ETV Bharat / state

দৰং জিলাত ছোৱাইন ফ্লুত আক্ৰান্ত শতাধিক গাহৰি নিধন

author img

By

Published : Jul 13, 2022, 6:53 PM IST

ৰাজ্যত ক’ভিডৰ পিছতে বৰ্তমান দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, ডেংগু(Japanese encephalitis and Dengue menace in Assam) আৰু ছোৱাইন ফ্লুৰ আতংক ৷ দৰং জিলাৰ বিভিন্ন অঞ্চলত ছোৱাইন ফ্লুৰ আতংক বৃদ্ধি পাইছে ৷

swine-flu-rise-in-darrang
দৰং জিলাত ছোৱাইন ফ্লুত আক্ৰান্ত শতাধিক গাহৰিক মৃত্যুদণ্ড

দৰং, 13 জুলাই : ৰাজ্যত ক’ভিডৰ পিছতে বৰ্তমান দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, ডেংগু(Japanese encephalitis and Dengue menace in Assam) আৰু ছোৱাইন ফ্লুৰ আতংক ৷

সমান্তৰালকৈ দৰং জিলাৰ বিভিন্ন অঞ্চলত ছোৱাইন ফ্লুৰ আতংক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে(Swine flu rise in Assam)৷ জিলাখনৰ পুনিয়া কমাৰপাৰা আৰু গধীয়া পাৰা পাথৰিঘাটত ছোৱাইন ফ্লু ধৰা পৰাৰ পিছৰে পৰা মঙলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই 150 গাহৰি নিধন কৰি গাঁতত পুতি থোৱা হয় ৷ বুধবাৰেও ছিপাঝাৰৰ বৰমপুৰত 100টাতকৈও অধিক গাহৰিক নিধন কৰা হয়(Swine flu rise in Darrang) ৷

দৰং জিলাত ছোৱাইন ফ্লুত আক্ৰান্ত শতাধিক গাহৰিক মৃত্যুদণ্ড

কিন্তু ইয়াৰ মাজতে মঙলদৈ বাংলাগড় চকত গাহৰি মাফিয়া নগেন বড়োৰ নেতৃত্বত মুকলিভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে ৰমৰমীয়া ব্যৱসায় । আনকি ছোৱাইন ফ্লু হোৱা ঠাইৰ গাহৰি কম মূল্যত আনি বিক্ৰী কৰাৰ অভিযোগো বিভিন্নজনে উত্থাপন কৰিছে । এইক্ষেত্ৰত বৰ্তমান জিলা প্ৰশাসন, আৰক্ষী, আৰু পশু চিকিৎসা বিভাগৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠন তথা সচেতন মহলে ৷

লগতে পঢ়ক : Japanese Encephalitis update: জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা 13 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.