ETV Bharat / state

বিবাহ বিচ্ছেদৰ পত্ৰত স্বাক্ষৰ নকৰাৰ বাবেই অধিবক্তাই প্ৰহাৰ কৰিলে মহিলাক

author img

By

Published : Aug 17, 2022, 5:54 PM IST

ন্যায় বিচাৰি গৈ বৰপেটাত অধিবক্তাৰ হাতত প্ৰহৃত হ'ল গোচৰীয়া মহিলা (Divorce victim beaten up by advocate) ৷ বিবাহ বিচ্ছেদৰ পত্ৰত স্বাক্ষৰ নকৰাৰ বাবেই অধিবক্তাৰ প্ৰহাৰত মূৰ ফাটি তেজৰে ৰাঙলী হ’ল মহিলা ৷

Divorce victim beaten up by advocate
Divorce victim beaten up by advocate

বৰপেটা, ১৭ আগষ্ট : সাধাৰণতে ন্যায়িক সমস্যাৰ সন্মুখীন হোৱা লোকসকল আদালতৰ কাষ চাপে ৷ আদালতত অধিবক্তাই তেওঁলোকৰ অভিযোগ অনুসৰি যুক্তি প্ৰদৰ্শন কৰি ন্য়ায় লাভৰ ক্ষেত্ৰত সহায় কৰে ৷ কিন্তু কেতিয়াবা ন্যায় বিচাৰি গৈ অধিবক্তাৰ হাতত গোচৰীয়া প্ৰহৃত হোৱাৰ কথা শুনিছে নে ? হয় এনে ঘটনাই সংঘটিত হৈছে এইবাৰ ৷ অধিবক্তাই ৱালত মাৰি ফালিলে এগৰাকী মহিলাৰ মূৰ (Divorce victim beaten by advocate) ৷ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

বৰপেটা আদালতৰ উকীল সন্থাৰ বাৰত সৃষ্টি হৈছে চাঞ্চল্যকৰ ঘটনা ৷ বিবাহ বিচ্ছেদৰ পত্ৰত স্বাক্ষৰ নকৰাৰ বাবেই স্বামীপক্ষৰ অধিবক্তাই প্ৰহাৰ কৰে এগৰাকী মহিলাক ৷ অধিবক্তাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হ'ল মহিলাগৰাকী (Advocate thrashed woman in Barpeta district court)৷ অধিবক্তাৰ হাতত প্ৰহৃত হৈ আহত হোৱা মহিলাগৰাকী ৰেহেনা বেগম ৷ বহৰিৰ সৰুদিয়া গাৱৰ ৰেজাক আলীৰ কন্যা ৰেহেনা বেগমৰ ৭ মাহ পূৰ্বে সৰুক্ষেত্ৰীৰ ১নং বালাপাৰা গাঁৱৰ ৰহমান আলীৰ সৈতে বিবাহ হৈছিল ৷

পিছে বিয়াৰ পাচতেই স্বামী আৰু পত্নীৰ মাজত সৃষ্টি হোৱা সংঘাত গৈ পাইছিল বৰপেটা আদালতৰ মজিয়া (Divorce case in Barpeta court)৷ আজি বৰপেটা আদালতত উপস্থিত হৈছিল দুয়োপক্ষ ৷

আদালত চৌহদতে অধিবক্তাই বেৰত মাৰি ফালিলে মহিলাৰ মূৰ

পিছে ৰেহেনা বেগমে বিবাহ বিচ্ছেদ পত্ৰত স্বাক্ষৰ নকৰাৰ বাবে স্বামীপক্ষৰ কেইবাজনো লোকৰ লগতে অধিবক্তা ছৰিফ হুছেইনে মহিলাগৰাকীক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে (Advocate attacked a lady for denies to sign in divorce papers) ৷ ইপিনে অধিবক্তা ছৰিফ হুছেইনে মহিলাগৰাকীৰ মূৰতো পকী বেৰত খুন্দা মাৰি দিয়াত মহিলাগৰাকীৰ মূৰ ফালি ধাৰাষাৰে তেজ বৈ আহে (Women beaten up by advocate in Barpeta) ৷ ঘটনাৰ পিচতে মহিলাগৰাকীয়ে বৰপেটা সদৰ থানাত উপস্থিত হোৱাত আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় ৷ মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে গোচৰ ৰুজু হোৱা নাই ৷ এই ঘটনাই বৰপেটাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: পত্নীক আন মহিলাৰে তুলনা কৰাৰ আগত এশবাৰ ভাবক এতিয়াৰে পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.