ETV Bharat / state

Covid 19 Update in Assam : পূৰ্বতকৈ স্বাভাৱিক হৈছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

author img

By

Published : Feb 15, 2022, 8:58 AM IST

covid-19-update-in-assam
পূৰ্বতকৈ স্বাভাৱিক হৈছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

ৰাজ্যত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যত বিগত 24 ঘন্টাত আক্ৰান্ত হৈছে 198 গৰাকী ইয়াৰ বিপৰীতে মৃত্যু হৈছে 5 জনৰ(Covid active Cases in Assam) ৷

নিউজ ডেস্ক,15 ফেব্ৰুৱাৰী : ৰাজ্যত সোমবাৰে পুনৰ নতুনকৈ 198 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 5 গৰাকী ব্যক্তিৰ(Death related to Covid has decreased in Assam) ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,23,693 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,610 গৰাকীলৈ বৃদ্ধি পাইছে ৷

বৰ্তমান আক্ৰান্ত হৈ আছে 2,292 গৰাকী লোক ৷ পজিটিভিটি হাৰ হৈছে 0.61% ৷ বিগত সপ্তাহত কামৰূপ মহানগৰীত সৰ্বাধিক 46 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ইয়াৰ পাছতেই ক্ৰমে বঙাইগাঁৱত 19 গৰাকী,নগাঁৱত 13 গৰাকী,গোৱালপাৰাত 10 গৰাকী ৷ আনহাতে বঙাইগাঁৱত 2 গৰাকী,বিশ্বনাথ,ডিব্ৰুগড়,শিৱসাগৰ এগৰাকীকৈ লোকৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷

ৰাজ্যত বৰ্তমানলৈকে 2,82,39,192 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে ৷ ইয়াৰে 7,23,693 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 98.58% ৷ আনহাতে, বৰ্তমানলৈ 4,25,96,442 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : পহ্লাদ ব্ৰহ্ম অপৰাধী, ধৰ্মৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.