ETV Bharat / state

Summer workshops in jorhat : যোৰহাটত গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী

author img

By

Published : Jul 17, 2022, 11:33 AM IST

যোৰহাট পৰ্যবেক্ষণ গৃহত গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী (Summer Training Program at Jorhat) ৷ ১১ জুলাইৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ অন্ত পৰে ১৫ জুলাইত ৷ এই কৰ্মশালাত বহুকেইজন সমল ব্যক্তিয়ে কিশোৰসকলৰ আগ্ৰহ অনুসৰি চিত্ৰকলা, গীত, নৃত্য, পহু পালন আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে ৷

Summer Training in Jorhat Observation House
Summer workshops: গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী যোৰহাট পৰ্যবেক্ষণ গৃহত

যোৰহাট, 17 জুলাই : যোৰহাট জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ আৰু বেংক অৱ বৰোডাৰ উদ্যোগত লিচুবাৰীস্থিত পৰ্যবেক্ষণ গৃহত থকা কিশোৰসকলৰ বাবে অনুষ্ঠিত কৰা হয় গ্ৰীষ্মকালীন কৰ্মশালা (Summer workshops are held for teenagers) ৷ ১১ জুলাইৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া এই কৰ্মশালাত বহুকেইজন সমল ব্যক্তিয়ে কিশোৰসকলৰ আগ্ৰহ অনুসৰি চিত্ৰকলা,গীত,নৃত্য, পহু পালন আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে ৷

এই কিশোৰসকলে পৰ্যবেক্ষণ গৃহৰ পৰা ওলাই নিজে উপাৰ্জনৰ পথ বিচাৰি ল'ব পৰাকৈ সক্ষম কৰি তোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে ৷ ১১ জুলাইৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ অন্ত পৰে ১৫ জুলাইত (Summer workshops in Jorhat) ৷ প্ৰশিক্ষণৰ অন্তিম দিনা সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰে শিশুসকলক এটাকৈ টি চাৰ্ট আৰু এখন গীটাৰ প্ৰদান কৰি তেওঁলোকৰ ভবিষ্যৎ উজ্জ্বল কামনা কৰে ৷

সামৰণি অনুষ্ঠানত কিশোৰসকলে "মানুহে মানুহৰ বাবে" গীতটো পৰিৱেশন কৰি মুগ্ধ কৰি তোলে অনুষ্ঠানটোত উপস্থিত থকা সকলোকে ৷ উল্লেখ্য যে, অনুষ্ঠানটোত উপস্থিত থাকে জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ আৰু বেংক অৱ বৰোডাৰ বহুকেইজন বিষয়া কৰ্মচাৰী ৷

লগতে পঢ়ক: আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ সন্দৰ্ভত গুৱাহাটীত কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.