ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 29, 2022, 1:06 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Pavel Antov death updates: ৰহস্যৰ আৱৰ্তত ৰাছিয়ান সাংসদ পাভেল এণ্টভৰ মৃত্যুৰ ঘটনা

ওড়িশাত দুজনকৈ ৰাছিয়ান পৰ্যটকৰ মৃত্যু হোৱা ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে ৷ ইতিমধ্যে দুয়োগৰাকীৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীৰ হাতত পৰিছেহি ৷ পাভেল এণ্টভৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হোৱাৰ বিপৰীতে ভ্লাদিমিৰ বিডেনভৰ হাৰ্ট এটেকত মৃত্যু হয় (Bidenov died of heart attack) ৷

Cattle syndicate : বিহালীত দুই সৰবৰাহকাৰীসহ ৩২ টাকৈ গৰু জব্দ

ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে গৰু ছিণ্ডিকেট চক্ৰ (Cattle syndicate in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে গৰু, ম'হ আদিৰ অবৈধভাৱে সৰবৰাহ হৈ আছে । ইফালে আৰক্ষী আৰু প্ৰশাসনো এই ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে কঠোৰ হৈছে । বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে বহু চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Leopard tranquilized : ডিব্ৰুগড়ত ট্ৰেংকুলাইজড কৰা হ’ল এটা নাহৰফুটুকীক

ডিব্ৰুগড়ত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান । এটা নিশা চেষ্টাৰ অন্তত বন বিভাগে ট্ৰেংকুলাইজড কৰিলে এটা নাহৰফুটুকীক (Leopard tranquilized in Dibrugarh)। বুধবাৰে সন্ধিয়া জনাঞ্চললৈ ওলাই আহিছিল এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ তাৰ পাচতে চহৰখনৰ ডিব্ৰুজান অঞ্চলৰ মুকিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰিছিল নাহৰফুটুকীটোৱে । নাহৰফুটুকীটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

Unique bike buyer: খুচুৰা পইচা গণি গণি ভাগৰিল ডিলাৰৰ কৰ্মচাৰী

মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিলে ডিব্ৰুগড়ৰ এজন যুৱকে । জিলাখনৰ চহৰীকটাৰ পলাশ দাস নামৰ যুৱকজনে খুচুৰা পইচাৰে ক্ৰয় কৰিলে এখন মটৰ চাইকেল (Youth purchased Bike by savings coins)। যুৱকজনৰ এখন মটৰ চাইকেল কিনিবলৈ দীৰ্ঘ দিনৰ পৰাই সপোন আছিল যদিও তেওঁৰ হাতত নাছিল ধন । সেয়েহে এটকা দুটকাকৈ সঞ্চয় কৰি যুৱকজনে পূৰণ কৰিলে তেওঁৰ সপোন (Unique bike buyer in Dibrugarh)।

Failure of Jal Jeevan Mission Scheme: আমগুৰিত বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ প্ৰতিবাদ

বাউলীপুখুৰী শেণচোৱা গাঁৱত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে একাংশ লোক । যাৰ বাবে খোৱাপানী বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে (Public protest at Amguri)। বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে পুখুৰীৰ পানী সেৱন কৰিছে ।

Illegal brick industry at Behali : বিহালীত ইটাভাটা মালিকৰ দৌৰাত্ম, নষ্ট শ শ বিঘা কৃষিভূমি

বিহালীত একাংশ ইটাভাটা মালিকৰ দৌৰাত্ম চলিছে । অবৈধভাৱে খনন কৰিছে শ শ বিঘা কৃষিভূমি (Illegally mined agricultural land at Behali)। প্ৰশাসন তথা বন বিভাগ নিমাত । চেৰেলীয়া শিয়ালমাৰিস্থিত MBF নামৰ ইটাভাটাৰ মালিকৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ ।

Stampede in Chandrababu's rally: চন্দ্ৰবাবু নাইডুৰ সভাত নিহতৰ পৰিয়াললৈ 10 লাখকৈ টকাৰ সাহায্য ঘোষণা

অন্ধ্ৰপ্ৰদেশত শোকাৱহ ঘটনা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমদলত অংশ ল’বলৈ আহি ঠেলা-হেঁচাত প্ৰাণ হেৰুৱালে আঠগৰাকীয়ে (Stampede in Andhra Pradesh) ৷ মৃতকলৈ তেলুগু দেশম পাৰ্টীৰ তৰফৰ পৰা 10 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা ৷

Protest at Moran Oil : থলুৱা সংস্থাপনৰ দাবীত মৰাণ অইলত স্থানীয় ৰাইজৰ প্ৰতিবাদ

মৰাণ অইলৰ ঠিকাভিত্তিক কামত স্থানীয় যুৱক-যুৱতীক সংস্থাপন নিদিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে মৰাণ অইলৰ মূল প্ৰৱেশদ্বাৰৰ অ' চি এছ আৰু জি চি এছৰ পথত বাঁহ বান্ধি পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে খুমটাই আলিমুৰা অঞ্চলৰ বহু পুৰুষ-মহিলাই (protest at Moran oil) । অঞ্চলটোৰ কোনো উন্নয়নমূলক কাম অইলে নকৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে পুৱাৰে পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰে (protest for development work in Moran) ।

New Liquor license in Assam: মদ খুৱাই নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা পাহৰাব বিচাৰিছে চৰকাৰে : কমলাক্ষ দে’ পুৰকায়স্থ

প্ৰতিশ্ৰুতি অনুসৰি বিজেপি চৰকাৰে চাকৰি প্ৰদান কৰিব নোৱাৰিলে ৷ চাকৰিৰ পৰিৱৰ্তে অসমৰ ল’ৰাৰ হাতত সুৰাৰ বটল দিছে চৰকাৰে (New Liquor license in Assam)৷ এই মন্তব্য কংগ্ৰেছ দলৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ ৷ অসম চৰকাৰে সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ সন্দৰ্ভত তেজপুৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

Deer Died on Road Accident : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত পহু

বৃহস্পতিবাৰে পুৱাই কলিয়াবৰৰ বৰুৱাচুকত সংঘটিত হয় এক অঘটন ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই বৰুৱাচুকত গাড়ীৰ খুন্দাত নিহত হয় এটা পহু (Deer Died on Road Accident at Kaliabor) ৷ ইতিমধ্যে জখলাবন্ধা খণ্ড বন বিষয়াই উক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে নিহত পহুটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.