ETV Bharat / state

জোনাইত খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি হাতে-কামে লাগিল গঞা - jonai erosion problems

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 7:32 PM IST

Jonai People Embankment Construction : নৈসৰ্গিকতাৰে পৰিপূৰ্ণ জোনাইৰ এটা অঞ্চলত পাহাৰীয়া নৈৰ সংহাৰী ৰূপ । দিখাড়ী নদীৰ বুকুত বিলীন হোৱাৰ পথত জোনাইৰ তেলামৰ এক বৃহত্তৰ অঞ্চল । খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি হাতে হাতে কোৰ, বস্তা, বেলচা লৈ ওলাই আহিল বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ সহস্রাধিক ৰাইজ । চৰকাৰে নহয়, জোনাইত সহস্ৰাধিক লোকে নিজা শ্ৰম আৰু ধনেৰে নিৰ্মাণ কৰিলে মথাউৰি ।

Jonai People Embankment Construction
গঞাৰ শ্ৰমদানেৰে মথাউৰি নিৰ্মাণ (ETV Bharat Assam)

জোনাই ১১ জুন : বাৰিষাৰ আগমনৰ লগে লগে আতংকিত হৈ পৰিছে জোনাই মহকুমাৰ সীমান্তৱৰ্তী তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ ৰাইজ । কৰৈবাৰী অঞ্চলত দুটা দশক ধৰি অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা দিখাড়ী নদীয়ে লৈছে এক ভয়ংকৰ ৰূপ ।

জোনাইত ৰাইজৰ প্ৰচেষ্টাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা (ETV Bharat Assam)

ইতিমধ্যে শ শ বিঘা কৃষিভূমি, প্ৰায় ৫০ৰো অধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে বহু মূল্যৱান সামগ্ৰী নৈৰ বুকুত বিলীন হৈছে । তাৰ উপৰি বৃহত্তৰ অঞ্চলটোত থকা একমাত্র প্ৰাথমিক বিদ্যালয়, বাথৌ মন্দিৰ, হৰি মন্দিৰ, নামঘৰ ইত্যাদিও দিখাড়ী নৈৰ বুকুত ইতিমধ্যে জাহ গৈছে ।

কিন্তু পৰিতাপৰ কথা যে দিখাড়ী নদীয়ে এনে ভয়ংকৰ ৰূপ লোৱাৰ পিছতো জনপ্ৰতিনিধি তথা অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ ।

আনহাতে, চৰকাৰ তথা প্ৰশাসনক বহুবাৰ কাকুতি-মিনতি কৰিও কোনো সুফল নোপোৱাত উপায়ন্তৰ হৈ প্ৰচণ্ড গৰমকো আওকাণ কৰি বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ প্ৰায় সহস্রাধিক ৰাইজ ওলাই আহে খহনীয়া প্ৰতিৰোধৰ বাবে বান্ধ নিৰ্মাণ কৰিবলৈ ।

জানিব পৰা মতে, কৰৈবাৰী অঞ্চলটোৰ ৱেলফেয়াৰ ছ'চাইটী আৰু অঞ্চলবাসীৰ নেতৃত্বত বিগত 15 দিনৰ পৰা দিখাড়ী নদীত মথাউৰি নিৰ্মাণৰ কাম চলাই আহিছে । সোমবাৰেও প্ৰখৰ ৰ'দৰ মাজতে হাতে হাতে কোৰ, বস্তা, বেলচা লৈ নৈৰ পাৰলৈ ওলাই আহে সহস্রাধিক ৰাইজ । তেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ বয়োজ্যেষ্ঠ ককা-আইতা, পুৰুষ-মহিলা, যুৱক-যুৱতী সকলোৱে ওলাই আহে দিখাড়ী নদীৰ মথাউৰি নিৰ্মাণ কৰিবলৈ । অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা কৰৈবাৰী অঞ্চললৈ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি, হাজাৰ হাজাৰ বস্তাত শিল-বালি ভৰাই শ্ৰমদানেৰে গাইড বান্ধ নিৰ্মাণৰ চেষ্টা চলাইছে ।

কিন্তু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শ্ৰমদানেৰে খহনীয়া প্ৰতিৰোধৰ বাবে গাইড বান্ধ নিৰ্মাণ কৰিছে যদিও ভৰ বাৰিষালৈ এই গাইড বান্ধ থাকিবনে নাই সেয়াও বৰ্তমান স্থানীয় ৰাইজেৰ সন্দেহৰ আৱৰ্তত ।

আনহাতে, বৃহত্তৰ কৰৈবাৰী অঞ্চলৰ সাধাৰণ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা লখিমপুৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰদান বৰুৱাক শীঘ্রেই দিখাড়ী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ: চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ বানাক্ৰান্তৰ - Assam Flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.