ETV Bharat / bharat

আদালতৰ ৰায়দান অনুসৰি উত্তেজক পোছাক পিন্ধি থাকিলে যৌন নিৰ্যাতনৰ ঘটনা বিবেচনা নহয়

author img

By

Published : Aug 17, 2022, 6:12 PM IST

বিতৰ্কিত সিদ্ধান্তটো কোজিকোড় জিলা সত্ৰ আদালতৰ ন্যায়াধীশ এছ কৃষ্ণকুমাৰে গ্ৰহণ কৰে (contentious decision by Kozhikode District Sessions Court) । ন্যায়াধীশজনে কয় যে অভিযোগ দাখিল কৰিবলৈ এগৰাকী মহিলাৰ হাতত সন্মান আৰু মৰ্যাদা ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিপন্ন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ থকাটো প্ৰয়োজন ।

court descission
court descission

নিউজ ডেস্ক, ১৭ আগষ্ট : কেৰালাৰ কোজিকোড় সত্ৰ ন্যায়াধীশৰ আদালতে (shocking statement by Kozhikode Sessions Court) এক আশ্চৰ্যকৰ ৰায় প্ৰদান কৰিছে । এগৰাকী যৌন নিৰ্যাতনত অভিযুক্ত ব্যক্তিৰ অগ্ৰিম জামিন প্ৰদানৰ শুনানিত এই ৰায় দিয়ে আদালতখনে । উক্ত ৰায়ৰ বিবৃতিত কোৱা হৈছে যে এগৰাকী মহিলাই 'যৌন উত্তেজক পোছাক' (sexually provocative dress) পিন্ধি থকা অৱস্থাত যৌন কাৰ্য সংঘটিত হ'লেও তেনে ব্যক্তিক প্ৰথম অৱস্থাত জামিন মঞ্ৰজুৰ কৰিব পৰা যায় । উল্লেখ্য, ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ এ ধাৰাৰ অধীনত (Section 354 A of Indian Penal Code) এটা যৌন নিৰ্যাতনৰ অপৰাধৰ গোচৰত (sexual harassment case) এগৰাকী সমাজকৰ্মী চিভিক চন্দ্ৰনক এই যুক্তিৰ ভিত্তিতে জামিন প্ৰদান কৰে আদালতখনে ।

আদালতৰ লগতে পৰ্যবেক্ষণ, কিবা কাৰণত শাৰীৰিক সম্পৰ্ক থাকিলেও শাৰীৰিকভাৱে যথেষ্ট সীমাবদ্ধতা থকা এজন 74 বছৰীয়া বৃদ্ধই অভিযোগকাৰীক বলপূৰ্বকভাৱে নিজৰ কোলাত বহুৱাই ৰাখিব পাৰে বুলি ভবাটো অকল্পনীয় ।

আনহাতে, আদালতে অতিৰিক্তভাৱে কয় যে অভিযুক্তই যিবোৰ ছবি আদালতত দাখিল কৰিছে সেই ছবিবোৰেও এইটো প্ৰদৰ্শন কৰে যে অভিযোগকাৰীয়ে নিজেই নিজৰ 'পোছাক উন্মোচন' কৰি আছে । য'ত কিছুমান যৌন ইঙ্গিতপূৰ্ণ পোছাকো আছে । সেয়ে উক্ত ৰায়ত কোৱা হয় যে কেৱল সেয়াই ধাৰা 354 এ (যৌন নিৰ্যাতন) প্ৰাথমিকভাৱে অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য নিদিয়ে ।

উল্লেখ্য, এই বিতৰ্কিত সিদ্ধান্তটো কোজিকোড় জিলা সত্ৰ আদালতৰ ন্যায়াধীশ এছ কৃষ্ণকুমাৰে গ্ৰহণ কৰে (contentious decision by Kozhikode District Sessions Court) । ন্যায়াধীশজনে কয় যে অভিযোগ দাখিল কৰিবলৈ এগৰাকী মহিলাৰ হাতত সন্মান আৰু মৰ্যাদা ক্ষতিগ্ৰস্ত হোৱাটো প্ৰতিপন্ন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ থকাটো প্ৰয়োজন ।

উল্লেখ্য, অভিযুক্ত তথা অন্যান্যসকলে ২০২০ চনৰ ফেব্ৰুৱাৰীত কয়লানিৰ ওচৰৰ নন্দী বীচত এটা শিবিৰৰ আয়োজন কৰিছিল বুলি অভিযুক্ত পক্ষই কৰা দাবীৰ উত্তৰত এই পৰ্যবেক্ষণ কৰা হয় । অভিযুক্ত পক্ষৰ মতে, উক্ত শিবিৰত অংশগ্ৰহণকাৰীসকলে তেওঁক নন্দী বীচত ঘূৰাই লৈ ফুৰাইছিল আৰু তেনেদৰেই তেওঁক এক নিৰ্জন স্থানলৈ টানি লৈ গৈছিল । তাতেই অভিযুক্তই অভিযোগকাৰীৰ হাতত ধৰিছিল । লগতে তেওঁৰ স্তন্য মৰ্দন কৰিবলৈ আৰু তেওঁক তেওঁৰ কোলাত বহিবলৈ অনুৰোধ কৰা বুলিও অভিযোগ উঠিছিল ।

ইয়াৰ উপৰি, অভিযোগকাৰীয়ে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ধাৰা 354 এ (2), 341 আৰু 354 অনুসৰি চলাবলৈও অনুৰোধ কৰিছিল ।

উল্লেখ্য, চৰকাৰী অধিবক্তাই অভিযুক্ত ব্যক্তিজনক জামিন প্ৰদানত আপত্তি প্ৰদৰ্শন কৰিছিল । অভিযুক্ত পক্ষই দাবী কৰিছিল যে অভিযুক্তজন ইয়াৰ আগতেও একে ধৰণৰ যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত আছিল । পূৰ্বৰ গোচৰটোত দলিত মহিলা এগৰাকীক উৎপীড়ন কৰাৰ এক প্ৰচেষ্টাৰ সৈতে জড়িতৰ অভিযোগত চন্দ্ৰনক আগতীয়া জামিন দিয়া হৈছিল । চন্দ্ৰনক ১২ আগষ্টত দ্বিতীয় গোচৰতো আগতীয়া জামিন দিয়া হয় ।

লগতে পঢ়ক :পত্নীক আন মহিলাৰে তুলনা কৰাৰ আগত এশবাৰ ভাবক এতিয়াৰে পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.