ETV Bharat / state

Lamding Badarpur passenger train service : 22 জুলাইৰ পৰা পুনৰ আৰম্ভ হ’ব ৰে‘ল পৰিসেৱা

author img

By

Published : Jul 17, 2022, 8:47 AM IST

পুনৰ আৰম্ভ হ’ব লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত যাত্ৰীবাহী ৰে’লৰ পৰিসেৱা (Passenger train between Lamding-Badarpur line will resume)৷ অহা 22 জুলাই পৰা আৰম্ভ হ’ব উক্ত ৰে’ল পৰিসেৱা । ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই এই সংক্ৰান্তত এখন নিৰ্দেশনা জাৰি কৰিছে । 2 মাহ 10 দিন লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত যাত্ৰীবাহী ৰেল পৰিসেৱা বন্ধ থকাৰ পিচতে আকৌ 22 জুলাইৰ পৰা পুনৰ পাহাৰীয়া লাইনত যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হ’ব ।

PASSENGER TRAINS BETWEEN Lamding-Badarpur broadgauge line WILL RESUME FROM july 22
Lamding Badarpur passenger train resume: 22 জুলাইৰ পৰা পুনৰ আৰম্ভ হ’ব ৰে‘ল পৰিসেৱা

ডিমা হাছাও, 17 জুলাই: প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি ধ্বংসস্তুপত পৰিণত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ ধুনীয়া ৰে’ল ষ্টেচন ডিমা হাচাও ৰে’ল ষ্টেচন ৷ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছিল লামডিং-বদৰপুৰ সংযোগী ব্ৰডগজ ৰে'ল পথচোৱা । যাৰ বাবে এই ৰে'লপথত অনিৰ্দিষ্ট কালৰ বাবে ৰে’ল চলাচল বন্ধ হৈ পৰিছল । কিন্তু এতিয়া ৰে’ল পথচোৱাৰ অৱস্থা কিছু সুচল হোৱাত পুনৰ আৰম্ভ হ’ব যাত্ৰীবাহী ৰে’লৰ পৰিসেৱা ৷ অহা 22 জুলাই পৰা আৰম্ভ হ’ব লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লসেৱা (Lamding-Badarpur train service resume from July 22)৷

22 জুলাইত শিলচৰৰ পৰা গুৱাহাটীৰ অভিমুখী শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’ল গাড়ীখনে যাত্ৰা কৰিব (Shilchar Guwahati Express passenger train will resume on July)। ইয়াৰ উপৰি 22 জুলাই ৰাতিপুৱা আগৰতলা পৰা শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’ল গাড়ীখনে যাত্ৰা কৰিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই জাননী জাৰি কৰিছে ।

ইতিমধ্যেই মেৰামতি কৰি সুচল কৰি তোলা হৈছে লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথ ৷ লামডিং-বদৰপুৰ-আগৰতলা মাজতে মালবাহী ৰেল গাড়ীৰ পুনৰ চলাচল আৰম্ভ হৈছে ।

21 জুলাই লৈকে এই পাহাৰীয়া ৰেলপথত মালবাহী ৰেলগাড়ী চলাচল কৰিব ৷ বৰাক উপত্যকাৰ লগতে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰালৈ সামগ্ৰী কঢ়িয়াব এই ৰেল সমূহে ৷ ইয়াৰোপৰি 21 জুলাইলৈকে শিলচৰৰ পৰা ফাইডিং আৰু গুৱাহাটীৰ পৰা লাংটিংলৈকে দুখন বিশেষ যাত্ৰীবাহী ৰে’লে চলাচল কৰিব । এই সময়চোৱাত লাংটিং-ফাইডিংৰ মাজত যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ থাকিব ।

উল্লেখযোগ্য যে, যোৱা 14 মে’ত ডিমা হাছাও জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ 85 কিলোমিটাৰ জুৰি 61 টা স্থানত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ৰে’লপথ সম্পূৰ্ণভাৱে বিধস্ত হৈ পৰিছিল । কিন্তু উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে দুমাহৰ ভিতৰতে এই ৰে’লপথচোৱা মেৰামতি কৰি 13 জুলাইত সুচল কৰি তোলে । ইয়াৰ পিচতে এই ৰে’লপথত ৰে’ল পৰিসেৱা স্বাভাৱিক হৈ উঠিছে ৷

লগতে পঢ়ক: পুনৰ আৰম্ভ হোৱাৰ দিশে গুৱাহাটী-লাংটিং যাত্ৰীবাহী ৰে'লসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.