ETV Bharat / state

Barshashree Controversary: বৰ্ষাশ্ৰীক বিনাচৰ্তে মুক্তিৰ দাবী বাওঁপন্থী দলৰ

author img

By

Published : Jul 17, 2022, 10:21 AM IST

"বর্ষাশ্ৰীয়ে আলফাত যোগদান কৰিব বুলি কোৱাটো আৰক্ষীৰহে ভাষ্য ৷ আলফাৰ প্ৰতি যদি যুৱ চাম আকৰ্ষিত হৈছে তেন্তে তাৰ বাবে ৰাষ্ট্ৰ পৰিচালনা কৰা ৰাজনীতিজ্ঞসকল দায়ী (Barshashree Controversary)৷ এনেদৰে দুমাহ ধৰি বর্ষাশ্ৰীক জেলত সুমুৱাই থোৱা কাৰ্য সম্পূৰ্ণ অবিবেচক, চৰম অমানৱীয়, অন্যায় আৰু গণতন্ত্ৰৰ পৰিপন্থী ৷" সংবাদমেলযোগে বৰ্ষাশ্ৰীক বিনা চৰ্তে মুক্তিৰ দাবী কৰি এই মন্তব্য কৰে বাওঁপন্থী দলে ৷

Left party demands release of Barshashree
বৰ্ষাশ্ৰীক বিনাচৰ্তে মুক্তিৰ দাবী বাওঁপন্থী দলৰ

গুৱাহাটী, 17 জুলাই : "বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য তেনেই টুলুঙা আৰু সংগতিবিহীন ৷ এজাহাৰত স্পষ্টভাৱে উল্লেখ আছে যে কবিতাটোৰ দুটা লাইনৰ বাবে বৰ্ষাশ্ৰীৰ ওপৰত বেআইনী কার্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ ধাৰা জাপি দিয়া হৈছে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকী আৰু আৰক্ষীয়ে কৈছে যে আলফাত যোগদান কৰিব বুলি কোৱাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে ৷ বর্ষাশ্ৰীয়ে আলফাত যোগদান কৰিব বুলি কোৱাটো আৰক্ষীৰহে ভাষ্য ৷ অভিযুক্তই কৈছে নে নাই তাক আদালতহে প্ৰমাণ কৰিব ।’’ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ কাৰাবাস সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ বাওঁ দলৰ ৷

এক সংবাদমেলযোগে বৰ্ষাশ্ৰীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী তোলে বাওঁপন্থী দলে ৷ তেওঁলোকে কয় যে, আলফাৰ প্ৰতি যদি যুৱ চাম আকৰ্ষিত হৈছে তেন্তে তাৰ বাবে ৰাষ্ট্ৰ পৰিচালনা কৰা ৰাজনীতিজ্ঞসকল দায়ী ৷ এনেদৰে দুমাহ ধৰি বর্ষাশ্ৰীক জেলত সুমুৱাই থোৱা কাৰ্য সম্পূৰ্ণ অবিবেচক, চৰম অমানৱীয়, অন্যায় আৰু গণতন্ত্ৰৰ পৰিপন্থী ৷ এয়া সংবিধান প্ৰদত্ত নাগৰিকৰ বাক স্বাধীনতাৰ ওপৰত চৰকাৰৰ আক্ৰমণৰ নগ্ন প্ৰকাশৰ বাহিৰে আন একো নহয় ৷

বৰ্ষাশ্ৰীক বিনাচৰ্তে মুক্তিৰ দাবী বাওঁপন্থী দলৰ

তেওঁলোকে লগতে কয়, ‘‘অসম ৰাজ্যখনক গণতন্ত্ৰৰ বধ্যভূমিত পৰিণত কৰি পুলিচৰাজ প্ৰতিষ্ঠা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি বাঁওপন্থী দলে তীব্ৰ বিৰোধিতা কৰিছো ৷ অসমৰ ৰাইজক পুলিচৰাজৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ'বলৈ আহবান জনাইছো" ৷

