ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jul 17, 2022, 12:58 PM IST

TOP 10 AT 1PM
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

IndiGo flight technical defect : হায়দৰাবাদ অভিমুখী বিমান অৱতৰণ কৰিলে পাকিস্তানৰ কাৰাচীত

ভাৰতীয় এয়াৰলাইনছৰ দুৰ্গতি ৷ কাৰিকৰী বিজুতিৰ বাবে শ্বাৰজাহৰ পৰা হায়দৰবাদ অভিমুখী বিমান অৱতৰণ কৰিলে পাকিস্তানৰ কাৰাচীত (Sharjah hyderabad flight diverted) ৷

Gujarat Flood : মোদীৰ গুজৰাটৰ 48 নং ৰাষ্ট্ৰীয় ঘাইপথত গাঁতেই গাঁত

বানত বিধ্বস্ত মোদীৰ সপোনৰ গুজৰাট (Gujarat Flood) ৷ মডেল গুজৰাটৰ আৰ্হি জিলিকি থাকিল নক্সাতেই ৷ 48 নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড গাঁতে কঁকাল বেঁকা কৰিছে গুজৰাটবাসীৰ (National Highway 48 covered in potholes filled with water)৷

Barshashree Controversary: বৰ্ষাশ্ৰীক বিনাচৰ্তে মুক্তিৰ দাবী বাওঁপন্থী দলৰ

"বর্ষাশ্ৰীয়ে আলফাত যোগদান কৰিব বুলি কোৱাটো আৰক্ষীৰহে ভাষ্য ৷ আলফাৰ প্ৰতি যদি যুৱ চাম আকৰ্ষিত হৈছে তেন্তে তাৰ বাবে ৰাষ্ট্ৰ পৰিচালনা কৰা ৰাজনীতিজ্ঞসকল দায়ী (Barshashree Controversary)৷ এনেদৰে দুমাহ ধৰি বর্ষাশ্ৰীক জেলত সুমুৱাই থোৱা কাৰ্য সম্পূৰ্ণ অবিবেচক, চৰম অমানৱীয়, অন্যায় আৰু গণতন্ত্ৰৰ পৰিপন্থী ৷" সংবাদমেলযোগে বৰ্ষাশ্ৰীক বিনা চৰ্তে মুক্তিৰ দাবী কৰি এই মন্তব্য কৰে বাওঁপন্থী দলে ৷

All India Legal Services Meet : দেশৰ ন্যায়পালিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

সৰ্বভাৰতীয় আইনী সেৱা বৈঠকত গুৰুত্বপূৰ্ণ ভাষণ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ (Rajasthan CM at All India Legal Services Meet)। দেশৰ ন্যায়পালিকাৰ বিভিন্ন দিশত মন্তব্য কৰে গেহলটে । প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকো সমালোচনা । দেশৰ পৰিস্থিতিৰ অৱনতি ঘটিছে বুলি দাবী কৰে মুখ্যমন্ত্ৰী গেহলটে ।

Obscene comments : মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিভিন্ন সময়ত ৰাজ্যৰ মন্ত্ৰী-আমোলা বিভিন্ন লোকৰ কটু আৰু অশালীন মন্তব্যৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈ আহিছে (Obscene comments against political leader) ৷ তাৰ মাজতে এইবাৰ মন্ত্ৰী অতুল বৰাক অশালীন মন্তব্য কৰি দিপেনৰ দুৰ্দশা ৷

African swine fever in Assam: থলুৱা গাহৰি নিধনৰ বিৰোধিতাৰে ডিব্ৰুগড়ত প্ৰতিবাদ

আফ্ৰিকান ছোৱাইন ফিভাৰ নামত থলুৱা গাহৰি নিধনৰ দৰে চৰকাৰৰ হঠকাৰী নিৰ্দেশনাৰ বিৰোধিতাৰে ডিব্ৰুগড়ৰ ৰাজগড়ত একাংশ গাহৰি পালকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অতিশীঘ্ৰে এই নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী গাহৰি পালক সকলৰ (Protest in Dibrugarh for culling process of Pigs) ৷

Vice President Election 2022: জগদীপ ধনখৰ হ’ব এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

বিজেপিয়ে ঘোষণা কৰিলে এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম(BJP Vice President candidate) ৷ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এন ডি এ প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম ৷ পশ্চিম বংগৰ বৰ্তমানৰ ৰাজ্যপাল জগদীপ ধনখৰ হ’ব এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৷

Rangapara Elephant attack: ৰঙাপৰাত বন্যহস্তীয়ে ভাঙিলে বাসগৃহ

ৰাজ্যত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant menace in Assam) । শোণিতপুৰ জিলাৰ ৰঙাপৰাতো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ সমস্যা । ৰঙাপৰাত শনিবাৰে নিশা পুনৰ বন্যহস্তীয়ে চলালে উপদ্ৰৱ । নিশা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং নাহৰণি গ্ৰাণ্টৰ নিৱাসী ৰাজু গোৱালা আৰু সুৰুজ হালোৱাইৰ বাসগৃহটি ভাঙি লণ্ড-ভণ্ড কৰে(Wild elephant demolishes residence in Rangapara) । উল্লেখ্য যে নিশা হলেই ৰঙাপৰা অঞ্চলত সৃষ্টি হয় বনৰীয়া হাতীৰ উপদ্ৰৱ । বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি মধূসুদন সুঁৱৰিছে স্থানীয় ৰাইজে ।

Lamding Badarpur passenger train service : 22 জুলাইৰ পৰা পুনৰ আৰম্ভ হ’ব ৰে‘ল পৰিসেৱা

পুনৰ আৰম্ভ হ’ব লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত যাত্ৰীবাহী ৰে’লৰ পৰিসেৱা (Passenger train between Lamding-Badarpur line will resume)৷ অহা 22 জুলাই পৰা আৰম্ভ হ’ব উক্ত ৰে’ল পৰিসেৱা । ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই এই সংক্ৰান্তত এখন নিৰ্দেশনা জাৰি কৰিছে । 2 মাহ 10 দিন লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত যাত্ৰীবাহী ৰেল পৰিসেৱা বন্ধ থকাৰ পিচতে আকৌ 22 জুলাইৰ পৰা পুনৰ পাহাৰীয়া লাইনত যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হ’ব ।

Summer workshops in jorhat : যোৰহাটত গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী

যোৰহাট পৰ্যবেক্ষণ গৃহত গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী (Summer Training Program at Jorhat) ৷ ১১ জুলাইৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ অন্ত পৰে ১৫ জুলাইত ৷ এই কৰ্মশালাত বহুকেইজন সমল ব্যক্তিয়ে কিশোৰসকলৰ আগ্ৰহ অনুসৰি চিত্ৰকলা, গীত, নৃত্য, পহু পালন আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.