ETV Bharat / bharat

Vice President Election 2022: জগদীপ ধনখৰ হ’ব এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

author img

By

Published : Jul 16, 2022, 8:22 PM IST

বিজেপিয়ে ঘোষণা কৰিলে এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম(BJP Vice President candidate) ৷ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এন ডি এ প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম ৷ পশ্চিম বংগৰ বৰ্তমানৰ ৰাজ্যপাল জগদীপ ধনখৰ হ’ব এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৷

Vice President Election 2022
জগদীপ ধনখৰ হ’ব এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

নিউজ ডেস্ক,16 জুলাই: বিজেপিয়ে ঘোষণা কৰিলে এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম (BJP Vice President candidate) ৷ শনিবাৰে সন্ধিয়া দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকৰ অন্তত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিকভাৱে এন ডি এ প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ৷ সেই অনুসৰি পশ্চিম বংগৰ বৰ্তমানৰ ৰাজ্যপাল জগদীপ ধনখৰ(Bengal Governor Jagdeep Dhankhar) হ’ব এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৷

উল্লেখ্য যে, দেশৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত শেষ হ’ব । পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ হৈছে ১৯ জুলাই । প্ৰয়োজন সাপেক্ষে ৬ আগষ্টত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । যদিহে নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে ৬ আগষ্টতে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ ভোটগণনাও সম্পন্ন হ’ব ৷

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, 18 জুলাইত অনুষ্ঠিত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন ৷ এন ডি এ প্ৰক্ষেপিত দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ সমৰ্থিত যশোৱন্ত সিনহাৰ মাজত হ’ব নিৰ্বাচনী যুঁজ ৷

লগতে পঢ়ক: President Election : যশোৱন্ত সিনহাক সমর্থন আপৰ, মমতাৰ দোদুল্যমান স্থিতিত উদ্বিগ্ন বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.