ETV Bharat / bharat

Pavel Antov death updates: ৰহস্যৰ আৱৰ্তত ৰাছিয়ান সাংসদ পাভেল এণ্টভৰ মৃত্যুৰ ঘটনা

author img

By

Published : Dec 29, 2022, 11:36 AM IST

ওড়িশাত দুজনকৈ ৰাছিয়ান পৰ্যটকৰ মৃত্যু হোৱা ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে ৷ ইতিমধ্যে দুয়োগৰাকীৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীৰ হাতত পৰিছেহি ৷ পাভেল এণ্টভৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হোৱাৰ বিপৰীতে ভ্লাদিমিৰ বিডেনভৰ হাৰ্ট এটেকত মৃত্যু হয় (Bidenov died of heart attack) ৷

Pavel Antov death updates
ৰাছিয়ান সাংসদ পাভেল এণ্টভৰ মৃত্যু

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সমালোচক সাংসদ পাভেল এণ্ট’ভ আৰু তেওঁৰ বন্ধুৰ ওড়িশাত মৃত্যু হোৱা ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে ৷ এন্ট’ভৰ মৃত্যু হত্যা নে আত্মহত্যা তাক লৈও সন্দেহৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ চিকিৎসা কৰ্তৃপক্ষই ৰাছিয়াৰ সাংসদগৰাকীৰ আভ্যন্তৰীণ অংশ সংৰক্ষণ কৰা নাই যদিও আৰক্ষীয়ে এতিয়াও ইয়াক আত্মহত্যা নে হত্যা সেই কথা স্পষ্ট কৰা নাই (Putin critic Antov died of internal injuries) ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, সাংসদগৰাকীৰ আভ্যন্তৰীণ আঘাতৰ বাবে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ সহযাত্ৰীগৰাকীয়ে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় ( Pavel Antov death updates)। ২৫ ডিচেম্বৰত তৃতীয় মহলাৰ পৰা জপিওৱাৰ পিচত ৰায়াগাডাত তেওঁ বাহৰ পাতি থকা হোটেলখনৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ হৈছিল এণ্টভক ৷ তেওঁৰ মৃত্যুৰ মাত্ৰ তিনিদিন পূৰ্বে তেওঁৰ সহযাত্ৰী ভ্লাদিমিৰ বিডেনভৰ হাৰ্ট এটেক হৈ মৃত্যু হৈছিল (Bidenov died of heart attack) ।

ৰায়গাডাৰ মুখ্য জিলা চিকিৎসা বিষয়া ডাঃ লালমোহন ৰৌট্ৰাইয়ে জনোৱা মতে, জিলা মুখ্য কাৰ্যালয় চিকিৎসালয়ত ২৪ ডিচেম্বৰত ভ্লাদিমিৰ বিডেনভৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচত ২৬ ডিচেম্বৰত পাভেল এণ্টোভৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল । আমোদজনক কথাটো হ’ল বিডেনভৰ আভ্যন্তৰীণ অংশ সংৰক্ষিত হৈ থকাৰ বিপৰীতে এন্ট’ভৰ আভ্যন্তৰীণ অংশ সংৰক্ষণ কৰা হোৱা নাই বুলি চিডিএমঅ’ই জনায় (Russians dead in Bhubaneshwar) ।

হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু পাচনযন্ত্ৰ, নিষ্কাশন আৰু প্ৰজনন তন্ত্ৰৰ অংগকে ধৰি শৰীৰৰ কোমল আভ্যন্তৰীণ অংগ সমূহ সাধাৰণতে মৃত্যুৰ কাৰণ অজ্ঞাত হ’লে বা কোনো সন্দেহ থাকিলে সংৰক্ষণ কৰা হয় ।

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীক দাখিল কৰা হৈছে বুলি ৰৌট্ৰাইয়ে জানিবলৈ দিয়ে । ভুৱনেশ্বৰৰ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব বিডেনভৰ আভ্যন্তৰীণ অংশ । ইফালে, আন দুগৰাকী সহযাত্ৰী পানছাচেংকো নাটালিয়া (৪৪) আৰু টুৰভ মিখাইল (৬৪)ক ৰাজ্য এৰি নাযাবলৈ কোৱা হৈছে ।

মঙলবাৰে নিশা আৰু বুধবাৰে পুৱা ভুৱনেশ্বৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত গোটটোৰ ট্যুৰ গাইডৰ সৈতে দুয়োকে জেৰা কৰা হয় । মঙলবাৰে ওড়িশাৰ ডিজিপি সুনীল কুমাৰ বংশালে এই গোচৰৰ চিআইডি তদন্তৰ নিৰ্দেশ দিয়ে । এই গোচৰৰ তদন্তৰ বাবে ডি এছ পি তপন কুমাৰ দশৰ নেতৃত্বত পাঁচজন বিষয়াৰ এটা ক্ৰাইম ব্ৰাঞ্চ টিম গঠন কৰা হয় (two Russian tourists died under mysterious)।

দলটোৱে ৰায়গাড়া জিলা আৰক্ষীৰ সৈতে যোগাযোগ কৰি সকলো প্ৰাসংগিক চিকিৎসা আৰু আৰক্ষীৰ কাগজ-পত্ৰ আৰু ফটো সংগ্ৰহ কৰে । ৰাছিয়ান নাগৰিক দুগৰাকীক জেৰা কৰাৰ উপৰিও তদন্তকাৰী দলটোৱে পৰ্যটক গোটটোৰ লগত থকা আৰু ওড়িশা ভ্ৰমণৰ সময়ত তেওঁলোকক পথ প্ৰদৰ্শন কৰা দোভাষী জিতেন্দ্ৰ সিঙকো জেৰা কৰে ।

