ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 4, 2022, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

PM Modi meets Queen of Denmark : ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ইউৰোপ ভ্ৰমণৰ দ্বিতীয় দিনৰ অন্তত কোপেনহেগেনৰ ঐতিহাসিক আমালিয়েনবৰ্গ প্ৰাসাদত ডেনমাৰ্কৰ ৰাণী দ্বিতীয় মাৰ্গ্ৰেথে(PM Modi meets Queen of Denmark) উষ্ম আদৰণি জনায় ।

কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছয়হীয়া শিশুৰ মৃতদেহ

পবিত্ৰ ঈদ-উল-ফিতৰৰ দিনাই লখিমপুৰত অঘটন ৷ জিলাখনৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে থকা এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত প্ৰায় ছমহীয়া এটি শিশুৰ মৃতদেহ (A child dead body recovered in Lakhimpur) ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

কলকাতাত নামঘৰ স্থাপন : বঙালী পৰিয়ালে দান কৰিলে ভূমি

অসমীয়া আৰু বঙালী ভাষী লোকৰ সংঘাতৰ মাজতে কলকাতাৰ এটা সমাজ সচেতন পৰিয়ালে দেখুৱাইছে এক অনবৈদ্য নিদৰ্শন ৷ কলকাতাৰ সমীপৰ দক্ষিণ 24 পৰগণাৰ পিয়ালিৰ সমাজকৰ্মী লক্ষণ চক্ৰৱৰ্তীয়ে তেখেতৰ প্ৰয়াত মাতৃৰ শেষ ইচ্ছা অনুসৰি, নিজ বাসগৃহৰ সৈতে সংলগ্ন থকা এডোখৰ ভূমি নামঘৰসহ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ স্থাপনৰ বাবে দান কৰে (A Bengali family donates land for setting up of Namghar in Kolkata) ।

অসমৰ ক্ষেত্রত ৰতন টাটাৰ আন এক বদান্যতা

প্ৰতিবছৰে ২০ হাজাৰ যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা । অসম চৰকাৰ আৰু টাটা টেকন'লজী লিমিটেডৰ মাজত হোৱা চুক্তি অনুসৰি ৩৪ খন প'লিটেকনিক আৰু ৪৩ খন আই টি আইক গঢ়ি তোলা হ'ব উৎকৃষ্ট কেন্দ্ৰ । ইয়াৰ বাবে ধাৰ্য কৰা ২৩৯০ কোটি টকাৰ ক্ষেত্রত ৮৭ শতাংশ পুঁজি দিব টাটাই (TATA's initiative towards)। বাকীখিনি ধন দিব ৰাজ্য চৰকাৰে । মুঠ ২,৩৯০ কোটি টকাৰ ৮৭ শতাংশ দিব টাটা টেকনল'জি প্ৰাইভেট লিমিটেডে ।

পবিত্ৰ ঈদৰ দিনাই কলগাছিয়াত মুকলিকৈ বহিল জুৱাৰ আড্ডা

বৰপেটা জিলাৰ কলগাছিয়া মুকলিকৈ বহিল জুৱাৰ আড্ডা (Open gambling in Barpeta) । কাণসাৰ নাই আৰক্ষী প্ৰশাসনৰ । শীঘ্ৰেই জুৱা খেলৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ৷

Eid Ul Fitr 2022 : ৰাজ্যজুৰি উলহ-মালহেৰে ঈদ-উল-ফিতৰ উদযাপন

আজি পৱিত্ৰ ঈদ-উল-ফিতৰ (Today is the holy Eid Ul Fitr) ৷ প্ৰায় দুটা বছৰৰ ক’ভিড সৃষ্ট পৰিৱেশৰ অন্তত ৰাজ্যৰ মছজিদসমূহত পৱিত্ৰ নামাজৰ বাবে ভিৰ কৰে ইছলামধৰ্মী লোকসকলে ৷ বিশ্ব শান্তিৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজহুৱা ঈদগাহৰ প্ৰাংগণত সমূহীয়া ঈদৰ নামাজৰ আদায়ৰ বাবে ৰাইজৰ ভিৰ ৷

অৰ্থনৈতিক বিকাশৰ বাবে ৰবৰ খেতিত গুৰুত্ব ত্ৰিপুৰা চৰকাৰৰ

প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা (Rubber plantation in Tripura)৷ 2025 চনৰ ভিতৰত প্ৰায় 30 হাজাৰ হেক্টৰ ভূমিত ৰবৰ খেতিৰ পৰিকল্পনা লৈছে ত্ৰিপুৰা চৰকাৰে ৷

Karbi MIL textbook: দশম আৰু একাদশ শ্ৰেণীৰ বাবে কাৰ্বি ভাষাৰ পাঠ্যপুথি উন্মোচন

সফলতাৰ দিশে এখোপ আগবাঢ়িছে কাৰ্বি ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টা ৷ প্ৰণয়ন কৰা হ’ল দুখনকৈ কাৰ্বি ভাষাৰ পাঠ্যপুথি (Karbi MIL textbook)৷ কাৰ্বি লেংগুৱেজ ডেভলপমেণ্ট বোৰ্ডৰ এই উদ্যোগৰ শলাগ লৈছে ভিন্নজনে ৷

মেয়ৰ আৰু উপ মেয়ৰৰ নাম ঘোষণাৰ পাছত দেখা দিছে অসন্তুষ্টি

পৌৰ নিগমৰ নিৰ্বাচনী ফলাফলৰ (GMC election 2022) পাছতে মিত্রদলৰ পাৰিষদসকলৰ মাজত মেয়ৰ আৰু উপ মেয়ৰ বাচনিকলৈ অসন্তুষ্টি ৷ উপ মেয়ৰ পদটো বিচাৰিছিল অগপই। অসন্তুষ্টি ব্যক্ত কৰিলে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মিলিজুলি কৰিলে ভাল লাগিলহেঁতেন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ।

বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো দুৰ্ভাগ্যজনক : শংকৰজ্যোতি বৰুৱা

বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো অসমীয়াৰ লগত সংগতি নাই, এইয়া দুৰ্ভাগ্যজনক আখ্যা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ (Sankorjyoti Baruah terms Mud dance in bihu unfortunate ) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.