ETV Bharat / state

Barshashree sit exam in Jail: কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত অৱতীৰ্ণ হ'ল বৰ্ষাশ্ৰী

author img

By

Published : Jul 16, 2022, 9:34 AM IST

কাৰাৰুদ্ধ হৈ থকা বৰ্ষাশ্ৰীৰ আজিৰ পৰা পৰীক্ষা ৷ শনিবাৰে পুৱা 9 বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰীয়ে (Barshashree sit exam inside Golaghat jail) ৷ আজি পুৱাই যোৰহাটৰ ডিচিবি কলেজৰ পৰা পৰীক্ষাৰ বহী আৰু প্ৰশ্ন কাকত লৈ যায় আৰক্ষীয়ে ৷

Barshashree attending exam in Golaghat jail
গোলাঘাট কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হ'ল বৰ্ষাশ্ৰী

যোৰহাট, 16 জুলাই: এটা বিতৰ্কিত ফেচবুক প'ষ্টৰ বাবে টীয়কৰ ১৮ বছৰীয়া এগৰাকী ছাত্ৰীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Barshashree Buragohain jailed for sedition)। কবিতা ভাল পোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰীগৰাকীয়ে এটা কবিতাৰ মাজেৰে মনৰ ক্ষোভবোৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল । অপৈনত হাতেৰে লিখা সেই কবিতাটো দেখি ৰজাঘৰে হয়তো বুজি উঠিছিল যে এই হাত পৈনত হৈ উঠিলে কিমান শক্তিশালী হ'ব পাৰে । যাৰ বাবে হয়টো অধিক তীক্ষ্ণ হৈ পৰাৰ পূৰ্বেই এই কলম বন্ধ কৰাৰ লক্ষ্যৰে ছাত্ৰীগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । অংক বিষয়ত মেজৰ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীৰ আজিৰে পৰা পৰীক্ষা ৷

কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত অৱতীৰ্ণ হ'ল বৰ্ষাশ্ৰী

সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক পৰীক্ষাত বহিবলৈ দিবলৈ বিভিন্ন ধৰণৰ পোষ্টেৰে চৰকাৰক আহ্বান জনাইছিল জনসাধাৰণে ৷ ইয়াৰ পিছতেই গোলাঘাট জিলা সত্ৰ ন্যায়াধীশকৰ আদালতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিৰ্দেশ দিয়ে ৷ শনিবাৰে পুৱা 9 বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰীয়ে (Barshashree sit exam inside Golaghat jail) ৷ আজি পুৱাই যোৰহাটৰ ডিচিবি কলেজৰ পৰা পৰীক্ষাৰ বহী আৰু প্ৰশ্ন কাকত লৈ যায় আৰক্ষীয়ে ৷

কিন্তু এই বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ সন্দৰ্ভত কোনো সহযোগ নকৰিলে ডিচিবি কলেজৰ অধ্যক্ষই ৷ এই সন্দৰ্ভত নিৰৱ ভূমিকা পালন কৰে অধ্যক্ষগৰাকীয়ে ৷

টীয়কৰ এজাৰগুৰিৰ অজিত বুঢ়াগোহাঁই আৰু ঊষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী ৷ যোৱা 18 মে'ত গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বান্ধৱী ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক ৷

লগতে পঢ়ক : কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই : কি কয় অধিবক্তা-মানৱাধিকাৰ কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.