ETV Bharat / bharat

Gujarat Flood : মোদীৰ গুজৰাটৰ 48 নং ৰাষ্ট্ৰীয় ঘাইপথত গাঁতেই গাঁত

author img

By

Published : Jul 17, 2022, 10:29 AM IST

বানত বিধ্বস্ত মোদীৰ সপোনৰ গুজৰাট (Gujarat Flood) ৷ মডেল গুজৰাটৰ আৰ্হি জিলিকি থাকিল নক্সাতেই ৷ 48 নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড গাঁতে কঁকাল বেঁকা কৰিছে গুজৰাটবাসীৰ (National Highway 48 covered in potholes filled with water)৷

Gujarat Flood
48 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁত

নেশ্যনেল ডেস্ক, 17 জুলাই: গুজৰাটত বানৰ প্ৰলয়ংকাৰী ৰূপ ৷ বিগত কেইবাদিনো ধৰি ৰাজ্যখনত মুষলধাৰ বৰষুণৰ হৈ থকাৰ ফলত ৰাজ্যখনৰ কেবাটাও অঞ্চল বানৰ কবলত জুৰুলা হৈছে (Heavy rains in Gujarat) ৷ এতিয়াও দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰৰ বহুতো অঞ্চলত ধাৰাসাৰ বৰষুণ অব্যাহত আছে ৷ বানৰ ফলত চহৰসমূহৰ স্থানীয় ৰাস্তা-ঘাটেই নহয় ৰাষ্ট্ৰীয় ঘাইপথটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত ৱাপী-চিলভাচা 48 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে গাঁতৰে ভৰি পৰিছে (National Highway 48 covered in potholes filled with water)।

ৰাজ্যখনৰ বান প্ৰভাৱিত অঞ্চলৰ পৰা এতিয়ালৈ কমেও 1300 জন লোকক উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ ভিতৰত গুজৰাটৰ নৱছাৰী জিলাৰ পৰা উদ্ধাৰকাৰী দলে এদিনত 811 জন লোকক উদ্ধাৰ কৰে ৷ শনিবাৰে উপকূলৰক্ষী বাহিনী, এনডিআৰএফ আৰু স্থানীয় সাঁতোৰবিদসকলে বানাক্ৰান্তসকলক উদ্ধাৰৰ বাবে এই অভিযান চলায় ৷ এই অভিযানত সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে ৷ নৱছাৰীত প্ৰশাসনৰ তৰফৰ পৰা এনডিআৰএফ আৰু এছডিআৰএফ দল মোতায়েন কৰা হৈছে ৷

মডেল গুজৰাটৰ নমুনা
মডেল গুজৰাটৰ নমুনা

ইফালে চুৰাট পৌৰ নিগমৰ অধীনত ২০০ জনীয়া শ্ৰমিকৰ এটা দলে 'অপাৰেচন নিৰাময়া'ৰ অধীনত নৱছাৰীৰ বানাক্ৰান্ত অঞ্চলসমূহত পৰিষ্কাৰ, বোকা আঁতৰোৱা আৰু ঔষধ ছটিওৱাৰ বাবে 6 খন জেচিবি, 5 টা পানী মুক্ত পাম্প, টিপাৰ ট্ৰাক, 47 টাতকৈ অধিক গ'ল্ফ মেচিন মোতায়েন কৰিছে ৷ ইয়াৰ উপৰিও অঞ্চলটোৰ বানাক্ৰান্তসকলৰ বাবে ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ 40 টাকৈ স্বাস্থ্য দল মোতায়েন কৰা হৈছে৷ বৰষুণৰ ফলত বানত প্ৰভাৱিত অঞ্চলৰ পৰা 14,900 গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷

ইফালে ৰাজ্যখনত বৰষুণ অহাৰ বাবে ফলত ২০৭ টা জলাশয়ত শনিবাৰৰ আগলৈকে ৫০.৯২ শতাংশ পানী জমা কৰি ৰখা হৈছিল । ৰাজ্যৰ জলসম্পদ বিভাগৰ বান কোষে প্ৰাপ্ত কৰা প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ 206 টা জলাশয়ত মুঠ পানী সংৰক্ষণ ক্ষমতাৰ 3,02,397 এমচিএফটি অৰ্থাৎ 54.18 শতাংশ পুনৰুদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক:Gujarat floods: প্ৰলয়ংকাৰী বানৰ কৱলৰ পৰা উদ্ধাৰ 811 গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.