Unique bike buyer: খুচুৰা পইচা গণি গণি ভাগৰিল ডিলাৰৰ কৰ্মচাৰী

By

Published : Dec 29, 2022, 10:24 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিলে ডিব্ৰুগড়ৰ এজন যুৱকে । জিলাখনৰ চহৰীকটাৰ পলাশ দাস নামৰ যুৱকজনে খুচুৰা পইচাৰে ক্ৰয় কৰিলে এখন মটৰ চাইকেল (Youth purchased Bike by savings coins)। যুৱকজনৰ এখন মটৰ চাইকেল কিনিবলৈ দীৰ্ঘ দিনৰ পৰাই সপোন আছিল যদিও তেওঁৰ হাতত নাছিল ধন । সেয়েহে এটকা দুটকাকৈ সঞ্চয় কৰি যুৱকজনে পূৰণ কৰিলে তেওঁৰ সপোন (Unique bike buyer in Dibrugarh)। এটকীয়া, দুটকীয়া,পাঁচ আৰু দহ টকাৰ খুচুৰা পইচা জমা কৰি সেই জমা পুঁজিৰে যুৱকজনে ক্ৰয় কৰিলে এখন মটৰ চাইকেল । তেওঁ ৩৫ হেজাৰ টকাৰ খুচুৰা পইচা ডিলাৰত জমা দি সংগ্ৰহ কৰিলে ৯৫ হাজাৰ টকাৰ মূল্যৰ এখন মটৰ চাইকেল ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.