ETV Bharat / bharat

পত্নীক আন মহিলাৰে তুলনা কৰাৰ আগত এশবাৰ ভাবক এতিয়াৰে পৰা

author img

By

Published : Aug 17, 2022, 4:15 PM IST

এতিয়াৰে পৰা পত্নীক আন মহিলাৰ সৈতে তুলনা কৰিব নোৱাৰিব ৷ মনে বিচৰা পত্নী লাভ নকৰা বুলিও ক’ব নোৱাৰিব ৷ কিয়নো এই কাৰ্য অপৰাধ হিচাবে গণ্য কৰা হৈছে ৷

Kerala HC on Comparing wife with other women
পত্নীক আন মহিলাৰে তুলনা কৰাৰ আগত এশবাৰ ভাবক এতিয়াৰে পৰা

নেশ্যনেল ডেস্ক, 17 আগষ্ট: আপুনি আপোনাৰ পত্নীক আন কোনো মহিলাৰ সৈতে তুলনা কৰে নেকি ? নে আপুনি আশা কৰাৰ দৰে পত্নী লাভ নকৰিলে বুলি কয় ? এতিয়াৰে পৰা এনে মন্তব্য ভুলতো নকৰিব ৷ কাৰণ পত্নীক আন মহিলাৰ লগত তুলনা কৰা অথবা আশা কৰা ধৰণে পত্নী লাভ নকৰা বুলি কোৱাটো আইন মতে দণ্ডনীয় (Comparing wife with other women is mental cruelty)৷ এয়া দেশৰ এখন উচ্চ ন্যায়ালয়ৰ ৰায় ৷

এক দম্পত্তি 13 বছৰে বিচ্ছিন্ন হৈ থকাৰ এক গোচৰৰ অন্তত এই নিৰ্দেশনা দিয়ে কেৰালা উচ্চ ন্যায়ালয়ে (Kerala HC on Comparing wife with other women)৷ আদালতে কয় যে পত্নীক আন মহিলাৰ সৈতে তুলনা কৰাৰ লগতে আশা কৰা ধৰণৰ পত্নী নহয় বুলি ঠাট্টা কৰাটো মানসিক হাৰাশাস্তিত পৰে ৷

কেৰালা আদালতত বিচাৰাধীন গোচৰটোৰ অন্তত বিচ্চিন্ন হৈ থকা দম্পত্তিৰ বিবাহ বিচ্ছেদ সম্পন্ন কৰি ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু চি এছ সুধাৰ বিচাৰপীঠে কয় যে, 1869 চনৰ বিবাহ বিচ্ছেদ আইন অনুসৰি স্বামীৰ মানসিক হাৰাশাস্তিৰ বাবে দুয়োৰে বিবাহ বিচ্ছেদ কৰা হৈছে । বিচাৰপীঠে কয়, "স্বামীয়ে বাৰে বাৰে কৰা ঠাট্টা, আশা কৰা ধৰণে পত্নী নহয় বুলি কৈ অহা আৰু আন মহিলাৰ সৈতে কৰা তুলনা এক প্ৰকাৰৰ মানসিক হাৰাশাস্তি - যাক এগৰাকী পত্নীয়ে সহ্য কৰিব নোৱাৰে ৷’’

কেৰেলাৰ আদালতত বিচাৰাধীন হোৱা গোচৰটোত পত্নীয়ে অভিযোগ কৰে যে, স্বামীয়ে তেওক শাৰীৰিকভাৱে আকৰ্ষণীয় বুলি নাভাৱে ৷ যাৰ বাবে তেওঁৰ পৰা স্বামী প্ৰায়েই আঁতৰি থাকে ৷ ফলত পাৰিবাৰিক অশান্তিৰ সৃষ্টি হয় ৷ বিষয়টো আদালতত বিচাৰ হোৱাৰ পাছত আদালতে ৰায় প্ৰদান কৰি উল্লেখ কৰে যে, এনেদৰে পাৰস্পৰিক আকৰ্ষণ নোহোৱাকৈ হোৱা বিবাহ সমাজৰ পৰিপন্থী আৰু স্বামীয়ে এনেদৰে পত্নীক তিৰস্কাৰ কৰাৰ লগতে আনৰ লগত তুলনা কৰাটো অপৰাধ ৷

লগতে পঢ়ক: কোলাত মৃত শিশু, পিতৃক এবাৰ সন্তানটো দেখুৱাবলৈ কাৰাগাৰৰ বাহিৰত 7 ঘণ্টা অপেক্ষা মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.