শনিবাৰে ৰাজগড়স্থিত চি পি আইৰ ৰাজ্যিক কাৰ্যালয়ত বামপন্থী দলসমূহে যৌথ সংবাদমেল সম্বোধন কৰি বাঁওপন্থী দল চিপিআই, চিপিআই (এম), চিপিআই (এম-এল) এ সকলো আইনী বাধা আঁতৰাই বিনাচৰ্তে শীঘ্ৰে বৰ্ষাশ্ৰীক মুক্তি দিবলৈ দাবী জনায় । লগতে ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায় ৷ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাৰ এজাহাৰৰ তদন্তত অপৰাধমূলক গাফিলতি কৰা আৰু আইনৰ ৰক্ষক হৈ ডিব্ৰুগড় জিলা অধীক্ষক গৰাকীয়ে অভিযুক্ত বৈদুলা খানৰ বাসগৃহ বুলড’জাৰেৰে ধ্বংস কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি আৰক্ষী অধীক্ষক গৰাকীক নিলম্বিত কৰিবলৈ দাবী জনায় ৷

তেওঁলোকে কয় যে, বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্য তেনেই টুলুঙা আৰু সংগতিবিহীন ৷ এজাহাৰত স্পষ্টভাৱে উল্লেখ আছে যে কবিতাটোৰ দুটা লাইনৰ বাবে বৰ্ষাশ্ৰীৰ ওপৰত বেআইনী কার্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ ধাৰা জাপি দিয়া হৈছে ৷

উল্লেখ্য যে, এটা বিতৰ্কিত ফেচবুক প'ষ্টৰ বাবে টীয়কৰ ১৮ বছৰীয়া এগৰাকী ছাত্ৰীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Barshashree Buragohain jailed for sedition)। কবিতা ভাল পোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰীগৰাকীয়ে এটা কবিতাৰ মাজেৰে মনৰ ক্ষোভবোৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল ।

অপৈনত হাতেৰে লিখা সেই কবিতাটো দেখি ৰজাঘৰে হয়তো বুজি উঠিছিল যে এই হাত পৈনত হৈ উঠিলে কিমান শক্তিশালী হ'ব পাৰে । যাৰ বাবে হয়টো অধিক তীক্ষ্ণ হৈ পৰাৰ পূৰ্বেই এই কলম বন্ধ কৰাৰ লক্ষ্যৰে ছাত্ৰীগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । অংক বিষয়ত মেজৰ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীৰ 16 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হয় ৷

কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰীয়ে ৷ সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক পৰীক্ষাত বহিবলৈ দিবলৈ বিভিন্ন ধৰণৰ পোষ্টেৰে চৰকাৰক আহ্বান জনাইছিল জনসাধাৰণে ৷ ইয়াৰ পিছতেই গোলাঘাট জিলা সত্ৰ ন্যায়াধীশকৰ আদালতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিৰ্দেশ দিয়ে ৷ শনিবাৰে পুৱা 9 বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰীয়ে (Barshashree sit exam inside Golaghat jail) ৷

শনিবাৰে যোৰহাটৰ ডিচিবি কলেজৰ পৰা পৰীক্ষাৰ বহী আৰু প্ৰশ্ন কাকত লৈ যায় আৰক্ষীয়ে ৷ কিন্তু এই বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ সন্দৰ্ভত কোনো সহযোগ নকৰিলে ডিচিবি কলেজৰ অধ্যক্ষই ৷ এই সন্দৰ্ভত নিৰৱ ভূমিকা পালন কৰে অধ্যক্ষগৰাকীয়ে ৷

টীয়কৰ এজাৰগুৰিৰ অজিত বুঢ়াগোহাঁই আৰু ঊষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী ৷ যোৱা 18 মে'ত গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বান্ধৱী ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক ৷

লগতে পঢ়ক: Barshashree sit exam in Jail: কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত অৱতীৰ্ণ হ'ল বৰ্ষাশ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.