ETV Bharat / state

পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত মুকলিকৈ বহিল জুৱাৰ আড্ডা

author img

By

Published : May 3, 2022, 10:45 PM IST

বৰপেটা জিলাৰ কলগাছিয়া মুকলিকৈ বহিল জুৱাৰ আড্ডা (Open gambling in Barpeta) । কাণসাৰ নাই আৰক্ষী প্ৰশাসনৰ । শীঘ্ৰেই জুৱা খেলৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ৷

open-gambling-at-kalgachia-in-barpeta
পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত মুকলিকৈ বহিল জুৱাৰীৰ আড্ডা

বৰপেটা, 3 মে' : চৌদিশে কেৱল ঈদৰ আনন্দ ৷ কিন্তু এই আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে জুৱাৰ আড্ডা (Open gambling in Barpeta) ৷ আনকি বৰপেটা জিলাতো চলিছে জুৱাৰ আড্ডা (Gambling Case in Barpeta) ৷ পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াৰ কাউৰজাহি বেকী নদীৰ কাষত চলিল জুৱা খেল (Gambling Case at Kalgachia) ।

পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত মুকলিকৈ বহিল জুৱাৰীৰ আড্ডা

জানিব পৰা মতে, একাংশ লোকে বৰপেটা জিলাৰ কলগাছিয়াত এই সন্দৰ্ভত বাৰম্বাৰ আৰক্ষী তথা প্ৰশাসনক খবৰ দি আহিছিল যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ সেয়ে স্থানীয় লোকে সংবাদিকক এই বিষয়ে অৱগত কৰাত ৰাইজৰ অভিযোগৰ ভিত্তিত উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে জুৱাৰীসকলে দৌৰি পলায়ন কৰে ৷

কিন্তু অতি পৰিতাপৰ বিষয় যে জুৱাৰ বিৰুদ্ধে বাৰে বাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ।

কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে, জুৱাৰ বিৰুদ্ধে বাৰে বাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ । এতিয়া প্ৰশ্ন হয় যে যদি এনেদৰেই জুৱা খেল চলি থাকে তেন্তে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত ইয়াৰ কেনে প্ৰভাৱ পৰিব । সেয়ে ৰাইজে অতি শীঘ্ৰেই এই জুৱাখেল বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক : ডুমডুমাত উচ্ছেদ বহুকেইটা জুৱাৰ ঘাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.