ETV Bharat / bharat

দুগৰাকী মাতৃৰ মৃত্যুৰ জীয়া কাহিনী

author img

By

Published : Aug 25, 2022, 9:19 PM IST

Updated : Aug 25, 2022, 11:01 PM IST

দুটা মৃত্যুৰ ঘটনা ক’ম আপোনালোকক ৷ যি দুটা ঘটনাই আপোনালোকক আচৰিত কৰি তুলিব (Story of death)৷ দুয়োটা ঘটনা জানিলে আপোনালোকে হয়তো ভাবিব যে, ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে মানুহ ?

A story of natural and unnatural death
A story of natural and unnatural death

নিউজ ডেস্ক, 25 আগষ্ট: মৃত্যু কেতিয়া আহে কোনেও ক’ব নোৱাৰে ৷ মৃত্যুৰ পূৰ্বানুমান কৰাতো মুঠেও সহজ নহয় ৷ ৰোগ বা আঘাতত কাতৰ হৈ চটফটাই থকা কাৰোবাক দেখি আপুনি হয়তো মনতে ভাবিব পাৰে যে কিছু সময়ৰ পাচতে তেওঁ মৰিব ৷ কিন্তু সেয়া নিশ্চিতভাৱে কৈ দিব কোনেও নোৱাৰে ৷ স্বাভাৱিক আৰু অস্বাভাৱিক মৃত্যুৰ এনে দুটা ঘটনা আপোনালোকলৈ আগবঢ়ালো (Story of death) ৷

কেৰালাত জন্মদাত্ৰী মাতৃক বিহ খুৱাই হত্যা কৰিলে কন্যাই (Daughter killed Mother)৷ ৰাজ্যখনৰ কুন্নামকুলামত সংঘটিত হৈছে এই নাৰকীয় ঘটনা ৷ অভিযোগ মতে, ইন্দুলেখা নামৰ মহিলাগৰাকীয়ে সম্পত্তিৰ বাবে প্ৰায়েই পিতৃ-মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ সেয়ে বাটৰ হেঙাৰ আঁতৰাবলৈ চাহত নিগনি মৰা ঔষধ মিহলাই পিতৃ-মাতৃক খাবলৈ দিছিল ইন্দুৱে ৷ দেউতাকে কিবা কাৰণত চাহখিনি খোৱা নাছিল যদিও ইন্দুৰ মাতৃয়ে সেই চাহ গ্ৰহণ কৰে ৷ তাৰ পাচতেই অসুস্থ হৈ পৰে ইন্দুৰ মাতৃ (Kerala girl killed mother for property) ৷

অসুস্থ মাতৃক নিজেই হাস্পতাললৈও লৈ যায় ইন্দুৱে ৷ খাদ্যৰ বিষক্ৰিয়াৰ বাবে মাক অসুস্থ হোৱা বুলি চিকিৎসকে জনায় ৷ চিকিৎসাধীন অৱস্থাতে ইন্দুৰ মাতৃৰ মৃত্যু হয় আৰু মৰণোত্তৰ পৰীক্ষাত তেওঁৰ দেহত এন্দুৰ মৰা দৰৱৰ অৱস্থিতি ধৰা পৰে (Killing with poison)৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে ইন্দুৰ পিতৃৰ মনত সন্দেহৰ সৃষ্টি কৰে ৷ তেওঁ ইন্দুৰ আচৰণ আৰু সঘনাই হৈ থকা সম্পত্তিকেন্দ্ৰিক সংঘাতৰ কথা আৰক্ষীক জনায় ৷

ইয়াৰ পিছতে আৰক্ষীয়ে ইন্দুলেখাক সোধা-পোছা কৰে আৰু তেওঁ অপৰাধ সংঘটিত কৰা বুলি স্বীকাৰ কৰে (Indulekha killed her mother)।

ইন্দুৱে আৰক্ষীক কয় যে তেওঁ মাক-দেউতাক দুয়োকে আঁতৰ কৰিব বিচাৰে যাতে নিজে তেওঁলোকৰ সম্পত্তিসমূহ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে । ইন্দুলেখাৰ ৮ লাখ টকাৰ ঋণ আছিল আৰু সেয়ে সম্পত্তিৰ বাবে মাক-দেউতাকৰ লগত সদায় কাজিয়া কৰিছিল । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত ইন্দুৱে কিছুদিনৰ পৰা পিতৃ-মাতৃক দিয়া খাদ্যত টেবলেট মিহলাই আছিল । ইন্দুলেখাৰ কম্পিউটাৰৰ পৰাও আৰক্ষীয়ে উদ্ধাৰ কৰিছে মানৱ শৰীৰত মাৰাত্মক প্ৰভাৱ পেলোৱা বিহৰ সন্ধান কৰাৰ তথ্য ।

