ETV Bharat / bharat

IndiGo flight technical defect : হায়দৰাবাদ অভিমুখী বিমান অৱতৰণ কৰিলে পাকিস্তানৰ কাৰাচীত

author img

By

Published : Jul 17, 2022, 12:14 PM IST

ভাৰতীয় এয়াৰলাইনছৰ দুৰ্গতি ৷ কাৰিকৰী বিজুতিৰ বাবে শ্বাৰজাহৰ পৰা হায়দৰবাদ অভিমুখী বিমান অৱতৰণ কৰিলে পাকিস্তানৰ কাৰাচীত (Sharjah hyderabad flight diverted) ৷

indigo-sharjah-hyderabad-flight-diverted-to-paks-karachi
হায়দৰাবাদ অভিমুখী বিমান অৱতৰণ কৰিলে পাকিস্তানৰ কাৰাচীত

নেশ্যনেল ডেস্ক, 17 জুলাই : বিপদে লগ নেৰা হৈছে ভাৰতীয় এয়াৰলাইনছসমূহক ৷ কাৰিকৰী বিজুতিৰ ফলত এমাহতে দুবাৰকৈ অৱতৰণৰ ঠাই সলনি কৰিব লগা হ'ল বিমানে ৷ দেওবাৰে কাৰিকৰী বিজুতিৰ বাবে শ্বাৰজাহৰ পৰা হায়দৰবাদ অভিমুখী বিমান অৱতৰণ কৰিলে পাকিস্তানৰ কাৰাচীত (Sharjah hyderabad flight diverted) ৷

শ্বাৰজাহৰ পৰা পুৱাই হায়দৰাবদলৈ উৰা মৰা 6E-1406 বিমানখনত পাইলটগৰাকীয়ে কাৰিকৰী ক্ৰুটি লক্ষ্য কৰে ৷ ফলত প্ৰয়োজনীয় প্ৰক্ৰিয়া অনুসৰণ কৰি যাত্ৰীসকলৰ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি বিমানখন পাকিস্তানৰ কাৰাচীতে অৱতৰণ কৰিবলৈ বাধ্য হয় ৷

  • After the pilot of the Sharjah-Hyderabad flight observed a technical defect in the aircraft, as a precaution the aircraft was diverted to Karachi, Pakistan. An additional flight is being sent to Karachi to fly the passengers to Hyderabad: IndiGo airlines

    — ANI (@ANI) July 17, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এই ঘটনাৰ পিছতে সংকিত হৈ পৰে যাত্ৰীসকল ৷ যাত্ৰীসকলক নিৰ্ভয় হ'বলৈ আশ্বাস প্ৰদান কৰি বিমান কৰ্তৃপক্ষই তেওঁলোকক হায়দৰাবাদলৈ বিশেষ বিমানেৰে লৈ যোৱা হ'ব বুলি জনায় ৷

উল্লেখ্য যে, যোৱা দুসপ্তাহত কৰাচীত অৱতৰণ কৰা এইখন দ্বিতীয় ভাৰতীয় বিমান ৷ ইয়াৰ পূৰ্বে, 5 জুলাইত দিল্লীৰ পৰা ডুবাইলৈ যোৱা স্পাইচজেটৰ এখন বিমানৰ ইণ্ডিকেটৰ লাইট বিকল হোৱাত কাৰাচীত অৱতৰণ কৰিব লগা হৈছিল ৷ উৰণৰ সময়তে দিল্লীৰ পৰা ডুবাইলৈ গৈ থকা বোয়িং 737 মেক্স বিমানখনে ইয়াৰ বাওঁ টেংকৰ পৰা অস্বাভাৱিকভাৱে ইন্ধনৰ পৰিমাণ হ্ৰাস দেখুৱাবলৈ আৰম্ভ কৰিছিল ৷ ইয়াৰ পিছতে বিমানখন কাৰাচী বিমান বন্দৰত অতৰণ কৰাইছিল ৷

মন কৰিব লগীয়া যে, যোৱা কেইদিনমানত স্পাইচজেট বিমানত এনেধৰণৰ ষষ্ঠ নম্বৰৰ ঘটনা আছিল ৷ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) ইতিমধ্যে এই ঘটনাকেইটাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Amarnath Yatra:অমৰনাথ যাত্ৰাত মৃতকৰ সংখ্য়া ৪৯ গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.