ETV Bharat / state

পিটনিত হেৰাল চোৰ: চোৰক বিচাৰি চলাথ কৰা হৈছে পিটনি

author img

By

Published : Feb 22, 2022, 6:58 PM IST

এটা চোৰে নাকনি কাননি কৰিছে ৰঙাপৰা আৰক্ষীক ৷ চোৰটোক বিচাৰি চলাথ কৰা হৈছে এটা পিটনি (Thief missing in Pond at Rangapara)৷ অভিযানত উঠিপৰি লাগিছে অগ্নি নিৰ্বাপক বাহিনীও ৷ তথাপি উলিয়াব পৰা নাই চোৰটোৰ শুংসূত্ৰ ৷

Thief Missing in Pond
এটা চোৰক বিচাৰি চলাথ কৰা হৈছে পিটনি

ৰঙাপৰা, 22 ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ ৰঙাপৰাত মঙলবাৰে এক ৰহস্যজনক ঘটনা সংঘটিত হয় ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত নেতাজী সুভাষ চন্দ্ৰ বসুৰ পথৰ কাষত থকা এটা পুখুৰীৰ মাজত এটা চোৰ হঠাৎ সন্ধানহীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Thief missing in Pond at Rangapara)।

এটা চোৰক বিচাৰি চলাথ কৰা হৈছে পিটনি

মঙলবাৰে দিনৰ ১২ মান বজাত এটা চোৰে চাইকেল চলাই গৈ থকাত একাংশ ৰাইজে আটক কৰিবলৈ চেষ্টা চলাইছিল । পাছত ২২-২৩ বছৰীয়া চোৰটোৱে আত্মৰক্ষাৰ বাবে লেচু বাগানৰ সমীপত থকা বাদল শীলৰ এটা পুখুৰীৰ মাজেৰে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে সন্ধানহীন হৈ পৰে ।

ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে ৰঙাপৰা আৰক্ষী থানাৰ আৰক্ষী আৰু ৰঙাপৰাৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় । অগ্নি নিৰ্বাপক বাহিনীৰ লোকে পুখুৰীৰ মাজত সন্ধানহীন হোৱা চোৰটোক জীৱন্তে উদ্ধাৰ কৰিবলৈ অভিযান চলায় যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । চোৰটো পুখুৰীৰ মাজলৈ সোমাই যোৱা দৃশ্য একাংশ লোকৰ ম’বাইল ফোনত আবদ্ধ হয় । চোৰটোক চাবলৈ পুখুৰীৰ পাৰত লোকেলোকাৰণ্য হৈ পৰে ।

লগতে পঢ়ক: Businessman shot dead in Guwahati: মহানগৰীত আততায়ীৰ গুলীচালনাত ব্যৱসায়ীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.