ETV Bharat / bharat

Stampede in Chandrababu's rally: চন্দ্ৰবাবু নাইডুৰ সভাত নিহতৰ পৰিয়াললৈ 10 লাখকৈ টকাৰ সাহায্য ঘোষণা

author img

By

Published : Dec 29, 2022, 9:26 AM IST

Stampede in Chandrababu's rally
চন্দ্ৰবাবু নাইডুৰ সমাবেশত নিহত সমৰ্থক

অন্ধ্ৰপ্ৰদেশত শোকাৱহ ঘটনা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমদলত অংশ ল’বলৈ আহি ঠেলা-হেঁচাত প্ৰাণ হেৰুৱালে আঠগৰাকীয়ে (Stampede in Andhra Pradesh) ৷ মৃতকলৈ তেলুগু দেশম পাৰ্টীৰ তৰফৰ পৰা 10 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা ৷

নিউজ ডেস্ক, 29 ডিচেম্বৰ: বুধবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ নেল্লুৰ জিলাৰ কাণ্ডুকুৰ অঞ্চলত তেলুগু দেশম পাৰ্টীৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ এক সমদলত দুগৰাকী মহিলাসহ কমেও 8 জন লোকৰ মৃত্যু হয় (Stampede in Andhra Pradesh)। তাৰোপৰি আন পাঁচজন গুৰুতৰভাৱে আহত হয় এই সমদলত । চন্দ্ৰবাবু নাইডুৰ সমাৱেশত দলীয় কৰ্মী আৰু সমৰ্থকসকলৰ বৃহৎ সংখ্যক লোকৰ সমাগম ঘটিছিল ।

কান্দুকুৰ চহৰৰ এন টি আৰ চক্ৰত উপস্থিত হৈ লোকসকলে চন্দ্ৰবাবু নাইডুৰ ৰাজহুৱা সভালৈ অপেক্ষা কৰি থকাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হয় । ইফালে চন্দ্ৰবাবু নাইডুৰ কনভয়ৰ পিছে পিছে দলৰ সমৰ্থকৰ আন এক বিশাল সমদল সেই স্থানলৈ আহে । ইয়াৰ ফলত গুণ্ডামকট্টা বীধি পথত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয় (Chandrababu Naidu rally) ।

ঠেলা-হেঁচাত বহুতেই পথৰ দাঁতিত ৰখাই থোৱা বাইক আৰু স্কুটাৰত পৰি যায় । আন কিছুমান লোক এজনৰ ওপৰত আন এজন বাগৰি পৰে ৷ যাৰ ফলত তেওঁলোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে (8 dead in stampede at Chandrababus rally) । চন্দ্ৰবাবুৱে ভাষণ আৰম্ভ কৰাৰ কেইমিনিটমানৰ ভিতৰতে এই ঘটনা সংঘটিত হয় । আৰম্ভণিৰে পৰাই তেলুগু দেশম পাৰ্টীৰ মুৰব্বীগৰাকীয়ে ৰাইজক অতি উত্তেজিত নহ’বলৈ সকীয়াই দি আহিছিল আৰু কৰ্মীসকলক তাত থকা ফ্লেক্সিছৰ খুঁটাত উঠি নাযাবলৈ আহ্বান জনাইছিল ।

এই ঠেলা-হেঁচাত আন একাংশ কৰ্মী পথৰ কাষৰ নলাত পৰি আঘাতপ্ৰাপ্ত হৈছে । সমগ্ৰ ঘটনাৰ স্থান বিশৃংখল হৈ পৰা পৰিলক্ষিত হয় । ততাতৈয়াকৈ আহত লোকসকলক চহৰখনৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাত 13 জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

অচেতন অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা ৮ জনৰ মৃত্যু হোৱা বুলি চিকিৎসকে নিশ্চিত কৰে । নিহত লোকসকলৰ নাম আম্মাভাৰিপলেমৰ বাসিন্দা চিনাকোণ্ডাইয়া (বয়স ৫২ বছৰ), গুল্লাপালেমৰ বাসিন্দা পুৰুষোত্তম, গুৰৰামৱৰীপালেমৰ বাসিন্দা কাকুমণি ৰাজা, আত্মাকুৰুৰ বাসিন্দা দেৱীনেনী ৰবীন্দ্ৰবাবু, অৰুগুসেনুপালেমৰ বাসিন্দা য়াকাশিৰি বিজয়া, কান্দুকুৰ নিবাসী ইদুমুৰি ৰাজেশ্বৰী, কণ্ডামুডুছুৰ বাসিন্দা কালাভাকুৰি ইয়ানাদি আৰু ওগুৰুৰ বাসিন্দা গাদ্দা মধুবাবু । এই ঘটনাত গুৰুতৰভাৱে আহত আন পাঁচজন লোক চিকিৎসাধীন হৈ আছে ।

ঘটনাৰ পিছতে চন্দ্ৰবাবু নাইডুৱে ভাষণ বন্ধ কৰি নিজৰ দলৰ নেতাসকলক ঠেলা-হেঁচাত হতা-হত হোৱা লোকসকলৰ যত্ন ল’বলৈ নিৰ্দেশ দিয়ে । তেওঁ চিকিৎসালয়লৈ ফোন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয় । ইতিমধ্যে তেলুগু দেশম পাৰ্টীৰ তৰফৰ পৰা প্ৰতিটো পৰিয়াললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে । দলৰ হৈ মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰো ব্যৱস্থা কৰা হৈছে । ইয়াৰ লগতে এন টি আৰ ট্ৰাষ্টৰ শিক্ষানুষ্ঠানত মৃতকৰ সন্তানক শিক্ষাদানৰ সুবিধা প্ৰদান হ’ব বুলিও নাইডুৱে সংবাদ মাধ্যমৰ আগত কয় ।

লগতে পঢ়ক: Indiscriminate assault by husband: সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন পাষাণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.