তদন্তকাৰী দলে ওড়িশাত পৰ্যটক কেইজনে ব্যৱহাৰ কৰি থকা ইনোভা গাড়ীখনৰ চালক নাটোৱৰ মহন্তকো সোধা-পোছা কৰে (Russian tourist postmortem report reveals)।

পুটিনৰ সমালোচক আৰু বহু কোটিপতি সাংসদ এণ্ট’ভৰ সহযাত্ৰীৰ মৃত্যুৱে তেওঁকজোকাৰি গৈছিল আৰু সেয়েহে তেওঁ আত্মহনন কৰা বুলি অভিযোগ উঠিছে । অৱশ্যে তদন্ত চলি থকাৰ সময়ত এয়া হত্যাকাণ্ডও হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে । ২২ ডিচেম্বৰত অসুস্থতাৰ মাজতেই চিকিৎসালয়ত মৃত্যু হয় এণ্ট’ভৰ সহযাত্ৰী ভ্লাদিমিৰ বিডেনভৰ ।

দুয়োজনেই এণ্ট’ভৰ ৬৬ সংখ্যক জন্মদিন উদযাপনৰ বাবে ৰায়গাডালৈ আহিছিল । তেওঁলোকৰ লগত আছিল আৰু দুজন বন্ধু, মিখাইল টুৰভ আৰু নাটালিয়া পানাচেংকো । যোৱা ২১ ডিচেম্বৰত কান্ধমাল জিলাৰ এটা পাহাৰীয়া ষ্টেচন দাৰিংগিবাডীত উপস্থিত হোৱাৰ পূৰ্বে চাৰিওজনে ৰায়গাড়া অভিমুখে গৈছিল ।

তদন্তকাৰী বিষয়াসকলৰ মতে, বিডেনভ আৰু এণ্ট’ভে ৰায়াগাডা চহৰৰ চাই ইণ্টাৰনেশ্যনেল হোটেলত এটা কোঠাত একেলগে আছিল ৷ আনহাতে, তেওঁলোকৰ বন্ধু দুজন আন এটা কোঠাত আছিল । পিছদিনা ৰাতিপুৱা বিডেনভ অসুস্থ হৈ পৰাত তেওঁক ৰায়গাডা জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক মৃত ঘোষণা কৰা হয় । এই সন্দৰ্ভত আৰক্ষীয়ে নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসক অৱগত কৰে । শনিবাৰে স্থানীয় শ্মশানস্থলীত আৰক্ষীয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

বিশেষকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এবাৰ মুকলিকৈ সমালোচনা কৰাৰ পটভূমিৰ প্ৰতি লক্ষ্য ৰাখি তদন্তকাৰী বিষয়াসকলে এতিয়াও এণ্টভৰ মৃত্যু সন্দৰ্ভত হত্যাৰ সম্ভাৱনাক নস্যাৎ কৰা নাই । ২০২২ চনৰ জুন মাহত এন্টভে কিয়ভৰ শ্বেভচেনকিভস্কি জিলাৰ এটা আৱাসিক ব্লকত ৰাছিয়াই কৰা মিছাইল আক্ৰমণৰ সমালোচনা কৰা বুলি অভিযোগ উঠিছে ৷ য’ত এজন লোকৰ মৃত্যু হৈছিল আৰু তেওঁৰ সাত বছৰীয়া কন্যা আৰু তেওঁৰ মাতৃ আহত হৈছিল ।

বাতৰি অনুসৰি এণ্টভৰ হোৱাটছএপ একাউণ্টত এটা মেছেজত লিখা আছিল, ‘‘এই সকলোবোৰক আতংকৰ বাহিৰে আন একো বুলি কোৱাটো অত্যন্ত কঠিন’’ । পিছত এই বাৰ্তাটো ডিলিট কৰা হয় আৰু আণ্টোভে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে যে, তেওঁ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সমৰ্থক আৰু যুদ্ধৰ সমৰ্থন কৰে । তেওঁ দাবী কৰে যে, হোৱাটছএপৰ বাৰ্তাটো আহিছে “যিজনৰ ইউক্ৰেইনৰ বিশেষ সামৰিক অভিযানৰ ওপৰত মতামত তেওঁৰ তীব্ৰ মতানৈক্য আছিল আৰু ভুলবশতঃ তেওঁৰ মেচেঞ্জাৰত পোষ্ট কৰা হৈছিল”।

পাভেল এণ্ট’ভ আছিল মাংস প্ৰক্ৰিয়াকৰণ কাৰখানা ভ্লাদিমিৰ ষ্টেণ্ডাৰ্ডৰ প্ৰতিষ্ঠাপক । ২০১৯ চনত ফৰ্বছে তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৪০ মিলিয়ন ডলাৰ বুলি অনুমান কৰিছিল, কাৰণ তেওঁৰ নাম ৰাছিয়াৰ আটাইতকৈ ধনী সাংসদসকলৰ ভিতৰত গণ্য কৰা হৈছিল ।

লগতে পঢ়ক: Stampede in Chandrababu's rally: চন্দ্ৰবাবু নাইডুৰ সভাত নিহতৰ পৰিয়াললৈ 10 লাখকৈ টকাৰ সাহায্য ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.