ETV Bharat / state

চাপৰমুখত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Aug 17, 2022, 6:25 PM IST

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান । ফলস্বৰূপে প্ৰায় প্ৰতিদিনে ঠায়ে ঠায়ে জব্দ হৈছে গাঞ্জা, ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য। ইয়াৰ মাজতে চাপৰমুখত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ(Smuggler arrested with Ganja)।

Ganja siezed at Saparmukh
চাপৰমুখত ২৬ কেজি গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ৰহা, ১৭ আগষ্ট: ৰাজ্যখনত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে তীব্ৰ অভিযান(Anti drugs mission by Assam police)৷ এনে অভিযানৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়খন । নগাঁও জিলাতো ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলনীয়ে অতিষ্ঠ কৰিছে জনসাধাৰণক । ইয়াৰ মাজতে বুধবাৰে চাপৰমুখ ৰেল আৰক্ষীয়ে জব্দ কৰিলে গাঞ্জা ।

চাপৰমুখ ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথ অভিযান চলাই পুৱা ২৬ কিলো গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Smuggler arrested with Ganja)। পিছত আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীজনক কালিম উদ্দিন বুলি চিনাক্ত কৰে । ধৃত কালিম উদ্দিনৰ ঘৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টকৌডুবি গাঁৱত ।

জানিব পৰা মতে, বুধবাৰে পুৱতি নিশা নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছত গাঞ্জাখিনি আনি কামপুৰ-লাউপানী ৰেল ষ্টেচনৰ মাজৰ এক নিৰ্জন ঠাইত দলিয়াই দিছিল । ইতিমধ্যে ৰেল আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অভিযুক্ত কালিম উদ্দিনক জেৰা চলাই আছে ।

লগতে পঢ়ক:গুজৰাটত মুম্বাই এণ্টি নাৰ্কোটিক্স চেলৰ দ্বাৰা জব্দ 1026 কোটি টকাৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.