ETV Bharat / state

Rajya Sabha election 2022: ফলাফলে চিনাক্ত কৰিব ৰাজনীতিৰ প্ৰতাৰকক: দুলু আহমেদ

author img

By

Published : Feb 22, 2022, 5:38 PM IST

ৰাজ্যসভা নিৰ্বাচনত (Rajya Sabha election 2022) অসমৰ ৰাইজে ৰাজনৈতিক প্ৰতাৰকসকলক চিনাক্ত কৰিব ৷ নিজ দলক বিশ্বাসঘাটকতা কৰা ৰাজনৈতিক গাড্ডাৰসকলৰ মুখবোৰ ৰাজ্যসভা নিৰ্বাচনত ওলাই পৰিব ৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহেমেদৰ ৷

Rajya Sabha election 2022
ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলে চিনাক্ত কৰিব ৰাজনীতিৰ প্ৰতাৰকক: দুলু আহমেদ

বৰপেটা, ২২ ফেব্ৰুৱাৰী: ‘‘মাজুলী উপ-নিৰ্বাচনৰ(Majuli by election) ফলাফলে ভৱিষ্যত অসমৰ ৰাজনীতিলৈ এটা বাৰ্তা কঢ়িয়াই নিব ৷’’ বৰপেটাত অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহেমেদৰ মন্তব্য ৷ মাজুলীত অজাপৰ প্ৰাৰ্থীৰ আমানত জব্দ হ’ব, ৫০ হাজাৰ ভোটত হাৰিব বুলি বিজিপিৰ নেতা, মন্ত্ৰী, বিধায়কসকলে যি ধৰণে মন্তব্য প্ৰকাশ কৰি আহিছে মাজুলীৰ উপ-নিৰ্বাচনে এই সকলোবোৰক লৈ এক বাৰ্তা দিব বুলি মন্তব্য দুলু আহমেদৰ ৷ বৰপেটাৰ বানিয়াৰাপাৰাত অনুষ্ঠিত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে সাংবাদিকৰ আগত মাজুলী নিৰ্বাচনক লৈ এই মন্তব্য কৰে ৷

ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলে চিনাক্ত কৰিব ৰাজনীতিৰ প্ৰতাৰকক: দুলু আহমেদ

মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ জয় পৰাজয়ক লৈ বিজেপিৰ দৰে দম্ভালি মৰা মন্তব্য প্ৰকাশ নকৰোঁ বুলি কৈয়ো এই নিৰ্বাচনে ভৱিষ্যত ৰাজনীতিৰ বাৰ্তা কঢ়িয়াব বুলি প্ৰকাশ কৰে দুলু আহমেদে ৷ ইপিনে ৰাজ্যসভাৰ নিৰ্বাচন(Rajya Sabha election 2022) সম্পৰ্কতো মন্তব্য কৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতিগৰাকীয়ে ৷ ৰাজ্যসভা নিৰ্বাচনত অসমৰ ৰাইজে ৰাজনৈতিক গাড্ডাৰসকলক চিনাক্ত কৰিব বুলি মন্তব্য দুলু আহেমেদৰ ৷

ৰাজ্যসভাৰ এখন আসনত সংখ্যাৰ ফালৰ পৰা উমৈহতীয়া বিৰোধী প্ৰাৰ্থী বিজয়ী হোৱাতো নিশ্চিত ৷ কিন্তু বিধায়ক নিৰ্বাচিত হৈ নিজ দলক বিশ্বাসঘাটকতা কৰা ৰাজনৈতিক গাড্ডাৰসকলৰ মুখবোৰ ৰাজ্যসভা নিৰ্বাচনত ওলাই আহিব আৰু সেইসকলৰ নামবোৰ প্ৰকাশ পাব বুলিও মন্তব্য কৰে দুলু আহমেদে (Dulu Ahmed on rajya sabha election ) ৷

ইপিনে মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত প্ৰকৃত ঋণগ্ৰস্থ মহিলাসকলক ঋণ ৰেহাইৰে সহায় আগবঢ়োৱাৰ সলনি যিসকলে ঋণ আদায় দিছে তেওলোকৰ মাজতহে চেক বিতৰণ কৰি থকা বুলি অভিযোগ কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: পূৰ্বৰ বন্ধ আৰু পথ অৱৰোধৰ কথা সোৱঁৰাই মণিপুৰত মোদীয়ে বিচাৰিলে বিজেপিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.