Rangapara Elephant attack: ৰঙাপৰাত বন্যহস্তীয়ে ভাঙিলে বাসগৃহ

By

Published : Jul 17, 2022, 10:49 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্যত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant menace in Assam) । শোণিতপুৰ জিলাৰ ৰঙাপৰাতো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ সমস্যা । ৰঙাপৰাত শনিবাৰে নিশা পুনৰ বন্যহস্তীয়ে চলালে উপদ্ৰৱ । নিশা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং নাহৰণি গ্ৰাণ্টৰ নিৱাসী ৰাজু গোৱালা আৰু সুৰুজ হালোৱাইৰ বাসগৃহটি ভাঙি লণ্ড-ভণ্ড কৰে(Wild elephant demolishes residence in Rangapara) । উল্লেখ্য যে নিশা হলেই ৰঙাপৰা অঞ্চলত সৃষ্টি হয় বনৰীয়া হাতীৰ উপদ্ৰৱ । বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি মধূসুদন সুঁৱৰিছে স্থানীয় ৰাইজে । শংকিত ৰাইজে উজাগৰে কটাইছে প্ৰতিটো নিশা ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.