ETV Bharat / state

African swine fever in Assam: থলুৱা গাহৰি নিধনৰ বিৰোধিতাৰে ডিব্ৰুগড়ত প্ৰতিবাদ

author img

By

Published : Jul 17, 2022, 12:04 PM IST

আফ্ৰিকান ছোৱাইন ফিভাৰ নামত থলুৱা গাহৰি নিধনৰ দৰে চৰকাৰৰ হঠকাৰী নিৰ্দেশনাৰ বিৰোধিতাৰে ডিব্ৰুগড়ৰ ৰাজগড়ত একাংশ গাহৰি পালকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অতিশীঘ্ৰে এই নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী গাহৰি পালক সকলৰ (Protest in Dibrugarh for culling process of Pigs) ৷

protest-in-dibrugarh-for-culling-process-of-pigs
থলুৱা গাহৰি নিধনৰ বিৰোধিতাৰে ডিব্ৰুগড়ত প্ৰতিবাদ

মৰাণ, 17 জুলাই : ৰাজ্যত ক’ভিডৰ পিছতে বৰ্তমান দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, ডেংগু(Japanese encephalitis and Dengue menace in Assam) আৰু আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক ৷ ইতিমধ্যে ৰাজ্যৰ একাংশ স্থানত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক বৃদ্ধি পোৱাত ঠায়ে ঠায়ে নিধন কৰা হৈছে শতাধিক থলুৱা গাহৰি (African swine fever in Assam) ৷ যাৰ বাবে বৰ্তমান ইয়াৰ প্ৰতিবাদ কৰিছে ৰাজ্যৰ গাহৰি পালকসকলে ৷

সমান্তৰালকৈ আফ্ৰিকান ছোৱাইন ফিভাৰৰ নামত থলুৱা গাহৰি নিধনৰ দৰে চৰকাৰৰ হঠকাৰী নিৰ্দেশক অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবীত শনিবাৰে ডিব্ৰুগড়ৰ ৰাজগড়ত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ গাহৰি পালকে (Protest in Dibrugarh for culling process of Pigs) ৷ আফ্ৰিকান ছোৱাইন ফিভাৰৰ নামত অসমৰ বিভিন্ন জিলাত থলুৱা গাহৰি নিধন কৰাৰ চৰকাৰী নিৰ্দেশক তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ দাবীত ডিব্ৰুগড়ৰ ৰাজগড়ত কৃষক মহাসভা অসমৰ উদ্যোগত শতাধিক গাহৰি পালকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

থলুৱা গাহৰি নিধনৰ বিৰোধিতাৰে ডিব্ৰুগড়ত প্ৰতিবাদ

টিংখাঙৰ বিভিন্ন গাঁৱৰ পৰা অহা শতাধিক গাহৰি পালকে কৃষক মহাসভাৰ ৰাজগড়স্থিত কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ মৰাণ, নাহৰকটীয়া পথেদি এক প্ৰতিবাদী সমদল বাহিৰ কৰে । আফ্ৰিকান ছোৱাইন ফিভাৰ অচিলাৰে থলুৱা গাহৰি নিধনৰ দৰে হঠকাৰী নিৰ্দেশ উঠাই লওক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে (African swine fever in Dibrugarh) ৷

উল্লেখযোগ্য যে, শুকুৰবাৰে টিংখাঙৰ কেইবাখনো গাঁৱত পশু চিকিৎসা বিভাগৰ বিশেষ দলে পৰ্যবেক্ষণ কৰি নিধন কৰিছিল কেইবাটাও থলুৱা গাহৰি । এই গাহৰিৰ নিধন কাৰ্য বিৰোধিতা কৰিছিল পালকসকলে । অভিযোগ অনুসৰি, পালকসকলৰ আহ্বানক কোনো গুৰুত্ব দিয়া নাছিল পশু চিকিৎসা বিভাগৰ দলটোৱে । সেয়ে গাহৰি পালকসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

লগতে পঢ়ক : দৰং জিলাত ছোৱাইন ফ্লুত আক্ৰান্ত শতাধিক গাহৰি নিধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.