ETV Bharat / state

বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো দুৰ্ভাগ্যজনক : শংকৰজ্যোতি বৰুৱা

author img

By

Published : May 3, 2022, 9:38 PM IST

বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো অসমীয়াৰ লগত সংগতি নাই, এইয়া দুৰ্ভাগ্যজনক আখ্যা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ (Sankorjyoti Baruah terms Mud dance in bihu unfortunate ) ৷

aasu-general-secretary-sankorjyoti-baruah-terms-mud-dance-in-bihu-unfortunate
বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো দুৰ্ভাগ্যজনক : শংকৰজ্যোতি বৰুৱা

মৰাণ, 3 মে’ : বিহু অনুষ্ঠানত কিছু যুৱকে বোকাত লুতুৰি-পুতুৰি হৈ নৃত্য কৰা কাৰ্যক ৰাজ্যজুৰি সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Controversy over mud dance in Bihu programs) । ইয়াৰ পাছতে সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU general secretary Sankorjyoti Baruah) ।

বিহু অনুষ্ঠানত বোকা লৈ নাচ-বাগ কৰাটো দুৰ্ভাগ্যজনক : শংকৰজ্যোতি বৰুৱা

নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদীৰ লগতে শ্বহীদ স্মৃতি ভৱনটো শুভ উদ্বোধনৰ এক অনুষ্ঠানত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিহু মঞ্চ সমূহত এচাম উদণ্ড যুৱকে কৰা কৰ্মকাণ্ডৰ সন্দৰ্ভত প্ৰকাশ কৰিছে মন্তব্য (AASU general secretary reacts on mud dance in Bihu) ৷ এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে, বিহু অনুষ্ঠানত এচাম নৱপ্ৰজন্মৰ যুৱকে বোকাত লুতুৰি-পুতুৰি খাই নৃত্য কৰি বিহু সংস্কৃতিক বজৰুৱা কৰিছে । সংস্কৃতিৰ পৰিপন্থী এনে কাম-কাজে জাতিটোৰ বাবে অশনি সংকেত কঢ়িয়াই আনিব ।

ইয়াৰোপৰি তেওঁ কয়, বোকা লৈ নাচ-বাগ কৰাটো অসমীয়া জাতিৰ লগত সংগতি নাই ৷ এনে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি এই কাৰ্য বন্ধ কৰিবলৈ সকলোকে আহ্বান জনায় আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
লগতে পঢ়ক: 9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.