ETV Bharat / state

কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই : কি কয় অধিবক্তা-মানৱাধিকাৰ কৰ্মীয়ে

author img

By

Published : Jul 14, 2022, 5:54 PM IST

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ৰাষ্ট্ৰদ্ৰোহৰ বিষয়ক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Barshashree Buragohain jailed for sedition)। অসম চৰকাৰ লগতে আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে বিভিন্নজনে । ইয়াৰ মাজতে মানৱাধিকাৰ কৰ্মী আৰু অধিবক্তাসকলেও ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Barshashree Buragohain controversy
ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

গুৱাহাটী,১৪ জুলাই : এটা বিতৰ্কিত ফেচবুক প'ষ্টৰ বাবে টীয়কৰ ১৮ বছৰীয়া এগৰাকী ছাত্রীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Barshashree Buragohain jailed for sedition)। কবিতা ভাল পোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্রীগৰাকীয়ে এটা কবিতাৰ মাজেৰে মনৰ ক্ষোভবোৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল । অপৈনত হাতেৰে লিখা সেই কবিতাটো দেখি ৰজাঘৰে হয়তো বুজি উঠিছিল যে এই হাত পৈনত হৈ উঠিলে কিমান শক্তিশালী হ'ব পাৰে । যাৰ বাবে হয়টো অধিক তীক্ষ্ণ হৈ পৰাৰ পূৰ্বেই এই কলম বন্ধ কৰাৰ লক্ষ্যৰে ছাত্রীগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

অংকশাস্ত্ৰত মেজৰ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীৰ সন্মূখত পৰীক্ষা । বানে ধোৱা এটা অঞ্চলৰ এজন সাধাৰণ কৃষকৰ ছোৱালী বৰ্ষাশ্ৰী । পিতৃ, মাতৃ আৰু ভাতৃৰ সৈতে তাইৰ তেনেই এটা সৰু পৰিয়াল । কবিতা লিখাৰ অপৰাধত জে'ললৈ যোৱা বৰ্ষাশ্ৰীয়ে দুমাহে জামিন লাভ কৰা নাই । তাইৰ জামিন বিচাৰি হাহাকাৰ কৰি ফুৰিছে পিতৃয়ে ।

কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই : কি কয় অধিবক্তা-মানৱাধিকাৰ কৰ্মীয়ে

১৮ জুলাইত তাইৰ ষাণ্মাসিকৰ পৰীক্ষা । কবিতা লিখা, অভিনয় কৰা ব্যক্তিক এইখন অসমত জে'ললৈ প্ৰেৰণ কৰা হয় । অথচ এইখন অসমতে দাগী অপৰাধীয়ে মুকলিকৈয়ে ঘূৰি ফুৰে । অসম বিধানসভাতে এনে বহু বিধায়ক আছে যাৰ বিৰুদ্ধে আছে বহু অভিযোগ । আনহাতে শান্তি স্থাপনৰ নামতো বহু সন্ত্ৰাসবাদীক গামোচা পিন্ধোৱা হৈছে ।

স্বায়ত্ত্ব শাসিত পৰিষদ কেইখনৰ বহু কেইগৰাকী নেতা পূৰ্বতে আছিল দাগী অপৰাধী, সন্ত্ৰাসবাদী । মূল সুঁতিলৈ ঘূৰাই অনাৰ স্বাৰ্থতে তেওঁলোকক গামোচা পিন্ধাই শাসনৰ বাঘজৰি হাতত দিয়া হৈছে । দুৰ্নীতি, কেলেংকাৰীৰ বহু নায়ক এতিয়া সমাজৰ আগশাৰীৰ নাগৰিক । এইসকল লোকৰ বিৰুদ্ধে অভিযোগ উঠিলেও ব্যৱস্থা গ্ৰহণ কৰা নহয় ।

কেৱল ব্যৱস্থা গ্ৰহণ কৰা হয় বৰ্ষাশ্ৰীৰ দৰে একাংশ সাধাৰণ লোকৰ বিৰুদ্ধেহে । যাক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সামাজিক মাধ্যমত অসম চৰকাৰ আৰু অসম আৰক্ষীক কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছে । ইফালে এই ঘটনাৰ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে সংবাদ মাধ্যমৰ আগত কয় -'কবিতা লিখাটো বেয়া নহয় । ময়ো কবিতা লিখো । কিন্তু বৰ্ষাশ্ৰীক আলফালৈ যাম বুলি লিখা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁ নিজেতো যায়েই, আনকো বোলে হেনো লৈ যায় । গতিকে আইজনী তই আলফালৈ যাবগৈ নালাগে, জে'লতে থাক ।' এয়া হৈছে অসম আৰক্ষীৰ মুৰব্বীৰ ভাষ্য ।

