ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 26, 2022, 8:58 AM IST

TOP 10 AT 9AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

ধেমাজিত উৎকোচ লৈ হাতে লুটে ধৰা পৰিল পৰিবহণ বিভাগৰ কৰ্মচাৰী

ধেমাজিত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পৰিবহণ বিভাগৰ কৰ্মচাৰী (Vigilance and Anti Corruption Branch operation) ৷ ১২ হাজাৰ টকাৰ উৎকোচ লৈ হাতে লুটে ধৰা পৰে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী গোবিন বৰদলৈ ৷

অত্যাধিক গৰমৰ বাবে গোলাঘাটৰ চাৰিখন বিদ্যালয়ৰ প্ৰায় চল্লিশ গৰাকী শিক্ষাৰ্থী অসুস্থ

অত্যাধিক গৰমে জ্বলাকলা দেখুৱাইছে ৰাজ্যবাসীক ৷ বিশেষকৈ বৃদ্ধ আৰু শিশুসকলৰ বাবে গৰম হৈ পৰিছে অধিক যন্ত্ৰণাদায়ক ৷ শেহতীয়াকৈ অধিক গৰমৰ বাবে গোলাঘাট জিলাৰ ৰঙাগড়াৰ চাৰিখন বিদ্যালয়ৰ প্ৰায় চল্লিশগৰাকী শিক্ষাৰ্থী অসুস্থ হোৱাৰ উদ্বেগজনক খবৰ পোহৰলৈ আহিছে ৷ আগন্তুক 6 দিনলৈ বিদ্যালয় বন্ধ কৰিবৰ বাবে আহ্বান অভিভাৱকৰ (About 40 students of four schools fallen ill at Rangagara )৷

ধৰ্ষণ কৰি হত্যা কৰা হৈছিল নেকি সোণালী ফোগাটক, মৰোণোত্তৰ পৰীক্ষাত বিস্ফোৰক তথ্য

সোণালী ফোগাটৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতেই ভাতৃ ৰিংকুৰ বিস্ফোৰক মন্তব্য (Postmortem report reveals Sonali death case)৷ হত্যা কৰি ধৰ্ষণ কৰা হৈছিল সোণালীক (Was Sonali Phogat raped and murdered) ৷

অলপতে সংঘটিত চাইদুল হত্যাকাণ্ডক লৈ হোজাইৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল

মোৰাঝাৰৰ চাইদুল হত্যাকাণ্ডক লৈ বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই (Hojai SP Press conference on saidul muder case)৷ ইতিমধ্যে চাইদুল হত্যাকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে (saidul muder case)৷ হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেনিফা বেগম আৰু হিফজুৰ ৰহমান (Two accused arrested) নামৰ দুই ব্যক্তিক ৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ হ’ব পাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য

লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ হ’ব কেন্দ্ৰীয় শাসিত ৰাজ্য(Cooch Behar To Become Union Territory) ! অসম আৰু পশ্চিমবংগৰ চৈধ্যখনকৈ জিলাক সামৰি লৈ কোচবিহাৰ হ’ব কেন্দ্ৰীয় শাসিত ৰাজ্য ৷ কোচবিহাৰৰ মহাৰাজ অনন্ত ৰায়ৰ মহাবিস্ফোৰণৰ পিছতেই বিৰূপ প্ৰতিক্ৰিয়া ৷

মিছামাৰীত পুত্ৰৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ

শোণিতপুৰ জিলাৰ মিছামাৰীত যোৱা ২৩ আগষ্টত উদ্ধাৰ হৈছিল এটা মৃতদেহ (Misamari murder case)। নিশাৰ ভাগত পৱন কুৰ্মী (৩৫) নামৰ বিবাহিত লোকজনক প্ৰথম অৱস্থাত কোনো অচিনাক্ত লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল মিছামাৰী আৰক্ষীয়ে (Father kills son) । কিন্তু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য । পুত্ৰৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি নিশা কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ কথা অকপটে স্বীকাৰ কৰে পিতৃ পৰশুৰাম কুৰ্মীয়ে।

এটা ফেচবুক পোষ্টৰ বাবে সমাজে এঘৰীয়া কৰিলে মহিলাক

অতি সাধাৰণ এটা অজুহাত দেখুৱাই সমাজে এঘৰীয়া কৰা বোৱাৰীগৰাকীৰ নাম ববিতা ভৰালী (Woman expelled from society for a Facebook post)৷ যোৱা ১০ আগষ্টত মঙলদৈত জাতি-ভেদৰ নামত ঘটি যোৱা হৃদয় বিদাৰক ঘটনাটোৰ সন্দৰ্ভত ১২ আগষ্টত এটা ফেচবুক পোষ্ট দিছিল ববিতাই ৷ ‘‘মানুহবোৰ হেৰাই গৈ আছে আৰু উপাধিবোৰ ৰৈ গৈছে’’ বুলি লিখি কিছু মনৰ কথা সামাজিক মাধ্যমত বিৱৰি লিখিছিল তেওঁ ।

নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

মাধ্যম বিতৰ্ক অব্যাহত থকাৰ সময়তে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ । ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে (Government schools will be closed in Assam)। একত্ৰীকৰণৰ জৰিয়তে বন্ধ হ’বলগীয়া শিক্ষানুষ্ঠানসমূহৰ প্ৰস্তাৱ সন্দৰ্ভত কৰি থকা হৈছে পৰ্যালোচনা । মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল প্ৰদৰ্শন কৰা ১৫ খন জিলাৰ ৩৪ খন হাইস্কুল আৰু হাইমাদ্ৰাছা বন্ধ কৰাৰ বাবে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে (Poor result school to close) । চৰকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ।

দুগৰাকী মাতৃৰ মৃত্যুৰ জীয়া কাহিনী

দুটা মৃত্যুৰ ঘটনা ক’ম আপোনালোকক ৷ যি দুটা ঘটনাই আপোনালোকক আচৰিত কৰি তুলিব (Story of death)৷ দুয়োটা ঘটনা জানিলে আপোনালোকে হয়তো ভাবিব যে, ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে মানুহ ?

চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলাত স্বাস্থ্য পৰীক্ষা, চিকিৎসাৰ নামত চলিয়েই আছে ব্যৱসায় (Mediacal terrorism in Nagaon)। ৰোগীৰ জীৱনক লৈ হেতালি ব্যক্তিগত নাৰ্ছিং হোম লেবেৰেটৰীৰ । পৃথক লেবেৰেটৰীত স্বাস্থ্য পৰীক্ষাৰ ৰিপ'ৰ্ট হয় পৃথক (Health report scam in Nagaon) । নীৰৱ নগাঁও স্বাস্থ্য বিভাগ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.