ETV Bharat / sports

ভাতৃ কামৰান আকমলৰ পিচত এইবাৰ সমালোচনাৰ সন্মুখীন উমৰ আকমল - Umar Akaml Flaunts Abs

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 7:28 PM IST

Pakistan Star Umar Akaml: পাকিস্তানৰ ক্ৰিকেটাৰ উমৰাণ আকমালে নিজৰ এক্স হেণ্ডেলত চাৰ্টবিহীন ফটো পোষ্ট কৰি ছ’চিয়েল মিডিয়াত যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ লগতে নেটিজেনে তেওঁক ইংৰাজী কেপচনৰ বাবে স্কুললৈ যাবলৈও কয় আৰু তেওঁৰ পোষ্টটো অতি সোনকালেই ক্ৰিকেট জগতৰ আলোচনাৰ বিষয় হৈ পৰিছিল ।

Pakistan Star Umar Akaml
Umar Akaml Flaunts Abs (IANS Photos)

নিউজ ডেস্ক, ১১ জুন: পাকিস্তানে টি-২০ বিশ্বকাপ ২০২৪ত নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজি থকাৰ সময়তে তেওঁলোকৰ অন্যতম ক্ৰিকেটাৰ উমৰ আকমল ছ’চিয়েল মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । টি-২০ বিশ্বকাপ দলৰ বহু পাকিস্তানী খেলুৱৈয়ে প্ৰতিযোগিতাখনত দেখুওৱা দুৰ্বল প্ৰদৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে । ইয়াৰ ভিতৰত উমৰে ​​ছ’চিয়েল মিডিয়াত তেওঁৰ দেহ প্ৰদৰ্শন কৰা ছবি শ্বেয়াৰ কৰে ।

পাকিস্তান দলটোৰ বাবে ফিটনেছ চিন্তাৰ কাৰণ হৈ পৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় ফিটনেছ বজাই ৰাখিব নোৱাৰাৰ বাবে শেহতীয়াকৈ আজম খানকে ধৰি দলটোৰ বৰ্তমানৰ বহু সদস্যই যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ।

২০১৯ চনত অন্তিমখন মেচ খেলাৰ পিচত উমৰে ​​দলৰ পৰা বিদায় লৈছিল । এতিয়া সামাজিক মাধ্যম এক্সত তেওঁৰ চাৰ্টবিহীন ফটো পোষ্ট কৰি উমৰে লিখিছে, ‘‘এটেনচন প্লীজ, এয়া সেইসকলৰ বাবে যিসকলে মোক ফিট নহয় বুলি ভাবে ৷’’

লগতে পঢ়ক: বিশ্বকাপৰ হাই ভল্টেজ মেচত ভাৰতৰ হাতত ৬ ৰাণত পৰাস্ত পাকিস্তান; বলাৰৰ উৎকৃষ্ট প্ৰদৰ্শন - T20 WORLD CUP 2024

পোষ্টটোৰ পিচতে বহু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে তেওঁক ইংৰাজী কেপচনৰ বাবে স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়াৰ বিপৰীতে কিছুমানে ছবিসমূহ ফটো শ্বপ কৰা বুলি সমালোচনা কৰে । আনকি কিছুমানে এইবোৰ এআই-ৰ দ্বাৰা প্ৰস্তুত কৰা ছবি বুলিও দাবী কৰিছিল ।

ভাষাৰ ব্যৱহাৰৰ বাবে উমৰ ​​চৰ্চালৈ অহাটো এয়াই প্ৰথম নহয় । সোঁহাতৰ বেটছমেনগৰাকীয়ে কেৰিয়াৰত এতিয়ালৈকে ১২২.৭৩ ষ্ট্ৰাইক ৰেটৰ সৈতে ১৬৯০ টি-২০ ৰান সংগ্ৰহ কৰিছে ।

ভাৰত বনাম পাকিস্তানৰ খেলৰ সময়ত অৰ্শদীপ সিং আৰু শিখ সম্প্ৰদায়ৰ বিষয়ে অপমানজনক মন্তব্য কৰা বাবে তেওঁৰ ভাতৃ কামৰান আকমলো বিতৰ্কত সোমাই পৰিছিল । ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে পিচত তেওঁক তীব্ৰ প্ৰত্যুত্তৰ দিয়ে আৰু পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে পিচত তেওঁৰ এই কাৰ্যৰ বাবে ক্ষমা খুজিছিল ।

লগতে পঢ়ক: ভাৰত জয়ী হোৱা নাই...পাকিস্তান হাৰিছে মাত্ৰ: প্ৰাক্তন পাক অধিনায়ক মুস্তাক মহম্মদ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.