বুজাবুজি চুক্তিও সম্পন্ন কৰিছে ভাৰত চৰকাৰে । বিশেষকৈ বাংলাদেশৰ সৈতে থকা দীৰ্ঘদিনীয়া বাণিজ্যিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে চৰকাৰে । ইফালে বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে উত্তৰ-পূৱৰ অন্যতম ৰাজ্য ত্ৰিপুৰা আৰু চুবুৰীয়া বাংলাদেশৰ মাজত যোৱা চাৰি বছৰত বাণিজ্য যথেষ্ট বৃদ্ধি পাইছে (Trade between Tripura and Bangladesh increased)।

সূত্ৰৰ মতে ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্য ১৫৮ শতাংশ বৃদ্ধি পাইছে (Trade between Tripura and Bangladesh increases by 158 per cent)। সূত্ৰটোৱে উল্লেখ কৰা মতে ২০১৭-১৮ বৰ্ষত তেতিয়াৰ চিপিআই (এম) চৰকাৰৰ সময়ছোৱাত ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ৩৯০.৬৮ কোটি টকা । আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত এই বাণিজ্যৰ পৰিমাণ ১,০০৮.৪০ কোটি টকা হোৱা বুলি জানিব পৰা গৈছে ।

ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্য ৮ টা স্থল শুল্ক কেন্দ্ৰত এটা ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে অব্যাহত আছে । লগতে দক্ষিণ জিলাৰ শ্ৰীনগৰ আৰু চেপাহিজালা জিলাৰ কমলাসাগৰকে ধৰি দুখন সীমান্ত হাটৰ জৰিয়তেও বাংলাদেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰা হৈছে ।

সূত্ৰটোৱে লগতে কয় যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হৈছিল য'ত তেওঁ কৈছিল যে ৰাজ্যখনক এক অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সুযোগ আছে আৰু সেই কাৰণে ৰাজ্যখনত উদ্যোগৰ বিকাশত সৰ্বাধিক গুৰুত্ব দিয়া উচিত ।

লগতে পঢ়ক :জিলা চিকিৎসালয়ত Critical Care Block স্থাপনৰ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.