ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Feb 22, 2022, 7:06 PM IST

Updated : Feb 22, 2022, 9:15 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

বোকাখাতৰ চাঞ্চল্যকৰ গুলীচালনা: অপৰাধীক আটক কৰাত ব্যৰ্থ আৰক্ষী

বোকাখাতত চাঞ্চল্যকৰ গুলীচালনাত আহত হৈছিল ৭ বছৰীয়া কিশোৰ (7 year old boy injured in firing at Bokakhat) । এজাহাৰ দিয়াৰ ১ সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো মুকলি আকাশৰ তলত অপৰাধী । অতি শীঘ্ৰে ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত্ব কৰাৰ দাবী ভুক্তভোগী কিশোৰৰ পৰিয়ালৰ ।

হিজাব বিতৰ্ক, নিৰ্বাচনৰ কথাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ সাক্ষাৎকাৰ

বিজেপি, সমাজবাদী পাৰ্টী, কংগ্ৰেছ আৰু অন্যান্য দলসমূহে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ (UP assembly elections 2022) যোগেদি শাসনৰ মছনদত অধিস্থিত হোৱাৰ বাবে সকলো ৰণকৌশল ইতিমধ্যে অৱলম্বণ কৰিছে ৷ ৰাজ্যখনত ভোটগ্ৰহণৰ তিনিটা পৰ্যায় ইতিমধ্যে সমাপ্ত হোৱাৰ পিছত এতিয়া চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি চলি আছে ৷

ক'ভিড ভেকচিনৰ পৰা এতিয়াও আঁতৰত ৰাজ্যৰ বহুসংখ্যক লোক

ক'ভিডৰ সকলো বাধা-নিষেধ প্ৰত্যাহাৰ কৰা হ'ল যদিও ভেকচিন নোলোৱা লোকসকলক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ (Covid 19 Update in Assam)। ১৮ বছৰৰ ঊৰ্দ্ধৰ ৰাজ্যৰ প্ৰায় চাৰি লাখ লোকে এতিয়াও প্ৰথমপালি ভেকচিনেই গ্ৰহণ কৰা নাই । দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যা এতিয়াও দুই কোটিৰ তলত আছে । ৰাজ্যখনৰ ১৫-১৮ বছৰ বয়সৰ ২০.৩৭ লাখ কিশোৰ-কিশোৰীৰ ভিতৰত ১৪ লাখেহে প্ৰথম পালি ভেকচিন লৈছে ( numbers of people yet to receive covid vaccine in Assam ) ।

গোলাঘাটত সন্দেহজনক হত্যাকাণ্ড

গোলাঘাটৰ মেৰাপানীৰ মক্ৰং বৰচাপৰি গাঁৱত সংঘটিত হৈছে এক সন্দেহজনক হত্যাকাণ্ড (Suspicious murder at Golaghat) ৷ ঘটনা অনুসৰি, সোমবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ থকা গাঁওখনৰ বাসিন্দা ৰাতুল বৰাৰ মৃতদেহ মঙলবাৰে দুপৰীয়া চিপজৰী লোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷

Fire breaks out in goalpara : নিমিষতে ছাঁই হ’ল ছামাদ আৰু আনোৱাৰৰ সপোনৰ ঘৰখন

গোৱালপাৰাৰ জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড (Goalpara fire incident) । এই অগ্নিকাণ্ডত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মিভূত হয় ৷ লগতে জুইত জাহ যায় প্ৰায় ৭ লাখ টকাৰ সা-সম্পত্তি আৰু বহু নথি-পত্ৰ ৷

বহিষ্কৃত ছাত্ৰ নেতাক আদৰি আছুৰ অৰাজনৈতিক চৰিত্ৰক প্ৰশংসা অগপ বিধায়ক পোনাকণ বৰুৱাৰ

সদৌ অসম ছাত্ৰসন্থাৰ সদস্যসকলে অসম গণ পৰিষদত যোগদান কৰাটো বিচাৰে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৷ আছুৰ পৰা বহিষ্কৃত হৈ সোমবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ একাংশ নেতা-কৰ্মীয়ে অগপত যোগদান কৰাৰ পিছতে এই মন্তব্য বিধায়কগৰাকীৰ (AASU leader joins AGP at Chabua)৷

পিটনিত হেৰাল চোৰ: চোৰক বিচাৰি চলাথ কৰা হৈছে পিটনি

এটা চোৰে নাকনি কাননি কৰিছে ৰঙাপৰা আৰক্ষীক ৷ চোৰটোক বিচাৰি চলাথ কৰা হৈছে এটা পিটনি (Thief missing in Pond at Rangapara)৷ অভিযানত উঠিপৰি লাগিছে অগ্নি নিৰ্বাপক বাহিনীও ৷ তথাপি উলিয়াব পৰা নাই চোৰটোৰ শুংসূত্ৰ ৷

বজাৰত উপলৱ্ধ হ’ব গৃহিনীসকলে সহজেই দাঙিব পৰা চিলিণ্ডাৰ

গৃহিনীসকললৈ সুখবৰ ৷ এতিয়াৰে পৰা আধা ৰন্ধা ভাত, আঞ্জা বা তৰকাৰীখন আধা ৰন্ধাকৈয়ে এৰিব লগীয়া কেতিয়াও নহয় ৷ কাৰণ এই সমস্যাৰ সমাধান উলিয়াই ইণ্ডিয়ান অইল কৰ্প'ৰেছন লিমিটেডে নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে কম্প'জিত চিলিণ্ডাৰ (Indian Oil Corporation launches the sale of Composite gas Cylinders) ৷

পৌৰ নিৰ্ব‍াচন 2022 : কি স্থিতিতি এজেপি, ৰাইজৰ দল ?

ল গঠন হোৱা প্রায় এটা বছৰ হোৱাৰ পাছতো তৃণমূল পর্যায়ত এজেপি আৰু ৰাইজৰ দলৰ ভেটি একেবাৰে দুৰ্বল হৈয়ে আছে । যাৰ বাবে পৌৰ নিৰ্বাচনত (Assam municipal election 2022) আঞ্চলিক দল দুটাই সকলো স্থানতে প্রার্থী দিবলৈ সক্ষম হোৱা নাই । ক্ষমতাৰ স্বাৰ্থত দুয়োটা দলেই পূর্বতে শত্রু জ্ঞান কৰা কংগ্ৰেছৰ সৈতে এতিয়া হাত মিলাইছে ।

Rajya Sabha election 2022: ফলাফলে চিনাক্ত কৰিব ৰাজনীতিৰ প্ৰতাৰকক: দুলু আহমেদ

ৰাজ্যসভা নিৰ্বাচনত (Rajya Sabha election 2022) অসমৰ ৰাইজে ৰাজনৈতিক প্ৰতাৰকসকলক চিনাক্ত কৰিব ৷ নিজ দলক বিশ্বাসঘাটকতা কৰা ৰাজনৈতিক গাড্ডাৰসকলৰ মুখবোৰ ৰাজ্যসভা নিৰ্বাচনত ওলাই পৰিব ৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহেমেদৰ ৷

Last Updated :Feb 22, 2022, 9:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.