উল্লেখ্য যে সাংবিধানিক পদবীত থকাৰ পিছতো নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মন্ত্রী সঞ্জয় কিষাণে ৰাজহুৱাকৈ ক্ষমা খুজিছিল । জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেও মুকলিকৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে আলফালৈ যাম বুলি কৈছিল । মন্ত্ৰী হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে হয়তো আৰক্ষী সঞ্চালক প্ৰধানে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰিলে । একেদৰে সাহস নকৰিলে ৰাজহুৱা মঞ্চৰ পৰা আলফালৈ যাম বুলি হুংকাৰ দিয়া যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ।

বৰ্তমান সময়ত এই বিষয়বোৰ বিশেষভাৱে চৰ্চালৈ আহিছে । এটা কবিতা লিখাৰ বাবেই, আলফালৈ যাব বুলি সন্দেহ কৰিয়েই বৰ্ষাশ্ৰীক বন্দী কৰা ঘটনাক কোনেও সহজভাৱে ল'ব পৰা নাই । বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা সন্দৰ্ভত আইনী দিশৰ প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ সৈতে যোগাযোগ কৰা হৈছিল । এই সন্দৰ্ভত তেওঁ কয় যে কি ধাৰাত গ্ৰেপ্তাৰ হৈছে সেইটো জানিব পৰা হোৱা নাই ।

আদালতে বিষয়টোত সিদ্ধান্ত দিব যদিও কথা হ'ল যে এটা কবিতা লিখিলে যদি মানুহ গ্ৰেপ্তাৰ হয় তেনেহ'লে বহু লোকেই গ্ৰেপ্তাৰ হ'ব লাগিছিল । বহু লোকেই তেনেদৰে কবিতা লিখি আহিছে । সেইদৰে আলফাৰ ওচৰত মন্ত্রীয়ে ক্ষমা খুজিলে আৰু জুবিন গাৰ্গেও মুকলিকৈ আলফালৈ যোৱাৰ কথা কৈছিল । কিন্তু কাৰো ক্ষেত্রত একো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে সৰু ছোৱালী এগৰাকীক কবিতা এটা লিখাৰ বাবেই জেললৈ প্ৰেৰণ কৰা হ'ল ।

কবিতাটোত তেনে কোনো কথা উল্লেখ নাই বুলি সদৰি কৰি তেওঁ কয় যে এগৰাকী শিক্ষাৰ্থীক পৰীক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰে । আৰক্ষীয়ে নিয়ম মানি নচলাৰ সন্দেহ প্ৰকাশ কৰি তেওঁ কয় যে কিবা থাকিলেও এইটো বয়সৰ এগৰাকী ছাত্রীক প্ৰথমতে কাউন্সিলিঙৰ ব্যৱস্থা কৰিব লাগিছিল । তাকে নকৰি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাটো ভাল হোৱা নাই বুলি তেওঁ কয় ।

ইফালে বিশিষ্ট সমাজকৰ্মী তথা মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই এই সন্দৰ্ভত কয় যে কবিতা লিখি মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ দ্বাৰা নাগৰিকৰ মৌলিক অধিকাৰ তথা বাকস্বাধীনতা খৰ্ব কৰা হৈছে (Human Rights Activist reaction on Barshashree Buragohain controversy)। তদুপৰি ইয়াৰ দ্বাৰা মানৱ অধিকাৰ উলংঘা কৰা হৈছে । এগৰাকী কমবয়সীয়া ছাত্রীক এটা কবিতা লিখাৰ বাবে গ্ৰেপ্তাৰ কৰি দুমাহ ধৰি জেলত ৰখাৰ ঘটনাটোক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে । ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কাৰোবাক জেলত ৰখাটো এতিয়া নতুন কথা হৈ থকা নাই বুলি তেওঁ উল্লেখ কৰে । তেওঁ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এই কাৰ্যক চৰকাৰৰ ভুল আখ্যা দিয়ে ।

লগতে পঢ়ক :বৰ্ষাশ্ৰীৰ ঘৰত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.