ETV Bharat / state

ক'ভিড ভেকচিনৰ পৰা এতিয়াও আঁতৰত ৰাজ্যৰ বহুসংখ্যক লোক

author img

By

Published : Feb 22, 2022, 5:43 PM IST

Covid 19 Update in Assam
ক'ভিড ভেকচিনৰ পৰা এতিয়াও আঁতৰত ৰাজ্যৰ বহুসংখ্যক লোক

ক'ভিডৰ সকলো বাধা-নিষেধ প্ৰত্যাহাৰ কৰা হ'ল যদিও ভেকচিন নোলোৱা লোকসকলক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ (Covid 19 Update in Assam)। ১৮ বছৰৰ ঊৰ্দ্ধৰ ৰাজ্যৰ প্ৰায় চাৰি লাখ লোকে এতিয়াও প্ৰথমপালি ভেকচিনেই গ্ৰহণ কৰা নাই । দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যা এতিয়াও দুই কোটিৰ তলত আছে । ৰাজ্যখনৰ ১৫-১৮ বছৰ বয়সৰ ২০.৩৭ লাখ কিশোৰ-কিশোৰীৰ ভিতৰত ১৪ লাখেহে প্ৰথম পালি ভেকচিন লৈছে ( numbers of people yet to receive covid vaccine in Assam ) ।

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো বাধা-নিষেধ প্ৰত্যাহাৰ কৰা হৈছে যদিও ৰাজ্যৰ বৃহৎসংখ্যক লোকে এতিয়াও ক'ভিড-১৯ৰ ভেকচিন লাভ কৰা নাই নাইবা গ্ৰহণ কৰা নাই (Covid 19 Update in Assam)। লক্ষণীয় বিষয় যে, ১৮ বছৰৰ ঊৰ্দ্ধৰ ৰাজ্যৰ প্ৰায় চাৰি লাখ লোকে এতিয়াও প্ৰথমপালি ভেকচিনেই গ্ৰহণ কৰা নাই । আনহাতে, দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যা এতিয়াও দুই কোটিৰ তলত আছে ( numbers of people yet to receive covid vaccine in Assam ) ।

Covid 19 Update in Assam
ক'ভিড ভেকচিনৰ পৰা এতিয়াও আঁতৰত ৰাজ্যৰ বহুসংখ্যক লোক

ইফালে ৰাজ্য চৰকাৰে ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদানৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে, যদিও উক্ত সময়সীমাৰ ভিতৰত সকলোকে ভেকচিন প্ৰদান কৰাটো সম্ভৱ হৈ নুঠিব । ৰাজ্যখনত ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে প্ৰায় ২০.৩৭ লাখ । ইয়াৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ১৪লাখ কিশোৰ-কিশোৰীকহে প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে ।

উল্লেখ যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে সকলোকে দুয়োপালি ভেকচিন প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল ।

কিন্তু যি গতিত ভেকচিন প্ৰদানৰ কাম চলি আছে, তাৰ পৰাস্পষ্ট হৈ পৰিছে যে উক্ত সময়ৰ ভিতৰত সকলোকে ভেকচিন প্ৰদান কৰাটো সম্ভৱ নহয় । এনে পৰিস্থিতিত ছেবা আৰু শিক্ষা সংসদে দুয়োপালিৰ পৰিৱৰ্তে সকলো ছাত্ৰ-ছাত্ৰীকে এপালি হ'লেও ভেকচিন লোৱাৰ বাবে আহ্বান জনাইছে ।

মন কৰিবলগীয়া কথা যে, এতিয়াও এপালি ভেকচিন নোলোৱা লোকসকলৰ সৰহ সংখ্যক লোকেই হৈছে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ লগতে গোসাইগাঁও মহকুমাৰ । স্বাস্থ্য বিভাগে উক্ত লোকসকলক ভেকচিন লোৱাৰ বাবে বাৰে বাৰে আহ্বান জনাইছে যদিও অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ তেওঁলোকে আজিলৈকে ভেকচিন লোৱাৰ বাবে আগবাঢ়ি অহা নাই । ইফালে ৰাজ্য চৰকাৰখনে ৬০ বছৰৰ ঊৰ্ধৰ লোকসকলৰ লগতে স্বাস্থ্য আৰু আৰক্ষী বিভাগৰ লোকসকলক ক'ভিডৰ বুষ্টাৰ ড'জ প্ৰদান কৰি আছে যদিও এতিয়াও বহুসংখ্যক লোকেবুষ্টাৰ ড’জ লোৱা নাই ।

এতিয়ালৈকে প্ৰায় আঢ়ৈ লাখ লোকেহে বুষ্টাৰ ড’জ লাভ কৰিছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ক'ভিডৰ সকলো বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে যদিও ভেকচিন নোলোৱা লোকসকলক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । কাৰণ ক'ভিডৰ ভয়াৱহতা ৰোধৰ ক্ষেত্ৰত ভেকচিনেই অন্যতম উপায় হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : Covid 19 Update in Assam : পূৰ্বতকৈ স্বাভাৱিক হৈছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.