তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

By

Published : Aug 17, 2022, 6:57 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰিব বিচৰা ৰাজ্য় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(AJYCP strike against new education system of Assam)ৰাজ্যজুৰি প্ৰতিবাদ সাব্য়স্ত কৰে । ইয়াৰেই অংশৰূপে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্য়মত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰা, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অসমৰ শিক্ষানুষ্ঠান সমূহত বিশেষ ভাৱে প্ৰাথমিক বিদ্যালয়সমূহত অসমীয়া মাধ্যমত শিক্ষাদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, প্ৰাথমিক বিদ্যালয়সমূহত শ্ৰেণীৰ প্ৰতি শিক্ষকৰ নিযুক্তি প্ৰদান, ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰ দূৰত্বত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা আদি কেতবোৰ দাবীৰে পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে ৩ ঘন্টীয়া গণ অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে, অসম চৰকাৰৰ ভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰোঁতে অতি দমন নীতিৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰতিবাদকাৰীসকলে গৰিহণা দিয়ে । চৰকাৰৰ এনে সিদ্ধান্তই অসমীয়া ভাষাৰ প্ৰতি সংকট নমাই আনিব বুলি ক্ষোভ প্রকাশ কৰি সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.