ETV Bharat / state

বোকাখাতৰ চাঞ্চল্যকৰ গুলীচালনা: অপৰাধীক আটক কৰাত ব্যৰ্থ আৰক্ষী

author img

By

Published : Feb 22, 2022, 6:34 PM IST

বোকাখাতত চাঞ্চল্যকৰ গুলীচালনাত আহত হৈছিল ৭ বছৰীয়া কিশোৰ (7 year old boy injured in firing at Bokakhat) । এজাহাৰ দিয়াৰ ১ সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো মুকলি আকাশৰ তলত অপৰাধী । অতি শীঘ্ৰে ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত্ব কৰাৰ দাবী ভুক্তভোগী কিশোৰৰ পৰিয়ালৰ ।

Bokakhat
বোকাখাতৰ চাঞ্চল্যকৰ গুলীচালনা

বোকাখাত,২২ ফেব্ৰুৱাৰী : যোৱা ২ ফেব্ৰুৱাৰীত বোকাখাতত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা । এয়াৰগানৰ গুলীত আহত হৈছিল ৭ বছৰীয়া এটি শিশু (7 year old boy injured in firing at Bokakhat) । লক্ষণীয়ভাৱে আজি পৰ্যন্ত ঘটনাত জড়িত লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

বোকাখাতৰ চাঞ্চল্যকৰ গুলীচালনা: অপৰাধীক আটক কৰাত ব্যৰ্থ আৰক্ষী

উল্লেখ্য যে ২ ফেব্ৰুৱাৰীৰ সন্ধিয়া বোকাখাত নগৰৰ ৮ নং ৱাৰ্ডত ভাৰাতীয়া হিচাপে থকা অবিনাশ কৰ্মকাৰ আৰু চুনীতা তাঁতী কৰ্মকাৰৰ একমাত্ৰ ৭ বছৰীয়া পুত্ৰ চেমূৱেল কৰ্মকাৰে মাতৃৰ সৈতে ঘৰৰ সমীপৰে দোকানলৈ বুলি ওলাই গৈছিল । সেই সময়তে হঠাৎ গুলীয়ে আঘাত কৰে কনমাণি চেমূৱেলৰ বাওঁ ভৰিত । গুলীৰ আঘাতত ঠাইতে ঢলি পৰে কনমানি চেমূৱেল (Sensational shooting in Bokakhat ) । লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কিশোৰজনক ।

পৰৱৰ্তী সময়ত সেয়া এয়াৰগানৰ গুলী বুলি নিশ্চিত হয় । আনহাতে ঘটনাস্থলীৰ পৰাই এটা এয়াৰগান উদ্ধাৰ কৰা হয় । আঘাতপ্ৰাপ্ত কিশোৰজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।

চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে যদিও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই কিশোৰজন । ইয়াৰ মাজতে দৰিদ্ৰ পৰিয়ালটো আৰ্থিক সমস্যাত পৰিছে । দিন- হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃ অবিনাশ কৰ্মকাৰে কোনোমতে আনৰ পৰা ধন ধাৰলৈ আনি চেমূৱেলৰ চিকিৎসা কৰিবলগীয়া হৈছিল । আনকি সন্তানৰ চিকিৎসাৰ খৰছ বহন কৰাৰ ক্ষেত্ৰত এতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালটো ।

ইফালে ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী চেমূৱেলৰ পৰিয়ালে । কিন্তু লক্ষণীয় কথাটো হ'ল যে আজিলৈ এই ঘটনাৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । কোনে, কি উদ্দেশ্যে কণমানিটোক লক্ষ্য কৰি গুলীচালনা কৰিছিল সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত । সেয়েহে অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত অপৰাধীক কৰায়ত্ত্ব কৰিবলৈ পৰিয়ালটোৱে দাবী জনাইছে ।

লগতে পঢ়ক :স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.