এইবাৰ কেৰালাৰে আন এগৰাকী মাতৃৰ কথা কওঁ ৷ 95 বছৰীয়া এইগৰাকী মহিলাক হাঁহি হাঁহি শেষ বিদায় দিলে পৰিয়ালৰ লোকে ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন ফটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ফটোখনত দেখা গৈছে যে এটা কফিনক আৱৰি হাঁহি মুখেৰে ফটোৰ বাবে প’জ দিছে একাংশ লোকে (family bid farewell to old lady with smiles) ৷ সকলোৰে মুখত প্ৰশান্তিৰ চিন ৷ কফিনটোত নীৰৱে শুই থকা মৃতদেহটো এগৰাকী 95 বছৰীয়া মহিলাৰ ৷ তেওঁ ফটোত থকা সকলৰ কাৰোবাৰ মাতৃ আৰু কাৰোবাৰ আইতাক ৷

আপোনালোকে হয়তো ভাবিব পাৰে যে, ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে ? কেনেকৈ আত্মীয়ৰ মৃত্যুত এইদৰে হাঁহি হাঁহি প’জ দিব পাৰে ফটোৰ বাবে ? তাৰো কাৰণ আছে ৷

কেৰালাৰ মালাপল্লী নামৰ গাঁওখনৰ নিবাসী মাৰিয়াম্মা নামৰ বৃদ্ধাগৰাকীৰ আছিল 9 টি সন্তান আৰু 19 গৰাকী নাতি-নাতিনী ৷ তেওঁলোকে পৃথিৱীৰ বিভিন্ন ঠাইত বাস কৰে ৷ সাধাৰণতে কি হয়, পৰিয়ালৰ কাৰোবাৰ মৃত্যু হ’লে শেষৰ সময়কণত কেতিয়াবা দূৰৈত থকা সদস্য সকলে সি লাগিলে সন্তানেই নহওক কিয় উপস্থিত হ’বগৈ নোৱাৰে ৷ কিন্তু মাৰিয়াম্মাৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত হ’ল ৷ মৃত্যুৰ পূৰ্বে পৰিয়ালৰ আটাইকে কাষত পালে 95 বছৰীয়া বৃদ্ধাগৰাকীয়ে ৷ এই ক্ষেত্ৰত মাৰিয়াম্মা বা তেওঁৰ সন্তান আৰু নাতি-নাতিনী সকলোকে আপুনি ভাগ্যৱান বুলিবও পাৰে ৷

এই বিশেষ ফটোখনত উপস্থিত আছে কেৰালাৰ শিক্ষামন্ত্ৰী ভি শিৱনকুট্টিও ৷ পৰিয়ালটিৰ অতি আপোন ভি শিৱনকুট্টিয়ে ফেচবুকযোগে ফটোখনৰ সন্দৰ্ভত কাকো বিতৰ্কিত মন্তব্য নকৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, আপোনজনৰ মৃত্যু কাৰ বাবেনো বেদনাদায়ক নহয়, কিন্তু জীৱনৰ শেষ সময়কণত তেওঁলোকৰ বাবে অন্তিম উপহাৰ চকুলোৰ পৰিৱৰ্তে হাঁহি হোৱা উচিত ৷

কেৰালাতে সংঘটিত এই দুয়োটা পৃথক ঘটনাই হয়তো আপোনাকো আচৰিত কৰি তুলিছে ৷ এফালে সম্পত্তিৰ লোভত নিজ মাতৃক বিহপান কৰালে এগৰাকী কন্যাই আৰু আনফালে হাঁহি হাঁহি 95 বছৰীয়া মাৰিয়াম্মাক শেষ বিদায় দিলে পৰিয়ালৰ সদস্যই ৷ সেয়ে হয়তো কোৱা হয় মৃত্যুও এক শিল্প...

লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মানৰে জিলিকিল অসমৰ মিনাক্ষী গোস্বামী

Last Updated :Aug 25, 2022, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.